ডিব্ৰুগড়, 9 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তীব্ৰ প্ৰচাৰ অভিযান ৷ শাসনাধিষ্ঠ বিজেপি দলৰ লগতে প্ৰতিটো দলে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে বিভিন্ন দল-সংগঠনে বিজেপিৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ ৷ জনজাতিকৰণ, মাটিৰ পট্টা, চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি আদিক লৈ বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনে এতিয়া নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ডিব্ৰগড়তো চাহ জনগোষ্ঠীয় সংগঠন আছা আৰু আটছাই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসী সকলক জনজাতিৰ স্বীকৃতি দিয়া, মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিক সকলৰ মজুৰি 501 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ ইয়াৰ পাচতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত, বিভিন্ন চাহ বাগিচাত পোষ্টাৰিং কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাহ বাগিচাৰ শ্ৰমিক সকলক বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰাৰ বাবে সজাগ কৰা পৰিলক্ষিত হৈছে ৷
কেৱল আদিবাসী ছাত্ৰ সন্থাই নহয়, অসম চাহ জনজাতি ছাত্ৰ সন্থাইও চৰকাৰৰ বিৰুদ্ধে লৈছে এই স্থিতি ৷ ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা পাচতো চাহ জনগোষ্ঠীয় সংগঠন সমূহে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে অধিক প্ৰতিবাদী হৈ উঠিছে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত সংগঠনকেইটাই ৰামেশ্বৰ তেলীকো বিজেপিৰ প্ৰাৰ্থী হিচাবে বিৰোধীতা কৰিছিল যদিও, তেওঁৰ ঠাইত আন কোনো চাহ জনগোষ্ঠীয় নেতাক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়াৰ দাবী উত্থাপন কৰিছল ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে সংগঠনকেইটা ৷
লগতে পঢ়ক : পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ