ETV Bharat / state

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদানৰ আহ্বান এবছুৰ - Bodofa Upendra Nath Brahma - BODOFA UPENDRA NATH BRAHMA

Badofa Upendra Nath Brahmas birthday:আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন । বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিনটোক ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় । ৰাজনৈতিক মতাদৰ্শ ক্ষন্তেকৰ বাবে পাহৰি একেখন মঞ্চত ওচৰা-ওচৰিকৈ বহিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিপিএফৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী ৷

68th birth anniversary of Bodofa Upendra Nath Brahma
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম দিৱস
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 5:12 PM IST

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম দিৱস

কোকৰাঝাৰ, ৩১ মাৰ্চ: আজি ৩১ মাৰ্চ ৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম দিৱস ৷ বডোফাৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি ৰবিবাৰে এবছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ছাত্ৰ দিৱস উদযাপন কৰা হয় ৷ পতাকা উত্তোলনেৰে ছাত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । ইয়াৰ পিছতে বডোফাৰ সমাধি আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷

আনহাতে, আজি ছাত্ৰ দিৱস উদযাপনথলীৰ পৰাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ ভাৰতৰত্ন বঁটা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ ৰাষ্ট্ৰ নিৰ্মানৰ্থে পিছপৰা জনগোষ্ঠীক আগুৱাই নিয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদান আছে বুলি উল্লেখ কৰি বডোফাৰ জন্মদিনক ছাত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়াত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োই । জাতি, সমাজ, শিক্ষাৰ দিশত বডোফাৰ যি আধাৰুৱা সপোন ইয়াক আগুৱাই লৈ যাবলৈ এবছু সংকল্পৱদ্ধ বুলি মন্তব্য কৰে এবছুৰ সভাপতিগৰাকীয়ে ।

আনপিনে, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যৱাহী, বিপিএফৰ উপ-সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়েও বডোফাৰ কৰ্মৰাজিক সন্মান জনাই ভাৰতৰত্ন বঁটা প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিনিধিলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

ইপিনে, ছাত্ৰ দিৱস কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম পিছপৰা জনগোষ্ঠীৰ বাবে আদৰ্শ । উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ এতিয়া সৰু-সৰু জনগোষ্ঠীসকলেও অধিকাৰৰ বাবে মাত মাতি আছে । বড়োসকলৰ ১৩ টা সামগ্ৰীত ভাৰত চৰকাৰৰ জিআই টেগ স্বীকৃতিৰ কথাও সদৰী কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

উল্লেখ্য যে বডোফাৰ ৬৮ সংখ্যক জন্ম জয়ন্তী তথা ছাত্ৰ দিৱসৰ কাৰ্যসূচীত ক্ষন্তেকৰ বাবে সকলোবোৰ ৰাজনৈতিক মতাদৰ্শ পাহৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীক একেলগে খোজত খোজ মিলাই বডোফালৈ শ্ৰদ্বাঞ্জলি জনোৱাৰ লগতে মুকলি সভাৰ মঞ্চতো ওচৰা-ওচৰিকৈ আসন গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ আজিৰ অনুষ্ঠানটোত মুম্বাইৰ বিশিষ্ট সাংবাদিক ৰূপা চিনাই, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টৰ অধ্যক্ষ সুবুং বসুমতাৰী, ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী আদি উপস্থিত থাকে ।

লগতে পঢ়ক:নাৰী সংৰক্ষণ বিধেয়কৰ ব্যাপক প্ৰচাৰ, দাক্ষিণাত্যত প্ৰাৰ্থিত্ব বাছনিত নপৰিল প্ৰভাৱ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.