ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণে উজনিত শক্তিশালী কৰিব খিলঞ্জীয়াক: আহোম সংগঠন - Demand for tribal status - DEMAND FOR TRIBAL STATUS

Miya row in Assam: উজনিৰ পৰা মিঞা মুছলমানক খেদিবলৈ বিজ্ঞান ভিত্তিক চিন্তা আৰম্ভ কৰিছে আহোম জনগোষ্ঠীৰ সংগঠনে ৷ টাই আহোমক জনজাতি কৰাৰ দাবীত আহোম জনগোষ্ঠীৰ দল-সংগঠনে ঐক্যবদ্ধভাৱে কৰিব দিল্লীলৈ যাত্ৰা ৷ চৰাইদেউৰ সোণাৰিত সংবাদমেল সম্বোধন কৰি এই ঘোষণা টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চৰ...

Demand for tribal status
টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:48 PM IST

মৰাণ, 1 ছেপ্টেম্বৰ: ৰাজ্যত পুনৰ আৰম্ভ হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ লগতে জনজাতিকৰণৰ দাবীত আন্দোলন । ৰাজ্যত অসমীয়া-অনা অসমীয়াৰ প্ৰসংগ আৰম্ভ হোৱাৰ পাছতে যেন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে তৎপৰ হৈছে দল-সংগঠন । বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ অধিক সংখ্যকতে মিঞা মুছলমান জড়িত থকা বুলি হোৱা চৰ্চা তথা খোদ মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ পাছতে মিঞা মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবীত সোঁচ্চাৰ হৈছে একাংশ লোকৰ লগতে দল-সংগঠন ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণে উজনিত শক্তিশালী কৰিব খিলঞ্জীয়াক (ETV Bharat Assam)

ইয়াৰ সমান্তৰালভাৱে জনজাতিকৰণৰ দাবীকলৈও টাই আহোমকে ধৰি আন জনগোষ্ঠী সমূহ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল ।

শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰাত সাম্প্ৰতিক পৰিস্থিতিত যেন জনজাতিকৰণৰ অধিক প্ৰয়োজনীয়তা অনুভৱ কৰি একত্ৰিত সংগ্ৰামৰ বাবে আগবাঢ়ি আহিছে টাই আহোমৰ দল-সংগঠন সমূহে । আজি ঐতিহাসিক চৰাইদেউৰ সোণাৰিত টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ ওপৰত বিশেষ সভা অনুষ্ঠিত কৰে ।

টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত কাৰ্যপন্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে সোণাৰিত আজি টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই আলোচনাত মিলিত হয় । সভাত জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ ওপৰত আলোচনা কৰা হয় । টাইপা, আটাছু, আহোম গণ মঞ্চ, আহোম জাতীয় মহাসভা, আহোম সভা, উজনি অসম সুৰক্ষা সমিতিৰ লগতে ভালেকেইটা আহোম সংগঠনে অংশগ্ৰহণ কৰা এই বিশেষ সভাত মিঞা মুছলমান প্ৰসংগৰ পৰা জনজাতিকৰণৰ বিষয়ত আলোচনা কৰে । ইয়াৰ পাছতে সংবাদমেল সম্বোধন কৰি এলানি কাৰ্যসূচী ঘোষণা কৰে ।

কি কয় আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই সংবাদমেলত:

জনজাতিকৰণৰ দাবীত আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই দিল্লী যাত্ৰা কৰিব । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে অসমৰ সাংসদ সকলক পৃথকে পৃথকে সাক্ষাৎ কৰি জনজাতিকৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিব । শিৱসাগৰত জনজাতিকৰণক লৈ বৃহৎ সভা অনুষ্ঠিত কৰিব অহা নৱেম্বৰ মাহত । জনজাতিকৰণক লৈ গুৱাহাটীত ডিচেম্বৰ মাহত ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰিব । জনজাতিকৰণক লৈ ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল, সমিতিৰ অধ্যক্ষ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কিন্তু সমিতিয়ে আজিলৈকে কোনো প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ নকৰিলে সেয়ে আহোম জনগোষ্ঠীৰ সকলো দল- সংগঠনে মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ কৰিব বুলি জানিবলৈ দিছে ।

লগতে উজনিৰ পৰা মিঞা মুছলমানক খেদি পঠিওৱাৰ ক্ষেত্ৰত কেনেকৈ বিজ্ঞান ভিত্তিক চিন্তাৰে আগবাঢ়িব সেই বিষয়ে আহোম জনগোষ্ঠীৰ দল সংগঠন চিন্তা কৰা বুলি জানিবলৈ দিছে । মিঞা মুছলমানসকলে উজনিলৈ আহি যি বিলাক কাম কৰিছিল সেই কাম যাতে স্থানীয় খিলঞ্জীয়া লোকে কৰিব পাৰে তাৰ বাবে উদ্যোগ ল'ব বুলি কয় । কিন্তু এই ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিব লাগিব বুলি সংবাদমেলত দাবী জনায় জনগোষ্ঠীৰ ঐক্য মঞ্চই ৷

লগতে পঢ়ক: খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আন্দোলন - Protest in Moran

মানুহক কন্ঠৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে চেষ্টা কৰিছে : অভিযোগ বিৰোধী ঐক্য মঞ্চৰ - AJP LEADER LURINJYOTI GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.