ETV Bharat / state

অসমৰ শিক্ষাৰ্থীক মাধমাৰ শোধোৱা সিদ্ধান্ত পৰিহাৰ কৰক: USTM বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক সকীয়নি আছুৰ - USTM controversy

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 1:53 PM IST

AASU REACTION ON USTM CM CONFLICT : USTM আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত অব্যাহত সংঘাত । USTM ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ । মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই । USTM ৰ সৈতে মুখ্যমন্ত্ৰীৰ চলিছে ব্যক্তিগত সংঘাত ।

AASU REACTION ON USTM CM CONFLICT
ইউ এছ টি এম বিতৰ্কত মুখ্যমন্ত্ৰীক সকীয়নি আছুৰ (ETV Bharat Assam)

নগাঁও, ২২ আগষ্ট : গুৱাহাটী মহানগৰীৰ সমীপৰ মেঘালয়ত স্থাপিত উচ্চ শিক্ষা প্ৰতিষ্ঠান USTMৰ সৈতে অব্যাহত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংঘাত । ইতিমধ্যেই গুৱাহাটী মহানগৰত হোৱা বানৰ বাবে USTM কেই দোষাৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এইবাৰ USTM ৰ পৰা উত্তীৰ্ণ ছাত্ৰী-ছাত্ৰীয়ে অসমত নিযুক্তি লাভ কৰিবলৈ পুনৰ আন এক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা বুধবাৰৰ কেবিনেট বৈঠকৰ অন্তত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

হিমন্ত বিশ্ব শৰ্মাই USTM ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সন্দৰ্ভত কৰা এনে মন্তব্যৰ পাচতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাই । মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাচত মঙলবাৰে সন্ধিয়াতেই বিষয়টো সন্দৰ্ভত প্ৰক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

USTM ৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সংঘাত থকা বুলি উল্লেখ কৰি আছু নেতা শংকৰজ্যোতি বৰুৱাৰ মন্তব্য, "হয়তো মুখ্যমন্ত্ৰীৰ পৰিয়ালে কৰিব বিচৰা ব্যৱসায় USTM ৰ মালিকে কৰিছে বাবেই USTM ৰ সৈতে সংঘাতত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।"

আনহাতে, USTM ৰ সৈতে থকা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সংঘাত আছুৰ বিচাৰ্য বিষয় নহয় বুলি উল্লেখ কৰি আছু নেতা শংকৰজ্যোতি বৰুৱাৰ মন্তব্য, "নাকৰ 'A গ্ৰেড' লাভ কৰা তথা UGC ৰ নিয়ম অনুযায়ী মেঘালয়ত চলি থকা বিশ্ববিদ্যালয় USTM ত অসমৰ ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । USTM ত অধ্যায়নৰত 90 শতাংশ ছাত্ৰ-ছাত্ৰীয়েই অসমীয়া খিলঞ্জীয়া । মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তত অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত কৰাৰ পাচত ছাত্ৰ-ছাত্ৰীৰ লগতে পৰিয়ালৰ ওপৰতো মাধমাৰ পৰিব ।"

সেয়ে ব্যক্তিগত সংঘাতৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে জীয়াতু ভুগিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় আছু নেতা শংকৰজ্যোতি বৰুৱাই ।

উল্লেখ্য যে শেহতীয়াকৈ ইউ এছ টি এম আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা এই সংঘাতে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা - Himanta Biswa Sarma
লগতে পঢ়ক :আমি কেনেকৈ কাম কৰিলে ভাল হয় মুখ্যমন্ত্ৰীয়ে দিহা পৰামৰ্শ দিয়ক: মহবুবুল হক - USTM Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.