ETV Bharat / state

অনিয়মীয়া বিদ্যুৎ যোগান : ৰাজ্যজুৰি জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা - AASU protest

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 6:43 PM IST

Protest Against APDCL : এফালে উৎকট গৰম আনফালে বিদ্যুতৰ সঘন লুকাভাকু ৷ স্মাৰ্ট মিটাৰ সংযোগ কৰি উপযুক্ত সেৱা দিব নোৱৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা ৷ শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ ৷

AASU PROTEST
আছুৰ তীব্ৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 30 মে’ : বিদ্যুতৰ লুকাভাকুৱে জলা-কলা খুৱাইছে ৰাজ্যবাসীক ৷ উৎকট গৰমত বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ বিদ্যুতৰ মাচুল বৃদ্ধি কৰি, স্মাৰ্ট মিটাৰ সংযোগ কৰি উপযুক্ত সেৱা দিব নোৱৰা সাৰসুৰহীন বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা ৷ সংগঠনটোৰ ভিন্ন জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহে আজি বিদ্যুৎ বিভাগ তথা শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ (ETV BHARAT ASSAM)

কলিয়াবৰ : কলিয়াবৰত আছুৰ উত্তাল প্ৰতিবাদ ৷ 24 ঘণ্টাই বিদ্যুৎ যোগান অব্যাহত ৰখা আৰু বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কুঁৱৰীটোলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদৰ ফলত সাময়িকভাৱে ৰাজপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ৷ "স্মাৰ্ট মিটাৰ লগালেই নহ'ব, বিভাগটোও স্মাৰ্ট হ'ব লাগিব" বুলিও ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে বিভাগীয় মন্ত্ৰী তথা বিভাগটোক গৰিহণা দিয়ে ৷

বিশ্বনাথ : ৰাজ্যত সঘনাই বৃদ্ধি পোৱা বিদ্যুৎ মাচুলে কোঙা কৰিছে জনতাক ৷ ইফালে 24 ঘন্টাই বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা চৰকাৰখনে ৰাইজৰ মূৰত শোধাইছে মাধমাৰ ৷ মাচুল বৃদ্ধিৰ লগতে এতিয়া বিদ্যুতৰ লুকাভাকুত ক্ষোভিত হৈ পৰিছে জনতা ৷ ৰাজ্যত সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি হোৱা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত বৃহস্পতিবাৰে ৰাজ্যজুৰি শক্তি বিভাগৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথতো আছুৱে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ বিশ্বনাথ নগৰৰ ক্লক টাৱাৰ ওচৰৰ পৰা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় সন্মুখত আছুৰ শতাধিক সদস্যই শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ছয়গাঁও : দক্ষিণ কামৰূপৰ ছয়গাঁৱতো শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷ শক্তি বিভাগ হায় হায়, শক্তি মন্ত্ৰী মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল হ’ল ছয়গাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে শক্তি বিভাগৰ পুত্তলিকা দাহ কৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যত চলি থকা বিদ্যুতৰ লুকাভাকু শীঘ্ৰেই বন্ধ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

যোৰহাট : যোৰহাটৰ বিভিন্ন ঠাইত জ্বলিল শক্তিমন্ত্ৰীৰ পুত্তলিকা ৷ অনিয়মীয়া বিদুৎ যোগান আৰু বৰ্ধিত মাচুলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ চহৰৰ বৰুৱা চাৰি আলিত আৰু মৰিয়নী ছাত্ৰ সন্থাই মৰিয়নী নগৰত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কয় যে, অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত ছাত্ৰ সমাজ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে, কাৰণ এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে ৷ সেয়েহে অনিয়মীয়া বিদ্যুৎ যোগানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ছাত্ৰ সন্থাই ৷ লগতে অনিয়মীয়া বিদ্যুৎ যোগান আৰু বৰ্ধিত মাচুলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বিহীত পদক্ষেপ গ্ৰহণ কৰি ৰাইজক সকাহ প্ৰদান কৰিব লৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

নলবাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি নলবাৰীতো শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ নলবাৰীৰ প্ৰতিখন আঞ্চলিকত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে ৷ শক্তি বিভাগ হায় হায় , নন্দিতা গাৰ্লোচা হায় হায় , বিদ্যুৎ মাচুল হ্ৰাস কৰক আদি শ্ল’গানেৰে অচিৰেই বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

ডিব্ৰুগড় : এফালে যদি উৎকট গৰম আনফালে বিদ্যুতৰ সঘন লুকাভাকু ৷ লগতে অত্যধিক বিদ্যুতৰ মাচুল বৃদ্ধিয়ে ৰাজ্যবাসীক বিপদত পেলাইছে ৷ ইয়াৰ মাজতে আজি চৰাইদেউ আৰু ডিব্ৰুগড়ত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা ৷ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি মৰাণত আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে বিদ্যুৎ বিভাগৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মৰাণ খটখটিস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মৰাণ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ শতাধিক কৰ্মকৰ্তা সমবেত হৈ বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজগড় , টিংখাং , লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাইয়ো সন্মিলিতভাৱে টিংখাং বিদ্যুৎ উপ- সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাই টিপলিংস্থিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তদুপৰি চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আছুৱে বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বাক্সা : বাক্সা জিলাৰ মুছলপুৰত বাক্সা আঞ্চলিক ছাত্ৰ সন্থাই শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ জুমুঠি দাহ কৰি প্ৰতিবাদকাৰীসকলে শক্তি মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ গ’ বেক শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷ বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৰাজ্যৰ শক্তি মন্ত্ৰীক অকৰ্মণ্য আৰু অযোগ্য বুলি উল্লেখ কৰি তেওঁ বিভাগ চলোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰি পদত্যাগৰ দাবী কৰে ৷ ইফালে বৰমা আঞ্চলিক ছাত্ৰ সন্থায়ো শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে ৷

জোনাই : ৰাজ্যত অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত জোনাইত আছুৱে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে ৷ আছুৰ শ্বহীদ ভৱন প্ৰাংগনৰ পৰা এক সমদল উলিওৱাৰ পিচত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিআলিস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদস্থলীৰ পৰা বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু মাচুল হ্ৰাস কৰাৰ দাবী জনাই আছুৱে ৷

মাজুলী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলীৰ বনগাঁৱত বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ ৷ পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছু কৰ্মীসকলে ৷ ছাত্ৰ সন্থাৰ কৰ্মীসকলে শক্তি বিভাগৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদস্থলীত ৷ প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাৰ লগতে ৰাজ্যিক কাৰ্যনিবাহক সদস্য আৰু জিলাৰ সভাপতি-সম্পাদকে অংশগ্ৰহণ কৰে ৷

ওদালগুৰি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ টংলাৰ মাজমজিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে টংলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ টংলা চাৰিআলিৰ মঙলদৈ-ভূটিয়াচাং পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ লগতে ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে ৷

লগতে পঢ়ক : ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান; লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - AASU Protest In Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.