ETV Bharat / state

আস্থা হেৰুৱাইছে এ আই ইউ ডি এফৰ নেতাসকলে; নেতা সলনিৰ ইংগিত বদৰুদ্দিন আজমলৰ - AIUDF Chief Badaruddin Ajmal

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 2:20 PM IST

Badaruddin Ajmal on AIUDF: যোগীঘোপাত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য । লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচত দলৰ নেতৃত্ব সলনিৰ ইংগিত ।

Badaruddin Ajmal on AIUDF
নেতা সলনিৰ ইংগিত বদৰুদ্দিন আজমলৰ (ETV Bharat Assam)

গোৱালপাৰা, ১২ জুলাই : লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিচতে একপ্ৰকাৰ নিষ্প্ৰভ হৈ পৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । আনহাতে, প্ৰায় নিষ্ক্ৰিয় হৈ পৰিছে দল তথা ইয়াৰ নেতা-কৰ্মীসকল । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দলটোৰ শোচনীয় প্ৰদৰ্শন সন্দৰ্ভত দলটোৰ মজিয়াৰ পৰা কোনোধৰণৰ স্পষ্টীকৰণ বা বিশ্লেষণ আগবঢ়োৱা নাই যদিও দলীয় নেতাসকলৰ মাজত এক প্ৰকাৰ অচলাৱস্থাই দেখা দিছে । তাৰ মাজতে দলটোৰ সভাপতি বদৰুদ্দিন আজমলে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।

যোগীঘোপাত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচত দলৰ নেতৃত্ব সলনিৰ ইংগিত প্ৰদান কৰিছে । দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে বৃহৎ সংস্কাৰৰ ইংগিত দিছে বদৰুদ্দিন আজমলে ।

উল্লেখ্য, শেহতীয়া লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ৰেকৰ্ডসংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হয় সমষ্টিটোৰ অঘোষিত অভিভাৱক স্বৰূপ বদৰুদ্দিন আজমল । কংগ্ৰেছৰ ৰকিবুল হুছেইনে তেওঁক জয়ৰ ভোটৰ ব্যৱধানত সৰ্বভাৰতীয় ৰেকৰ্ড সৃষ্টি কৰি পৰাস্ত কৰে । ইফালে নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিচৰে পৰা নিজৰ পৰাজয় তথা দল সন্দৰ্ভত একপ্ৰকাৰ মৌন হৈ আছে বদৰুদ্দিন আজমল । কিন্তু এইবাৰ দল সন্দৰ্ভত মুখ খুলিছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে নিজকে ঘোষণা কৰি অহা এইগৰাকী সংখ্যালঘু নেতাই ।

বদৰুদ্দিন আজমলে জনোৱা মতে, দলৰ নেতাসকলে জনসাধাৰণৰ হৈ কাম কৰাত ব্যৰ্থ হৈছে, ভোটাৰ ৰাইজৰ কাষ চপাত ব্যৰ্থ হৈছে । সেয়ে দলীয় স্তৰত নেতাসকলৰ ব্যাপক সালসলনিৰ প্ৰয়োজন আছে বুলি তেওঁ কয় । তাৰ বাবে সাধাৰণ সম্পাদকৰ পদৰ পৰা বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামক আঁতৰোৱাৰ চিন্তা কৰিছে এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে । আনহাতে, অচিৰেই সলনি হ'ব দলটোৰ আঞ্চলিক, কেন্দ্ৰীয় সমিতিৰ নেতৃত্বও ।

বঙাইগাঁও জিলাৰ যোগীঘোপাত উপস্থিত হৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কয় যে দলটোৰ কেন্দ্ৰীয় সমিতিৰ পৰা আঞ্চলিক সমিতিলৈ অচিৰেই নেতৃত্ব সলনি হ'ব । কেৱল বদৰুদ্দিন আজমল আৰু হাফিজ বচিৰ কাচিমীৰ বাহিৰে আন সকলোৰে পদবী সলনি কৰা হ'ব ।

তেওঁ কয়, এ আই ইউ ডি এফৰ বিধায়কসকলে নিজৰ সমষ্টিত যিমান কাম কৰিব লাগিছিল, সেইমতে কাম কৰাত তেওঁলোক ব্যৰ্থ হৈছে । ইয়াৰ বাবে সমগ্ৰ অসমত ৰাইজ ক্ষুব্ধ হৈ আছে । তেওঁ লগতে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত, সেয়ে এই নিৰ্বাচনৰ বাবে বৰ্তমান সাজু হ'ব লাগে । অৱশ্যে তেওঁ ২০২৬ চনৰ নিৰ্বাচনলৈ বহু দিন আছে বুলি উল্লেখ কৰি কয় যে ইয়াৰ বাবে পৰৱৰ্তী সময়ত পৰিকল্পনা কৰা হ'ব ।

লগতে পঢ়ক :ইউ এম এফৰ দৰেই অতীত হোৱাৰ দিশে এ আই ইউ ডি এফ ! - AIUDF History and Its Present Situation
লগতে পঢ়ক :মুছলমান বিবাহ আইন খাৰিজ কৰাক লৈ মনে মনে থাকিবলৈ আহ্বান আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.