যোৰহাট, ৬ মে': যোৰহাটত সোমবাৰে গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ । এটা চোৰলৈ লক্ষ্য কৰি আৰক্ষী গুলীচালনা । আৰক্ষীৰ গুলীত আহত হয় চোৰটো । আহত চোৰটোৰ নাম কুশ কুটুম বুলি জানিব পৰা গৈছে । যোৰহাট নিকটৱৰ্তী ৰান্ধনী জানৰ নিৱাসী চোৰটোক দুদিনৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু চোৰটোৱে আৰক্ষীয়ে জিম্মাৰ পৰা আজি পুৱতি নিশা পলায়ন কৰে ।
আৰক্ষীৰ জিম্মাৰ পৰা চোৰটোৱে হেণ্ডকাফসহ পলয়ানৰ কৰি নিজ ঘৰতে আত্মগোপন কৰে । চোৰটোৱে ঘৰত আত্মগোপন কৰি থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰে আৰু আৰক্ষীয়ে চোৰটোক আত্মসমর্পণ কৰিবলৈ কয় যদিও আৰক্ষী নিৰ্দেশক আওকাণ কৰি পলাবলৈ চেষ্টা কৰে । ফলত আৰক্ষীয়ে গুলী নিক্ষেপ কৰে ফলত । আৰক্ষী গুলীত আহত হয় কুশ কুটুম ।
শনিবাৰে আদালতত হাজিৰ কৰাৰ পিছত মহকুমা ন্যায়াধীশ আদালতে এদিনৰ আৰক্ষীৰ জিম্মাত দিছিল কুশ কুটুমক । চুৰিৰ ঘটনাৰ লগত জড়িত কুশ কুটুমসহ অন্য তিনিজন চোৰকো আৰক্ষীয়ে কৰিছিল কৰায়ত্ত । কিন্তু সোমবাৰে পুৱতি ভাগত পলায়ন কৰা চোৰটোক আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে ।
বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে কুশ কুটুম । এই ঘটনাৰ সন্দৰ্ভত পুলিৰব থানাত ৬০/২৪ ধাৰা ৩৮০/৩৪ ভিত্তিত এক গোচৰ ৰজু কৰা হৈছে । তাৎপৰ্যপূৰ্ণ যে আৰক্ষীৰ গুলীয়ে চোৰটো বুকুৰে হাওঁফাওঁ ভেদ কৰিছে ।
উল্লেখ্য যে বিগত কিছুদিন ধৰি যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত সঘনাই চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল । কিন্তু যোৰহাট আৰক্ষীৰ বিৰুদ্ধে চুৰিকাণ্ড ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছিল । যোৱা শনিবাৰে আৰক্ষীয়ে কুশ কুটুমসহ তিনিটা চোৰক আটক কৰিছিল যদিও কুশ কুটুমে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা চলোৱাত গুলীবিদ্ধ হ'বলগীয়া হয় ।
লগতে পঢ়ক: নাজিৰা নিচামুক্তি কেন্দ্ৰত অত্যাচাৰৰ অভিযোগ, চিকিৎসালয়ত মৃত্য়ু ভুক্তভোগী যুৱকৰ - Nazira Rehab Center