বঙাইগাঁও, 22 মে’ : শেহতীয়াকৈ ৰাজ্য কঁপাইছে বঙাইগাঁৱৰ পঞ্চপুৰৰ ঘটনাই ৷ পঞ্চপুৰৰ কাছুৱাগাঁও সংযোগী ভূমেশ্বৰ পাহাৰৰ ৱাটাৰ ফলছ এলেকাত কিশোৰ-কিশোৰীৰ লগত সংঘটিত হোৱা জঘন্যকাণ্ড সন্দৰ্ভত এবিএমছুৰ সভাপতি টাইছন হুছেইনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ এই ঘটনাক গৰিহণা জনাই তেওঁ কয় যে, প্ৰশাসনে অভিযুক্তকেইটাক এনে শাস্তি দিয়ক, যাতে দুনাই এনে ঘটনা সংঘটিত নহয় ৷ অভিযুক্তকেইটা কাৰাগাৰত থকা কালতে কঠোৰ শাস্তি বিহিব লাগে ৷
ঘটনা অনুসৰি, আজিৰ পৰা তিনিদিন পূৰ্বে পঞ্চপুৰ-কাছুৱাগাঁৱস্থিত বৰঝৰা অঞ্চললৈ অৱসৰ বিনোদনৰ বাবে বাইকেৰে আহিছিল দুজন কিশোৰ-কিশোৰী ৷ বৰঝাৰৰ মনোৰম পৰিৱেশত থকা এটা নিজৰাত গা ধোৱাৰ পূৰ্বে পাহাৰখনৰ নামনি এলেকাৰ এটা স্থানত কিছু সময় জিৰণি লয় তেওঁলোকে ৷ তেতিয়াই পাঁচ যুৱকৰ দলটোৰ সৈতে মুখামুখি হৈছিল কিশোৰ-কিশোৰীদ্বয় ৷
তাৰপাচতে যুৱকৰ দলটোৱে কিশোৰ-কিশোৰীহালক আগচি ধৰি বিভিন্ন ধৰণৰ প্রশ্ন কৰে । দলটোৱে কিশোৰ-কিশোৰীক যৌনকাৰ্যত লিপ্ত হ’বলৈ দি নগ্ন ভিডিঅ’ প্ৰস্তুত কৰি তাক ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল ৷
শেহতীয়াকৈ এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাই সোমবাৰে সংবাদমেল সম্বোধন কৰি কিশোৰ-কিশোৰীদ্বয়ে প্ৰদান কৰা সকলো তথ্য ৰাজহুৱা কৰিছিল ৷ ভূক্তভোগীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, পাঁচ পাষণ্ডই তেওঁলোকক দাবী কৰিছিল নগদ 5 হাজাৰ টকা ৷
পিছে কিশোৰগৰাকীয়ে তেওঁলোকৰ হাতত তুলি দিয়ে 4,500 টকা ৷ অৱশ্যে আৰক্ষীৰ আগত নিৰ্যাতিতাই দলবদ্ধ ধৰ্ষণ হোৱাৰ কথা অস্বীকাৰ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত ক্ৰমে- বিৰাজ ৰাভা, শোণিত ৰাভা, শিবু সৰকাৰ, জীৰেণ সৰকাৰ আৰু ডালিম বৰ্মনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷