ETV Bharat / state

মুখ্যমন্ত্ৰী-প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজিৰ অভিযোগ আপৰ - Lok Sabha Election 2024

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জত কংগ্ৰেছ দলক কৰা কটাক্ষৰ পাচতো দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে আপ অসমৰ নেতৃত্বই ৷ মুখ্যমন্ত্ৰীয়ে আগ্ৰাহী মনোভাবেৰে কংগ্ৰেছ দলটোক বাৰম্বাৰ অপমানিত কৰা লগতে গণতন্ত্ৰ বিৰোধী কথা কৈ অহাৰ পাচতো দলটোৱে মৌনতা অৱলম্বন কৰাৰ আঁৰত আন কোনো কাৰণ জড়িত থকাৰ সন্দেহ ব্যক্ত আপ অসমৰ ৷

Lok Sabha Election 2024
মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজিৰ অভিযোগ আপৰ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 8:30 PM IST

আপৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা

গুৱাহাটী, ১৯ মাৰ্চ: মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আপৰ নেত্ৰীগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী সভাত এজন বাদে আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীকে বিজেপিলৈ নিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ বিৰুদ্ধে এনে অপমানজনক মন্তব্য প্ৰকাশ কৰাৰ পিচতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়, এই‌ক্ষেত্ৰত কংগ্ৰেছৰ মৌনতাৰ কাৰণ কি ? মৌনতা সন্মতিৰ লক্ষণ নেকি ? সঁচাকৈয়ে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি আছে নেকি ? তেওঁ লগতে কয়, বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ দলে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰি ৰাজ্য তথা দেশৰ পৰা বিজেপি উৎখাত কৰাৰ ক্ষেত্ৰত সকলোকে নেতৃত্ব দিব বুলি কৈছিল ৷ কিন্তু কংগ্ৰেছ দলৰ জাকে জাকে নেতা-পালিনেতা গৈ বিজেপিত যোগদান কৰিছে কিন্তু তেওঁলোকে ৰখাব পৰা নাই ৷ তেওঁলোক মৌন হৈ আছে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা তথা কংগ্ৰেছৰ নেতৃত্বই এই বিষয়টো স্পষ্ট কৰিবলৈ আপৰ মুখপাত্ৰগৰাকীয়ে প্ৰত্যাহ্বান জনাই কয় যে পূৰ্বে ২০২১ চনতো মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰাৰ্থীৰ টিকট তেওঁৰ মতেই হয় । এইবাৰ পুনৰ একেধৰণৰ মন্তব্যই প্ৰদেশ কংগ্ৰেছ আৰু বিজেপিৰ মাজত সম্পৰ্কৰ অভিযোগ স্পষ্ট কৰিছে ।

ইফালে অসমৰ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয়, "গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাচত কংগ্ৰেছ দলে শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপক সমৰ্থন কৰা উচিত আছিল । কিন্তু কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম মানি চলা নাই ।'

লগতে পঢ়ক: এজনৰ বাহিৰে প্ৰত্যেককে গেৰুৱা বসন পিন্ধাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.