ETV Bharat / state

40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ - Assam Muslim population row

AAMSU criticises Assam CM: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলযোগে কঠোৰ ভাষাৰে সমালোচনা আমছুৰ । মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ নামত ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 7:18 AM IST

AAMSU criticises Assam CM
জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে নগাঁৱত আমছুৰ সংবাদমেল (ETV Bharat Assam)

নগাঁও, 19 জুলাই: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড উপস্থিত হৈ অসমত মুছলমান লোকৰ জনসংখ্যা 40 শতাংশ বুলি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল আৰু এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ।

আমছুৰ ৰাজ্যিক সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদমেল সম্বোধন কৰি কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে । 1951 চনত অসমৰ মুঠ জনসংখ্যাৰ 12 শতাংশ লোক মুছলমান বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় । 1951 চনৰ লোকপিয়ল মতে অসমত মুছলমান লোকৰ জনসংখ্যা আছিল 24.68 শতাংশ । আনহাতে 2011 চনৰ লোকপিয়ল মতে অসমত মুছলমান লোকৰ জনসংখ্যা হৈছে 34 শতাংশ । তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি তথ্যৰ ভিত্তিত অসমত মুছলমান লোকৰ সংখ্যা 40 শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰক ।"

সময়ে সময়ে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক মুখ্যমন্ত্ৰীগৰাকীয়ে টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি আমছুৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে । সমান্তৰালভাৱে, মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো অধ্যয়ন নকৰাকৈ অসমত বৰ্তমান 40% মুছলমান আছে বুলি উল্লেখ কৰিছে সৰকাৰে । 2011 বৰ্ষৰ পাচত অসমত কোনো লোকপিয়ল হোৱা নাই ।

মুখ্যমন্ত্ৰীয়ে মুছলমান লোকক লক্ষ্য কৰি লোৱা বুলিও দাবী কৰে সংখ্যালঘু নেতাগৰাকীয়ে । নেতাগৰাকীয়ে কয়, "বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত 15 বছৰৰো অধিক কাল অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ পাচতো অসম-বাংলাদেশ সীমান্ত ছীল হ'ব লাগে বুলি দিল্লীৰ আগত ক’বলৈ কিয় সাহস গোটাব পৰা নাই । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনসংখ্যা বৃদ্ধিৰ নামত ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনৰ ৰাজনীতি কৰিছে ।"

সংবাদমেলখনত আমছুৰ উপ-সভাপতি মুশ্বাৰফ হুছেইন কবিৰ, সাংগঠনিক সম্পাদক আব্দুল ৱাহেদ মণ্ডল আৰু নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন উপস্থিত থাকে ।

লগতে পঢ়ক: অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে ! - Assam Muslim population row

মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ - Assam Politics

ঝাৰখণ্ডত ডাবোল ইঞ্জিনৰ চৰকাৰ গঠনৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.