গুৱাহাটী, 25 জুন : ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনত যুঁজাৰ বাবে সাজু হৈ কুচকাৱাজ চলাইছে আম আদমী পাৰ্টীয়ে ৷ তাৰ পূৰ্বে অসমত আম আদমী পাৰ্টীয়ে ভংগ কৰিছে দলটোৰ সকলো পৰ্যায়ৰ সংগঠনিক সমিতি । আম আদমী পাৰ্টীৰ উত্তৰ-পূবৰ দায়িত্ববাহী নেতা ৰাজেশ সিঙে এক পত্ৰৰ জৰিয়তে সোমবাৰে অসমত আম আদমী পাৰ্টীৰ সংগঠন ভংগৰ কথা ঘোষণা কৰে ।
![AAP Assam Committees Dissolve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2024/aapdissolvespresentorganizationofassam_25062024113456_2506f_1719295496_172.jpg)
আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত দলটো শক্তিশালী কৰাৰ উদ্দেশ্যৰে বৰ্তমানৰ সকলো সমিতি অসমত ভংগ কৰা হৈছে বুলি ৰাজেশ সিঙে জনাইছে । অসমৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে দলটোক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আম আদমী পাৰ্টিয়ে অসমত বৰ্তমানৰ সংগঠনটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভংগ কৰিছে ।
আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূবৰ সংগঠনৰ দায়িত্বত থকা ৰাজেশ সিঙে সোমবাৰে অসমত দলটোৰ সংগঠন ভংগৰ কথা উল্লেখ কৰি জনায় যে নতুনকৈ সংগঠন ঘোষণা নোহোৱালৈকে এখন কাৰ্যকৰী সমিতিয়ে দলৰ পুনৰ সংগঠন আৰু শক্তিশালীকৰণৰ দিশবোৰ চোৱা-চিতা কৰিব ৷
এই অনুসৰি, আপৰ নতুন সমিতি ৰাজ্যত গঠন নোহোৱালৈকে ৰাজ্যিক সভাপতি, ৰাজ্যিক সচিব আৰু ৰাজ্যিক কোষাধ্যক্ষই নিজৰ পদত অধিষ্ঠিত থাকি কাম-কাজ চম্ভালিব । অসমত আপৰ সাংগঠনিক পুনৰ্গঠন আৰু শক্তিশালী কৰাৰ বাবে গঠিত কাৰ্যকৰী সমিতিখন তদাৰক কৰিব ক্ৰমে ডঃ ভবেন চৌধুৰী(আহ্বায়ক), মনোজ ধনোৱাৰ(সহ-আহ্বায়ক), ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, ঋষিৰাজ কৌণ্ডিন্য, অনুৰূপা ডেকাৰজাই ৷
উল্লেখযোগ্য যে, সদ্যসমাপ্ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অসমত নিজাববীয়াকৈ ৪ খন লোকসভা আসনত প্ৰাৰ্থী আগবঢ়াইছিল ৷ এই বিষয়ক লৈ ৰাজ্যৰ আন বিৰোধী দলসমূহৰ সৈতে মতৰ অমিল হৈছিল আপৰ । কিন্তু সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ লোকসভা নিৰ্বাচন । বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে ৰাজ্যত আপে সংগঠন নতুনকৈ গঢ় দিবলৈ আগবাঢ়ি পুৰণি সমিতিসমূহ ভংগ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷