ETV Bharat / state

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ; আজি দিছপুৰত আছু নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক - ASSAM ACCORDS CLAUSE 6

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam CM Meeting With AASU: অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কার্যকৰী কৰা সন্দৰ্ভত হ'ব আলোচনা । আছুৰ মুখ্য উপদেষ্টা, সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকক আমন্ত্ৰণ । বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM Meeting With AASU
আজি দিছপুৰত আছু নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : ঐতিহাসিক অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত বুধবাৰে বিয়লি আছুৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বক আমন্ত্রণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ।

বুধবাৰে বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'বলগীয়া আলোচনাৰ বাবে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হান্সেক আমন্ত্ৰণ জনোৱা হৈছে ।

উল্লেখ্য যে ‘কা’ আন্দোলনৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন উচ্চ স্তৰীয় কমিটী গঠন কৰি দিছিল । কমিটীয়ে বিভিন্ন দিশ চালি-জাৰি চাই বিভিন্ন পৰামৰ্শ আগবঢ়াই প্ৰতিবেদন প্ৰস্তুত কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখনক বিশেষ গুৰুত্ব দিয়া নাছিল । আনকি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ বিপৰীতে অসম চৰকাৰে গ্ৰহণ কৰিছিল ।

অসম চুক্তিৰ ছয় নং দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে সংসদত ঘোষণা কৰাৰ পাচতো প্রতিবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ পৰা পৰ্যন্ত বিৰত আছিল । বিপ্লৱ শৰ্মা কমিটীয়ে ২০২১ চনতে প্রতিবেদন দাখিল কৰিছিল যদিও চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকতহে ইয়াক গ্ৰহণ কৰা হয় ।

কেবিনেটে বিপ্লৱ শৰ্মা কমিটীৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা ৰাজ্য চৰকাৰে ২০২৫ চনৰ এপ্ৰিলৰ পূৰ্বে ৰূপায়ণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, বাকী ১০ টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে সেইকেইটাৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথা ঘোষণা কৰিছিল ।

ইফালে ২০২১ চনতে বিপ্লৱ শৰ্মা কমিটীৰ প্রতিবেদনখন পৰীক্ষা কৰিবলৈ অসম চৰকাৰে এখন উপ-সমিতি গঠন কৰি দিছিল । এই কমিটীৰ সদস্য আছিল মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ আৰু পীযুষ হাজৰীকা । এই কমিটীৰ সৈতে আছু নেতৃত্বই একাধিক বৈঠকত মিলিত হয় যদিও কার্যক্ষেত্ৰত এই প্রতিবেদন ৰূপায়ণৰ বিষয়টো মুঠেই আগনাবাঢ়িল ।

অৱশেষত লখিমপুৰত অনুষ্ঠিত কেবিনেটত ২০২৫ চনৰ এপ্ৰিল মাহৰ পূৰ্বে ৫৭ টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । কেবিনেট সিদ্ধান্তৰ প্ৰথম পদক্ষেপ হিচাপে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছু নেতৃত্বৰে বৈঠকত মিলিত হ'ব ।

ইফালে আছুৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হান্সেয়ে এই সন্দৰ্ভত কয়, "ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী হোৱাটো বিচাৰে । প্ৰতিবেদনখনৰ কেতবোৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু কেতবোৰ পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব লাগিব । অসম চৰকাৰৰ কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়সমূহ অহা ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লৈছে । ছাত্ৰ সন্থাই বিষয়টো ইতিবাচকভাৱে গ্ৰহণ কৰিছে ।"

তেওঁলোকে লগতে কয়, "অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সন্থায়ো বিষয়সমূহৰ ফলাফল বিচাৰোঁ । বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াব । ফলাফল নোপোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয় ।”

উল্লেখ্য যে আছুৰ নেতৃত্বৰে হোৱা বৈঠকৰ পাচতে মুখ্যমন্ত্রীয়ে বিয়লি ৪.৩০ বজাত লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰিব ।

লগতে পঢ়ক :আৰ টি আই কৰ্মী হিচাপে নহয়, অপৰাধী হিচাপে গণ্য কৰা হ’ব দুলাল বৰাক- মুখ্যমন্ত্ৰী - Dulal Bora in controversy
লগতে পঢ়ক :বিদ্যালয়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত হ’ব চৰিত্ৰ-পাঠ - Moral Education

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.