ETV Bharat / state

ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:12 AM IST

Mainao Brahma detained: কথাতে কয় বোলে এশ গৰু মাৰিলে বাঘৰো মৰণ, বৃহস্পতিবাৰে দুটাকৈ ঘটনাই প্ৰমাণ কৰিলে এই আপ্তবাক্যশাৰী ৷ ডিব্ৰুগড়ত পলাতক চুমী বৰা আটক হোৱাৰ সময়তে বৰঝাৰত আৰক্ষীৰ জালত পৰিল ১০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত পলাই থকা মাইনাও ব্ৰহ্ম ৷

Mainao Brahma detained
মাইনাও ব্ৰহ্মক আটক (ETV Bharat)

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: এফালে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকাত পৰিণত হোৱা চুমী বৰাক ডিব্ৰুগড়ত আটক, আনফালে প্ৰায় ১০০ কোটি টকাৰ অবৈধ মানী ট্ৰেডিঙৰ কেলেংকাৰীত জড়িত বাক্সা জিলাৰ পান দোকানী মাইনাও ব্ৰহ্মও জালত পৰিল আৰক্ষীৰ । গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে যোৱা নিশা আটক কৰে মাইনাও ব্ৰহ্মক । দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীয়ে ।

দিল্লীৰ পৰা নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানযোগে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিচত বৰঝাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে মাইনাও ব্ৰহ্মক ।

অবৈধ মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তালিকাত আছিল বাক্সাৰ মাইনাও ব্ৰহ্ম মহিলাগৰাকী নাম । কোটি কোটি টকা আত্মসাৎ কৰি নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ তথ্য আৰু বহু অভিযোগ পোহৰলৈ অহাৰ পিছতে উধাও হৈছিল মহিলাগৰাকী ।

অভিযোগ অনুসৰি প্ৰায় আঠ হাজাৰ লোকক অনলাইন ট্ৰেডিঙৰ জালত পেলাই পাণদোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও । পাণ দোকানী মাইনাওৱে নামে-বেনামে বিশাল সম্পত্তি গঢ়া আৰু ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে ।

উল্লেখ্য যে, যোৱা মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়ালৈকে আৰক্ষী-প্ৰশাসনে মাইনাওৰ বাসগৃহত তালাচী অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰায় পাঁচ ঘণ্টা ধৰি অবিৰত তালাচী চলোৱাৰ পিছত সন্ধিয়া ৫:২৫ বজাত দণ্ডাধীশ আৰু উপ-আৰক্ষী অধীক্ষকৰ উপস্থিতিত ছীল কৰা হয় মাইনাওৰ বাসগৃহ ।

উল্লেখ্য যে, মুছলপুৰ পশ্চিম বাংনাবাৰীৰ সমীন স্বৰ্গীয়াৰীৰ পত্নী মাইনাও ব্ৰহ্মই বিগত আঠ বছৰত আঠ হাজাৰৰো অধিক লোকক জমা ধন চাৰিগুণ কৰাৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰি আহিছিল ৷ তেওঁ জমাকাৰীক বিশ্বাসত লোৱাৰ বাবে উকা চেক আৰু দলিলত চহী কৰিছিল ৷ এটা নিৰ্ধাৰিত সময় উকলি যোৱাত ধন জমাকাৰীয়ে সুতসহ জমা ধন ঘূৰাই বিচাৰি মাইনাও ব্ৰহ্মৰ সৈতে যোগাযোগ কৰে যদিও বিভিন্ন অজুহাত দেখুৱাই তেওঁ জমা ধন ঘূৰাই দিয়াৰ পৰা বিৰত থাকে ৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ মোবাইল ছুইচ অফ কৰি অন্তৰ্ধান হয় ৷

লগতে পঢ়ক: এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

মাইনাও ব্ৰহ্মৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে - Investment Scam in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.