ETV Bharat / state

দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা, শীঘ্ৰে অনা হ’ব অসমলৈ - Debajit Hazarika Suicide Case

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

RTI activist Dulal Borah : অৱশেষত দিল্লীত আৰক্ষীৰ জালত পৰিল আৰ টি আই কৰ্মী দুলাল বৰা ৷ বিজেপি নেতাৰ আত্মহত্যাৰ টোকাত নাম আছিল আৰ টি আই কৰ্মীগৰাকীৰ ৷ তাৰ পিছৰে পৰাই পলাতক অৱস্থাত থকা দুলাল বৰাক বুধবাৰে আটক কৰে দিল্লী আৰক্ষীয়ে ৷

RTI activist Dulal Borah
দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : অৱশেষত নতুন দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা । দিল্লীৰ এখন হাস্পতালৰ পৰা দিল্লী আৰক্ষীৰ হাতত আটক হ’ল দুলাল বৰা । সোণাৰিৰ বিজেপিৰ যুৱনেতা, পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰা ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল দুলাল বৰাৰ ।

উল্লেখ্য যে আত্মহত্যা টোকাত দুলাল বৰাই ব্লেকমেইল কৰাৰ কথা উল্লেখ কৰি গৈছিল বিজেপিৰ যুৱনেতাগৰাকীয়ে ৷ তাৰ পিছতেই অসম আৰক্ষীয়ে বিচাৰি ফুৰিছিল যদিও দুলাল বৰাৰ সন্ধান লাভ কৰা নাছিল ৷ বুধবাৰে আটক কৰাৰ পিছত বৰ্তমান দিল্লীৰ কীৰ্তি নগৰ থানাত ৰখা হৈছে দুলাল বৰাক ৷ অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি দুলাল বৰাক আনিবলৈ শীঘ্ৰে অসম আৰক্ষীৰ এটা দল ৰাওনা হ’ব দিল্লীলৈ ।

উল্লেখযোগ্য যে সোণাৰিৰ বিজেপি নেতাৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাই পৰা দুলাল বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে যোৱা ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ৷ কিন্তু দুলাল বৰা নিজে উপস্থিত নাথাকি নিজৰ মেনেজাৰকহে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়লৈ পঠিয়াইছিল । বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাই এটা নিউজ পৰ্টেল চলাই আছিল ৷ উক্ত পৰ্টেলটোত এগৰাকী বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰসংগতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুলাল বৰাক বিচাৰিছিল ৷

তাৰ পিছতেই বিতৰ্কিত আৰ টি আই কৰ্মীগৰাকীয়ে আত্মগোপন কৰি আছিল যদিও নতুন দিল্লীৰ এখন হাস্পতালত আজি বুধবাৰে দিল্লী আৰক্ষীৰ জালত পৰে তেওঁ ।

লগতে পঢ়ক : আৰ টি আই কৰ্মী হিচাপে নহয়, অপৰাধী হিচাপে গণ্য কৰা হ’ব দুলাল বৰাক- মুখ্যমন্ত্ৰী

নিজৰ চৰকাৰৰ দিনতে দলীয় কৰ্মীক সুৰক্ষা দিব নোৱৰাত মনোবল হ্ৰাস হৈছে বহু বিজেপি কৰ্মীৰ: ক্ষোভ জ্যেষ্ঠ বিজেপি নেতাৰ

সাংবাদিক পৰিস্মিতা ফুকনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দুদিনৰ বাবে পুনৰ ল’লে জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.