ETV Bharat / state

৮৫৫ জন শ্বহীদক লৈ কৰা ঘৃণনীয় ৰাজনীতিক ধিক্কাৰ অগপ-বিজেপিৰ - Assam Lok Sabha Polls 2024

BJP-AGP spokespersons Joint Meeting: লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত সোমবাৰে অগপ-বিজেপিৰ শীৰ্ষ নেতৃত্ব এক বৈঠকত মিলিত হয় । এই বৈঠকত আগন্তুক নিৰ্বাচনক লৈ অগপ,‌ বিজেপি আৰু ইউপিপিএলৰ ৰোডমেপ প্ৰস্তুত কৰা হয় ৷ সেই অনুসৰি মঙলবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰৰ এখনি যৌথ বৈঠক অনুষ্ঠিত হয় ।

Bjp Agp spokespersons Joint Meeting
অগপ আৰু বিজেপিৰ মুখপাত্ৰৰ যৌথ বৈঠক
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:46 PM IST

অগপ আৰু বিজেপিৰ মুখপাত্ৰৰ সংবাদমেল

গুৱাহাটী, ১৯ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি অৰ্থাৎ মঙলবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰৰ এখনি যৌথ বৈঠক অনুষ্ঠিত হয় । সভাত সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ সৈতে অধিক সংযোগ বৃদ্ধি কৰি এন ডি এৰ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত কৰাৰ ক্ষেত্ৰত দলৰ মুখপাত্ৰসকলে ল’বলগীয়া গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিতংভাবে আলোচনা কৰা হয় ।

মূলতঃ লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁ‌টৰ প্ৰাৰ্থীক জয় কৰোৱাৰ বাবে অনুষ্ঠিত উক্ত বৈঠকত দুয়োটা দলৰ মুখপাত্ৰই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অভিলাষী পদক্ষেপ আৰু সাফল্যৰ বিষয়ে বিতংভাবে আলোকপাত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৈঠকত অগপৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু মুখপাত্ৰ মনোজ শইকীয়া, বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাকে ধৰি বিভিন্ন পদত থকা দল দুটাৰ অন্যান্য মুখপাত্ৰ উপস্থিত থাকে ।

বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই ইউ পি পি এলৰ লগত শীঘ্ৰেই বৈঠকত মিলিত হৈ তিনিওটা দলে যৌথভাবে গুৱাহাটীৰ লগতে প্ৰতিটো সমষ্টিতে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে সংবাদমেল সম্বোধন কৰাৰ কথা ব্যক্ত কৰে । তেওঁ লগতে ১৪ টা লোকসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয় লাভ কৰিব বুলি উল্লেখ কৰে । ইফালে অসম জাতীয় পৰিষদক সমালোচনা কৰি মনোজ শইকীয়াই কংগ্ৰেছ দল আৰু বাওঁপন্থী দলৰ লগ লাগি অসম জাতীয় পৰিষদে ৮৫৫ জন শ্বহীদক লৈ কৰা ঘৃণনীয় ৰাজনীতিক ধিক্কাৰ দিয়ে ।

ইফালে বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই বিৰোধীয়ে মিথ্যাচাৰৰ জৰিয়তে জনসাধাৰণৰ কাষৰ চাপিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁলোকে চৰকাৰৰ ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ কাষ চপাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক: অগপ-বিজেপি-ইউপিপিএলে একেলগে চলাব প্ৰচাৰ: বাজপেয়ী ভৱনত হ’ল সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.