ETV Bharat / state

এখন ফটো দেখি যুৱকৰ উঠিল খং, কামুৰি আহত কৰিলে চাৰিজনক - Attack on Aadhaar centre staff

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:07 PM IST

Updated : May 30, 2024, 3:21 PM IST

Attack on Aadhaar centre staff: ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা । এখন ফটো দেখি খঙত অগ্নিশৰ্মা হৈ উদণ্ড যুৱকে কামুৰি গাৰ মঙহ এৰুৱাই নিলে আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীৰ । ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে চাঞ্চল্য ।

Aadhaar centre staff injured after youth bite in Sipajhar
কামুৰি আহত কৰিলে চাৰিজনক (ETV Bharat Assam)

দৰং,৩০ মে': এখন ফটো দেখি এজন যুৱকৰ খং উঠিল । খঙত অগ্নিশৰ্মা হৈ তাণ্ডৱ চলালে যুৱকজনে । যুৱকজনৰ আক্ৰমণত আহত হ'ল চাৰিজনকৈ লোক । কামুৰি এৰুৱাই নিলে গাৰ মঙহ ।

কাৰ ফটো দেখি অগ্নিশৰ্মা হ’ল যুৱক?

দৰাচলতে যিখন ফটো দেখি যুৱকজনৰ খং চুলিৰ আগ পালে গৈ সেই ফটোখন আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তাৰ পিচতেই মানুহে মানুহ কামোৰা এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰত । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

কি আছিল ঘটনাটো ?

জানিব পৰা মতে ২৯ মে'ৰ বিয়লিভাগত হঠাতে ছিপাঝাৰ একাডেমী ফিল্ড চৌহদৰ এটা আধাৰ কেন্দ্ৰ জিণ্টু বণিয়া নামৰ যুৱক এজন প্ৰৱেশ কৰে । আধাৰ সম্পৰ্কীয় কিছু কথা পতাৰ কিছু সময়ৰ পিচতে তাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটোক লৈ প্ৰথমে বিতৰ্ক আৰম্ভ কৰে জিণ্টু নামৰ যুৱকজনে । তাৰ পিছত কথাৰ কটাকটি আৰম্ভ হয় । লাহে লাহে সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে । উগ্ৰ হৈ পৰে যুৱকজন। কেন্দ্ৰটোত থকা বিভিন্নজনে যুৱকজনক শান্ত কৰিবলৈ চেষ্টা কৰিও বিফল হয় । হঠাৎ উদণ্ড যুৱকজনে আধাৰ কেন্দ্ৰটোৰ এজন কৰ্মচাৰীৰ বুকুত কামোৰ মাৰে ।

লগে লগে বাকী তিনিজন আধাৰ কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে যুৱকজনক ধৰিবলৈ আগবাঢ়ি অহাত উক্ত লোক কেইজনকো বখলাবখলকৈ কামুৰি শৰীৰৰ মঙহ চিঙি পেলায় । এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আধাৰ কেন্দ্ৰটোত । পৰিস্থিতি বিষম হোৱাত আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় আক্ৰমণকাৰী ছিপাঝাৰ ভুক্তাবাৰী বনিয়াপাৰাৰ জিন্টু বনিয়া নামৰ উদণ্ড যুৱকজনক ।

ইফালে যুৱকজনৰ আক্ৰমণত আহত তিনিজনক ততাতৈয়াকৈ স্থানীয় ছিপাঝাৰ সামূহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । ছিপাঝাৰ একাডেমী ফিল্ড চৌহদৰ আধাৰ কেন্দ্ৰত সংঘটিত এই ঘটনা হতচকিত কৰিছে তুলিছে সকলোকে । ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ ছিপাঝাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক: আচলতে কি হৈছিল খেলমাটি আৰক্ষী চকীত ! অতিৰিক্ত আৰক্ষী অধীক্ষকে জনালে সবিশেষ - Attack On Khelmati Outpost

খেলমাটি কাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, শুকুৰবাৰে নিশা আটক 13 আক্ৰমণকাৰী - Attack On Khelmati Out Post

Last Updated : May 30, 2024, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.