ETV Bharat / state

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ জুমুঠি দাহ কৰি প্ৰতিবাদ আপৰ - Chakma Hajong Issue - CHAKMA HAJONG ISSUE

'কা' বলৱৎ হ'লেও অসমলৈ কোনো লোক আহিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সময়তে অৰুণাচলৰ লক্ষাধিক চাকমা-হাজঙক অসমত সংস্থাপিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদমেলত ৰাজহুৱা কৰাৰ পাছতে গৰজি উঠিছে দল-সংগঠন । বুধবাৰে নিশা ইয়াৰ বিৰোধীতাৰে আপে মহানগৰীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিক্ৰিয়া ।

AAP protests in Guwahati by burning union minister Kiren Rijiju's effigy
কিৰেণ ৰিজিজুৰ জুমুঠি দাহ
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 8:32 AM IST

কিৰেণ ৰিজিজুৰ জুমুঠি দাহ

গুৱাহাটী,২৫ এপ্ৰিল: চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ বিৰোধীতাৰে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । গুৱাহাটীৰ গণেশগুৰিত বুধবাৰে আম আদমী পাৰ্টিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ জুমুঠি দাহ কৰি সাব্য়স্ত কৰে তীব্ৰ প্ৰতিবাদ । অৰুণাচলত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ বিৰোধিতাৰে আপে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । অসমৰ সচেতন জনসাধাৰণে চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্ত কোনোপধ্যেই মানি নলয় বুলি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে আপৰ নেতা-কৰ্মীসকলে ।

প্ৰায় এঘণ্টা ধৰি প্ৰতিবাদত উত্তাল হৈ পৰে গণেশগুৰিৰ ট্ৰেফিক পইন্ট । আপৰ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে । আৰক্ষীৰ প্ৰতিৰোধৰ মাজতে আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । যি সময়ত অসমৰ থলুৱা ভূমিহীন কৃষকক চৰকাৰে সংস্থাপিত কৰিব পৰা নাই, যি সময়ত আমাৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভৰ পৰা বঞ্চিত হৈছে, চৰকাৰে থলুৱা নাগৰিকক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে, সেই সময়ত অৰুণাচল প্ৰদেশৰ পৰা চাকমা-হাজং শৰণাৰ্থীসকলক আনি অসমত সংস্থাপন দিব বিচাৰিছে ।

আম আদমী পাৰ্টিয়ে চৰকাৰৰ এই অসম বিৰোধী অভিসন্ধি কোনোপধ্যেই মানি নলয় বুলি তেওঁ সদৰী কৰে । আপৰ নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও সৰৱ হৈ পৰা পৰিলক্ষিত হয় । আপৰ প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, আপৰ মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া, মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকাৰ লগতে বহুকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব: শংকৰজ্যোতি বৰুৱা - Chakma Hajong Issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.