ETV Bharat / state

কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ : ব্যস্ত ৰাজপথত চলিল নাও - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 6:00 PM IST

Assam Flood 2024 : ডিব্ৰুগড়ৰ অতি ব্যস্ততাপূৰ্ণ পথত এতিয়া চলিছে নাও । ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতেই দুটা দিনে পানীৰ তলত ডিব্ৰুগড় চহৰ । ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ, সৃষ্টি হৈছে তীব্ৰ যানজঁট, ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন । বন্ধ সকলো বিদ্যালয় চৰকাৰী কাৰ্যালয় ।

After heavy rain again dibrugarh town in the grip of artificial floods
কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ (ETV Bharat Assam)

ডিব্ৰুগড়,২৮ জুন: অসমৰ প্ৰথমখন পৌৰসভাক উন্নীত কৰা হ'ল পৌৰ নিগমলৈ । গুৱাহাটী পৌৰ নিগমৰ পিচতেই দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ'ল ডিব্ৰুগড় পৌৰ নিগমক । গুৱাহাটী মহানগৰৰ পাচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । উজনি অসমৰ ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে । উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ । কিন্তু ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে দুটা দিনে পানীৰ তলত ডিব্ৰুগড় চহৰ ।

ডিব্ৰুগড়ত বৃহস্পতিবাৰে পুৱাৰ ভাগত হোৱা এজাক মুষলধাৰ বৰষুণতে সৃষ্টি হ'ল মহাসাগৰ সদৃশ পৰিৱেশ । দুটা দিনে ভয়ংকৰ কৃত্ৰিম বানৰ কবলত সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলসমূহ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বহু অঞ্চল এতিয়া পানীৰ তলত । আনকি দুটা দিনে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী । কেৱল সেয়াই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰতো সোমাইছে পানী ।

বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথসমূহত একাঁঠু পৰ্যন্ত পানী । ডিব্ৰুগড় চহৰৰ মূল নলাসমূহ পৰিস্কাৰ নকৰা বাবেই এনে পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ নগৰবাসীৰ । ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন । নলা-নৰ্দমাসমূহ বৈজ্ঞানিক পদ্ধতিৰে সু-পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ ফলতে ডিব্ৰুগড়ক কৃত্ৰিম বানে বুৰাই পেলোৱাৰ কথা স্বীকাৰ কৰে স্বয়ং ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড৹ চৈকত পাত্ৰ‌ই ।

লগতে বৃহস্পতিবাৰৰে পৰা তিনিটা স্থানত পাম্পৰ জড়িয়তে পানী সিঁচাৰ ব্যৱস্থা কৰা হৈছে বুলি জনাই যদিও কোনো পৰিৱৰ্তন হোৱা নাই । এতিয়া ডিব্ৰুগড়ৰ পথত বাল্টিৰে পানী সিঁচি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দৃশ্য দেখিবলৈ পোৱাৰ লগতে আন ঠাইত পথৰ ওপৰত পানীৰ মাজতে ক্ৰিকেট খেলে একাংশ যুৱকে । কিয়নো দুদিনধৰি কৃত্ৰিম বানৰ বাবে বন্ধ হৈ পৰিল ডিব্ৰুগড়ৰ চহৰৰ সকলো বিদ্যালয় । থাৰ্মকলৰ নাও সাজি ডিব্ৰুগড়ৰ ব্যস্ত পথত এতিয়া নাও চলাইছে একাংশই ।

লগতে পঢ়ক: পুনৰ কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰ - Assam Flood 2024

এজাক বৰষুণৰ পিচতেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বান - Artificial Flood In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.