ETV Bharat / state

অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়কৰ বিৰোধিতা এআইইউডিএফৰ - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:19 AM IST

Assam Land and Revenue Regulation Bill : অসম বিধানসভা চলিত অধিৱেশন বৃহস্পতিবাৰে অসম ভূমি আৰু ৰাজহৰ পৰিসৰ আৰু নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) আইন, ২০২৪ বিধেয়ক গৃহীত হয় । ২৫০ বছৰ পুৰণি ঐতিহ্যক্ষেত্ৰ, ধৰ্মীয় স্থান আদিৰ চাৰিওফালে ৫ কিলোমিটাৰৰ ভিতৰৰ অঞ্চলক সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে । এআইইউডিএফয়ে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে ।

Assam Land and Revenue Regulation Bill
অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়কৰ বিৰোধিতা এআইইউডিএফৰ (ETV Bharat)

গুৱাহাটী, ৩০ আগষ্ট : বিৰোধী আৰু শাসক পক্ষৰ‌ বাক বিতণ্ডাৰ মাজেৰে বৃহস্পতিবাৰে অসম বিধানসভাত অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) আইন, ২০২৪ বিধেয়ক (Assam Land and Revenue extent and Regulation (Second Amendment) Act, 2024) গৃহীত কৰা হয় ।

  • এ আই ইউ ডি এফৰ বিৰোধিতা

এই বিধেয়কখনৰ একাংশ দফা বিৰোধিতা কৰি বিধানসভাৰ‌ বাহিৰত সাংবাদিকক সম্বোধন কৰি এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয়, "বিধেয়কখনৰ জৰিয়তে মাজুলীক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই । মন্দিৰ বা নামঘৰৰ (মঠ) দৰে প্ৰতিষ্ঠিত গাঁথনিৰ চাৰিওফালে ৫ কিলোমিটাৰৰ ভিতৰত সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে আৰু এনে অঞ্চলৰ ভূমি কেৱল তিনি প্ৰজন্ম বা তাতকৈ অধিক সময় ধৰি বাস কৰা পৰিয়ালসমূহৰ মাজতহে ক্ৰয় বা বিক্ৰী কৰিব পাৰিব । এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিছো । এয়া সংবিধান বিৰোধী কথা ।"

  • অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক

উল্লেখ্য যে এই বিধেয়কখন মঙলবাৰে অসম চৰকাৰে উত্থাপন কৰিছিল । মঙলবাৰে বিধানসভাত দাখিল কৰা বিধেয়ক অসম ভূমি আৰু ৰাজহৰ পৰিসৰ আৰু নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) আইন, ২০২৪ত প্ৰতিষ্ঠিত ঐতিহ্য প্ৰতিষ্ঠানৰ অৰ্থ হৈছে "প্ৰত্নতাত্বিক বা ঐতিহাসিক বা নান্দনিক বা সাংস্কৃতিক গুৰুত্ব থকা প্ৰতিষ্ঠান, ভৱন, শিল্পকলা বা গাঁথনি যিবোৰ ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় নৈতিকতাৰ প্ৰতিফলন আৰু কমেও ২৫০ বছৰ পুৰণি, প্ৰতিষ্ঠিত ঐতিহ্য প্ৰতিষ্ঠানৰ ভূখণ্ড" সুৰক্ষিত অঞ্চল হিচাপে প্ৰতিষ্ঠিত, ঐতিহ্য প্ৰতিষ্ঠানসমূহক আগুৰি থকা ৫ কিলোমিটাৰ সীমাৰ ভিতৰত ভৌগোলিক অঞ্চলত বাহিৰৰ মানুহে মাটি ক্ৰয় কৰিব নোৱাৰিব ।

ইফালে এ আই ইউ ডি এফৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয়, "ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ১০ অনুচ্ছেদত স্পষ্টকৈ লিখা আছে ট্ৰাইবেল বেল্ট সংৰক্ষণ কৰিব ‌লাগে । কিন্তু বিজেপি চৰকাৰে শেনক দেখি ৰন্ধা বঢ়া শেনক দেখি দুৱাৰ মৰা দৰে‌ কৰিছে । অশোক সিংহলে কেনেদৰে মিৰ্জা, পলাশবাৰী আদি ট্ৰাইবেল বেল্টৰ বিভিন্ন স্থানত মাটি ক্ৰয় কৰিছে ? ৰাকেশ গোৱেংকাই কেনেকৈ সোণাপুৰৰ ট্ৰাইবেল বেল্ট এলেকাত মাটি ক্ৰয় কৰিছে ? এইবোৰ কওঁতে আমাক কিয় হিন্দু-মুছলমান কৰা বুলি কয় ? আচলতে ট্ৰাইবেল ভূমি সংৰক্ষণ কৰাৰ নামত ইয়াৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ চেষ্টা কৰিছে ।"

লগতে পঢ়ক :বিধানসভাত গৃহীত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ অধিনিয়ম 2024: হেৰিটেজ বেল্টত বৰপেটা-বৰদোৱা - Assam assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.