ETV Bharat / state

তিনিটা লোকসভা সমষ্টিত এতিয়াও আঁকোৰগোজ আপ - I N D I A মৰ্চা

AAP press meet : আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল ৷ এই সংবাদমেলতে আপে তিনিখন আসনত নিৰ্বাচন খেলাৰ বাবে সাজু হোৱা বুলি উল্লেখ কৰে । লগতে বাকীকেইখন আসনত বিৰোধী ঐক্যমঞ্চৰ‌ প্ৰাৰ্থীক আপে পূৰ্ণ সমৰ্থন কৰিব বুলিও মন্তব্য কৰে ৷

AAP press meet
তিনিটা লোকসভা সমষ্টিত এতিয়াও আঁকোৰগোঁজ আপ
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:53 PM IST

আঁকোৰগোঁজ আপ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত যদিও এতিয়াও অসমত বিৰোধী‌ ঐক্যমঞ্চৰ দলসমূহৰ মাজত আসন‌ বুজাবুজিক লৈ সমিলমিলত আহিব পৰা নাই । বিৰোধী‌ ঐক্যমঞ্চৰ সহযোগী দল আপে অসমত গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাক লৈ লাগিছে আউল বিৰোধী‌ ঐক্যমঞ্চৰ মাজত ।

বিৰোধী ঐক্যমঞ্চৰ‌ সহযোগী দল কংগ্ৰেছ, অজাপ, চি পি আই এম, ৰাইজৰ দলৰ নেতৃত্ব এইক্ষেত্ৰত ক্ষোভিত হৈ আছে । ইপিনে শুক্ৰবাৰে বিধানসভাৰ বাহিৰত বিৰোধী ঐক্যমঞ্চৰ সহযোগী দল চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে বিৰোধী ঐক্যমঞ্চৰ হৈ বৰপেটাত চি পি‌‌আই এমৰ আৰু ডিব্ৰুগড়ত অজাপৰ‌ প্ৰাৰ্থী থিয়‌ কৰাৰ এক প্ৰকাৰ সিদ্ধান্ত লৈছে ।

কিন্তু আপে এইক্ষেত্ৰত আঁকোৰগোজ ভূমিকা গ্ৰহণ কৰি আছে । তথাপিও আপৰ লগত আলোচনা চলি আছে বুলি তেওঁ সদৰী কৰিছিল । ইপিনে শনিবাৰে গণেশগুৰিস্থিত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে‌ এখন সংবাদমেলত আপে তিনিখন আসনত নিৰ্বাচন খেলাৰ বাবে সাজু হোৱা বুলি সদৰী কৰে ।

লগতে বাকী আসনবোৰত বিৰোধী ঐক্যমঞ্চৰ‌ প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা তেওঁ প্ৰকাশ কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডাঃ ভবেন চৌধুৰীয়ে ঘোষণা কৰে যে আম আদমি পাৰ্টী I.N.D.I মৰ্চাৰ সৈতে সদায় আছে আৰু থাকিব ।

লগতে পঢ়ক : ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !

ইতিমধ্যে আপে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ৰাইজৰ মাজলৈ আগবঢ়াইছে । এয়া কেন্দ্ৰীয় নেতৃত্বই ঠিক কৰিছে বুলি তেওঁ স্পষ্ট কৰে । ইপিনে বিৰোধী ঐক্যমঞ্চৰ পৰা যদি আন দলে ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থী দিয়ে তেতিয়া আপে কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়াৰ পৰা চৌধুৰী আঁতৰি থকা দেখা যায় ।

ইপিনে সংবাদমেলখনত ডাঃ ভবেন চৌধুৰীয়ে ঘোষণা কৰে যে কাইলৈ অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বশিষ্ঠ শিশু উদ্যানৰ পৰা "অসমতো কেজৰিৱাল" শীৰ্ষক প্ৰচাৰ অভিযানটোৰ আৰম্ভনি কৰিব । এই প্ৰচাৰ অভিযানটোত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনতালৈ লিখা এখন চিঠি ৰাইজৰ মাজলৈ লৈ যাব ।

এই প্ৰচাৰ অভিযানটোত আপৰ সকলো নেতা-কৰ্মীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৬০ টা ৱাৰ্ড, ৩ খন নগৰ পালিকা, ১২৯ খন গাঁও পঞ্চায়ত আৰু ২১৪৩ টা বুথৰ ৰাইজৰ মাজলৈ আমাৰ বাৰ্তা কঢ়িয়াই নিবলৈ চেষ্টা চলাব বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক : কংগ্ৰেছৰ বহুতেই এতিয়াও নিজকে মন্ত্ৰী বুলিয়েই ভাবে: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.