ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয় সপ্তাহত সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ এবিএমছু-আমছুৰ - university week procession

Bodoland University : পুনৰ বিতৰ্কৰ মাজত বড়োলেণ্ড বিশ্ববিদ্যালয় ৷ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত । বিশ্ববিদ্যালয় সপ্তাহৰ শোভাযাত্ৰাত সংখ্যালঘু সম্প্ৰদায়ক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা ৷ এবিএমছু,আমছু আৰু নেমছুৰ তীব্ৰ ক্ষোভ-প্ৰতিক্ৰিয়া ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ ৷

Bodoland University
বডোলেণ্ড বিশ্ববিদ্যালয়
author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:20 PM IST

বডোলেণ্ড বিশ্ববিদ্যালয়

কোকৰাঝাৰ ১৮ মাৰ্চ : বিৰ্তকৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বড়োলেণ্ড বিশ্ববিদ্যালয় পুনৰ আন এক বিৰ্তকৰ মাজত সোমাই পৰিছে । বড়োলেণ্ড বিশ্ববিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ পৰা উলিওৱা শোভাযাত্ৰাত দুজন ব্যক্তিক কৃত্ৰিম দাঢ়ি লগাই লুঙী -টুপী পিন্ধাই সংখ্যালঘু লোকৰ দৰে সজাই আৰু আন এজনে আৰক্ষীৰ পোচাক পিন্ধি লাঠীৰে কোবাই কোবাই শোভাযাত্ৰাত সমদল কৰা হৈছিল । ইয়াৰ পিচতেই এই কাৰ্যই সংখ্যালঘু সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । উক্ত সাংস্কৃতিক শোভাযাত্ৰাত অতি নীচ মানসিকতাৰে মুছলমান লোকৰ দৰে টুপী পিন্ধাই অপৰাধী সজাই আৰক্ষীৰ দ্বাৰা কোবাই কোবাই নিয়া কাৰ্যই সংখ্যালঘুৰ অনুভূতিক আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু ছাত্ৰ সন্থা ক্ৰমে এবিএমছু , আমছু আৰু নেমছুৰ নেৰ্তৃবৰ্গই ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে বিয়লি তিনিওটা সংগঠনৰ ছাত্ৰ নেতাসকল বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে উচিত শাস্তিমূলক পদক্ষেপ গ্ৰহণৰ দাবীৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বাবুলাল আহুজাক সাক্ষাৎ কৰি পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে যোৱা ১৬ মাৰ্চৰ বিশ্ববিদ্যালয় সপ্তাহৰ অন্তিম দিনা উলিওৱা হৈছিল শোভাযাত্ৰা । উক্ত শোভাযাত্ৰাতে লুঙী আৰু টুপী পৰিধান কৰাই দুজন সংখ্যালঘু লোকক অপৰাধীৰ দৰে সজাই এগৰাকী আৰক্ষীয়ে শাস্তি প্ৰদান কৰাৰ অভিনয় প্ৰদৰ্শন কৰিছিল ভূগোল বিভাগৰ শিক্ষাৰ্থীয়ে । শোভাযাত্ৰাৰ উক্ত দৃশ্যাংশই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচত আজি এবিএমছুৰ সভাপতি টাইছন হুছেইন, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামৰ নেতৃত্বত ছাত্ৰ সংগঠন তিনিটাই পৃথকে পৃথকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰি দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

তদুপৰি শোভাযাত্ৰাত সংখ্যালঘু জনগোষ্ঠীক অপৰাধী সজোৱা শিক্ষাৰ্থীৰ ওপৰতো পদক্ষেপ লবলৈ দাবী জনাইছৰ ছাত্র সংগঠন সমূহৰ নেতৃবৰ্গই ৷ অন্যথা ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চপা হ'ব বুলি মন্তব্য কৰিছে ছাত্ৰসংগঠন সমুহে । ইপিনে, এবিএমছুৰ সভাপতি টাইছন হুছেইন, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামে পৃথকে পৃথকে সংবাদমাধ্যমৰ আগত কয় যে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত এনে ঘটনা নিত্যান্তই দূৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য । এবিএমছুৰ সভাপতি টাইছন হুছেইনে দুগৰাকী ব্যক্তিক কৃত্ৰিমভাৱে দাড়ি, টুপী, লুঙী পিন্ধাই, হাতত ৰছী বান্ধি আৰু আনে আৰক্ষীৰ পোচাক পিন্ধি ৰাস্তাৰে কোবাই কোবাই নিয়া দৃশ্যৰে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে । মুছলমানক অপৰাধী সম্প্ৰদায় হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্যত এবিএমছু বহি নাথাকে আৰু যদিহে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই দোষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমুলক ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আইনী ব্যৱস্থা হাতত লোৱা হ'ব বুলি সকীয়াই দিয়ে ।

আনহাতে, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে উক্ত ঘটনাত বড়োলেণ্ড কৰ্তৃপক্ষও সমানে দায়ী বুলি মন্তব্যৰে উক্ত কাৰ্য তেওঁলোকৰ ইচ্ছাকৃত আছিল বুলি মন্তব্য কৰিছে । নৈতিকতা নোহোৱাৰ দৰে জাতি জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰা , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটৰ দাম্ভিকতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিশ্ববিদ্যালয়খনক ভাল শিক্ষা , নৈতিকতাবোধ শিকোৱাৰ আহ্বান জনাই ৰেজাউল কৰিম সৰকাৰে দোষীৰ বিৰুদ্ধে শাস্তিৰ পোষকতা কৰিছে ।

নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামেও উক্ত ঘটনাক নিন্দা কৰি দোষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমুলক ব্যৱস্থা লোৱাৰ দাবী জনাই ভৱিষ্যতে যাতে এনে ঘটনাৰ পুণৰাবৃত্তি নঘটে তাৰ বাবে আহ্বান জনাইছে । ইপিনে, উক্ত শোভাযাত্ৰাত তেনে অভিনয় ইচ্ছাকৃতভাৱে প্ৰদৰ্শন কৰা নাছিল বুলি মন্তব্য কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নেৰছন নাৰ্জাৰী আৰু ভূগোল বিভাগৰ শিক্ষাৰ্থীয়ে । অনাকাংক্ষিত এনে ঘটনাৰ বাবে ক্ষমা বিচাৰি পুনৰ তেনেধৰনৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছে বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্র একতা সভা আৰু ভুগোল বিভাগৰ শিক্ষাৰ্থীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.