ETV Bharat / state

শিক্ষক দিৱসৰ দিনাই কিয় প্ৰতিবাদ কৰিবলৈ ওলাইছে ৰাজ্যৰ একাংশ শিক্ষকে ? - Teachers protest

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 8:34 PM IST

Teachers Day 2024: পাঁচ ছেপ্টেম্বৰত দেশজুৰি উদযাপন কৰা হ’ব শিক্ষক দিৱস ৷ এই দিনটোতে প্ৰাপ্যৰ দাবীত প্ৰতিবাদত নামিবলৈ সাজু হৈছে একাংশ শিক্ষক ৷ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিব শিক্ষকসকল ৷

Teachers Day 2024
Teachers protest (ETV Bharat Assam)

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ দিনটোতে প্ৰতিবাদত নামিব ৰাজ্যৰ একাংশ শিক্ষক । কম্পিউটাৰ শিক্ষকৰ উপৰিও অসম কলেজ শিক্ষক সংস্থাই ন্যায্য দাবীৰ সমৰ্থনত কাইলৈ শিক্ষক দিৱসৰ দিনা ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী ।

কম্পিউটাৰ শিক্ষকসকৰ প্ৰতিবাদ :

দীর্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো চৰকাৰে আজিকোপতি চাকৰি নিয়মীয়াকৰণ নকৰাত ক্ষুব্ধ কম্পিউটাৰ শিক্ষকসকলে শিক্ষক দিৱস বৰ্জনেৰে সেই দিনটোতে ক’লা বেজ পৰিধান কৰি চচলত সাব্যস্ত কৰিব প্ৰতিবাদ । ৰাজ্যত কম্পিউটাৰ শিক্ষাৰ গুৰিব’ঠা ধৰি অহাৰ পিছতো কম্পিউটাৰ শিক্ষকসকলে প্ৰাপ্তিৰ বাবে আন্দোলন কৰি আহিবলগীয়া হৈছে । চৰকাৰৰ এনে প্ৰতাৰণা, প্ৰৱঞ্চনাক লৈয়ে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ কম্পিউটাৰ শিক্ষকসকল ।

উল্লেখ্য যে অসম চৰকাৰে ২০০৪ চনতে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান নামেৰে এক অভিলাষী আঁচনি ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আৰম্ভ কৰিছিল । ২০১৮ চনত উক্ত আঁচনিখন ড৹ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনি নাম দি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিজ্ঞাপন প্ৰকাশ কৰা হয় ।

পৰৱৰ্তী পৰ্যায়ত যোগ্যতাৰ ভিত্তিত ১,৩২৫ জনক কম্পিউটাৰ শিক্ষকক নিযুক্তি দিয়া হয় । এইসকল কম্পিউটাৰ শিক্ষকে ১৪ হেজাৰ টকা মাহিলি পাৰিতোষিক লাভ কৰি আহিছে । ইমানৰ পিছতো বছৰ বছৰ ধৰি অসংখ্য ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষাৰে শিক্ষিত কৰি মানুহ হোৱাৰ বাট দেখুৱাই আহিছে এই সকল শিক্ষাগুৰুৱে ।

মন কৰিবলগীয়া যে ২০১৬ চনত বিজেপি দলে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত কম্পিউটাৰ শিক্ষকসকলৰ সমস্যাসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তদুপৰি ২০১৭ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লোৱা হৈছিল । দুর্ভাগ্যজনকভাৱে এনে সিদ্ধান্তৰ পিচতো শিক্ষকসকলৰ চাকৰি নিয়মীয়া নহ'ল । ২০২২ চনৰ শেষৰফালে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে শিক্ষা বিভাগে শিক্ষকসকলৰ চাকৰিকাল ৬০ বছৰলৈ বৃদ্ধিৰ এটা ফাইল প্ৰস্তুত কৰে ।

লগতে ২০২৩ চনৰ আগষ্ট মাহত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা আৰ অ' পি ফাইল প্ৰস্তুত কৰা হয় । কিন্তু কাৰ্যতঃ কোনো ফলাফল নোলাল । এনে পৰিস্থিতিত কম্পিউটাৰ শিক্ষকসকলে চৰম দুঃচিন্তাত দিন পাৰ কৰিবলগা হৈছে ।

সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ সভাপতি ৰিংকু মহন্ত আৰু সম্পাদক নৱব্ৰত কাকতিয়ে কয়, ‘‘অসম চৰকাৰৰ নিৰ্দেশমৰ্মে নৱম আৰু দশম শ্ৰেণীৰ কম্পিউটাৰ বিজ্ঞান বিষয়টো ঐচ্ছিক বিষয় হিচাপে শিক্ষকসকলে শিকাই আহিছে । মেট্ৰিক পৰীক্ষাৰ ফলাফললৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হয় যে অন্য বিষয়ৰ তুলনাত কম্পিউটাৰ বিষয়টোৰ ফলাফল যথেষ্ট উন্নত । সমান্তৰালভাৱে পাঠদানৰ উপৰিও নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন, দশম শ্ৰেণীৰ অনলাইন প্ৰ-পত্ৰ পূৰণ, শিক্ষকৰ মাহেকীয়া বিল প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ জলপানি, শিক্ষা সেতু, ইউডাইচ, মেট্ৰিকৰ উত্তৰ বহী মূল্যায়ন আদিকে ধৰি বহু কামৰ বোজা কম্পিউটাৰ শিক্ষকসকলে মূৰ পাতি ল'ব লগা হৈছে ।

তদুপৰি নিৰ্বাচনী কর্তব্য, বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ডাটা এন্ট্ৰি, আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজতো শিক্ষকসকলক খটুওৱা হয় । অগণন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াৰ বাবে ২০ বছৰতকৈও অধিক সময় উৎসর্গা কৰাৰ পিছতো আমি চাকৰিৰ কোনো নিশ্চয়তা নাপালো । মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বিভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছো যদিও আজিলৈকে কোনো সঁহাৰি নিদিলে । সেয়ে আমি শিক্ষক দিৱসৰ দিনটোতে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছো ।’’

কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ:

শিক্ষক দিৱস বৰ্জনেৰে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম কলেজ শিক্ষক সংস্থাই । প্ৰাপ্য তাৰিখৰ পৰা পদোন্নতি নোপোৱা, পদোন্নতিৰ প্ৰক্ৰিয়াটোক অযথা লেহেমীয়া কৰা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলীত থকা বেছিভাগ কথাই চৰকাৰে সময়মতে গ্ৰহণ নকৰা, ইউ জি চিৰ নিৰ্দেশনা অৱজ্ঞা কৰি আসোঁৱাহপূৰ্ণ ‘কাৰ্যালয় স্মাৰক’ প্ৰকাশ কৰি শিক্ষকসকলৰ ভৱিষ্যৎ জটিলতাৰ মাজলৈ ঠেলি দি অৱসৰী জীৱনক লৈ হেতালি খেলা ইত্যাদি দীর্ঘদিনীয়া অমীমাংসিত দাবীসমূহ আজিকোপতি সমাধান নকৰাৰ বাবে ক্ষোভত ফাটি পৰিছে অসমৰ কলেজ শিক্ষকসকল ।

অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড৹ জয়ন্ত বৰুৱা আৰু সাধাৰণ সম্পাদক পৰাগ জ্যোতি মহন্তই কয়, ‘‘এসময়ত কলেজ শিক্ষকসকলক ইউ জি চিৰ নিৰ্দেশনা গ্ৰহণ কৰি অসম চৰকাৰে পদোন্নতি প্ৰদান কৰাত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ সামগ্ৰিক বাতাবৰণলৈ এটা অভূতপূৰ্ব বৈপ্লৱিক পৰিৱৰ্তন হোৱাটো পৰিলক্ষিত হৈছিল । বহুতো তীক্ষ্ণ বুদ্ধিসম্পন্ন তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানত অধ্যয়ন আৰু গৱেষণা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে অসমৰ কলেজসমূহত শিক্ষকতা কৰিবলৈ আগবাঢ়ি আহিছিল ।

আজিৰ দিনত পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত ভোগা দুই-এখন মহাবিদ্যালয়ৰ বাহিৰে বেছিভাগ মহাবিদ্যালয়তে পুৱাৰ পৰা সন্ধিয়ালৈ শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ উপৰি নানান ধৰণৰ শৈক্ষিক আৰু সামাজিক কামত কৰ্মৰত হৈ থকাটো দেখা যায় । কিন্তু বর্তমান চৰকাৰে ইউ জি চিৰ নীতি-নিৰ্দেশনা অৱমাননা কৰি কলেজ শিক্ষকসকলৰ পদোন্নতিৰ বিষয়টোত বহুতো জটিলতা আনি দিছে ২৯ জানুৱাৰীত প্ৰকাশিত পদোন্নতিৰ তালিকা আৰু বিগত বৰ্ষৰ ৮ নৱেম্বৰত প্ৰকাশিত 'কার্যালয় স্মাৰক'খনৰ জৰিয়তে ।’’

‘‘দৈনন্দিন কলেজসমূহত কৰিবলগীয়া শিক্ষাকেন্দ্ৰিক কাম-কাজৰ বাহিৰেও বৰ্তমান কলেজ শিক্ষকসকলে নিৰ্বাচনৰ পৰা গুণোৎসৱলৈকে বিভিন্ন চৰকাৰী দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি সমাজ তথা দেশলৈ অৱদান আগবঢ়াই আহিছে । আজিৰ কলেজ শিক্ষকে কোনো কোনো দিনত ১০/১২ ঘণ্টাপর্যন্ত কাম কৰে কেৱল শিক্ষাখণ্ড তথা সমাজৰ উন্নতিৰ হকে । তেনেস্থলত প্ৰয়োজনীয় সকলোখিনি গুণ আৰু অৰ্হতা থকাৰ পিচতো যদি শিক্ষকসকলে সময় অনুসৰি প্ৰাপ্য পদোন্নতি তথা আন সুবিধাসমূহ পাবলৈ সক্ষম নহয় সেয়া শিক্ষকৰ প্ৰতি কৰা চূড়ান্ত অন্যায় । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সফল কাৰ্যকৰীকৰণ, ভাৰতীয় জ্ঞান ব্যৱস্থা আদিৰ সঠিক অধ্যয়ন আদিৰ বাবেও কলেজ শিক্ষক সংস্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।’’ তেওঁলোকে লগতে কয় ৷

শিক্ষক দুগৰাকীয়ে আৰু কয়, ‘‘কেৱল শিক্ষাখণ্ডৰ মাজতে সীমাবদ্ধ হৈ নাথাকি সংস্থাই ইতিমধ্যে অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰতি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰা কেন্সাৰ ৰোগত ভোগা ৰোগীসকলৰ সহায়ৰ বাবেও পৰিকল্পনা হাতত লৈ অসমত কেন্সাৰ ৰোগ নিৰাময় আৰু ৰোগীৰ সহায়ৰ কাৰণে কাম কৰি অহাৰ প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্রাষ্ট' আৰু বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষজ্ঞ চিকিৎসকসকলৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে আগবাঢ়িছে । এই সংক্ৰান্তত দুয়োটা অনুষ্ঠানৰ লগতে সংস্থাই দুখনকৈ সভা অনুষ্ঠিত কৰি ভৱিষ্যতৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।’’

‘‘তদুপৰি দীপশিখা ফাউণ্ডেচনৰ লগত একেলগে কাম কৰাৰ পৰিকল্পনা লৈ সংস্থাই ইতিমধ্যে যোগাযোগ কৰিছে । এনেধৰণৰ কৰ্মপন্থাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস হিচাপে এখন চুটি তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰি অহা নৱেম্বৰত কাম আৰম্ভ কৰাৰ কথা সংস্থাই চিন্তা কৰিছে । সেয়েহে আজিৰ কলেজ শিক্ষকে বহুমাত্ৰিক দিশত সেৱা আগবঢ়াই ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আগবাঢ়িছে ।

কিন্তু চৰকাৰৰ তৰফৰ পৰা প্ৰাপ্যখিনি সময়মতে নিদিয়া বা পদোন্নতি আদিত জটিলতাৰ সৃষ্টি কৰি শিক্ষকসকলক মানসিকভাৱে অশান্তি দিয়া আদি ঘটনাই উচ্চ শিক্ষাৰ প্ৰসাৰত ব্ৰতী হৈ থকা শিক্ষাগুৰুসকলক ব্যথিত কৰাৰ লগতে ক্ষুব্ধও কৰিছে । যাৰ বাবে শিক্ষক দিৱসত কোনো ধৰণৰ সন্মান গ্ৰহণ নকৰাকৈ থাকি দীৰ্ঘদিনীয়া ক্ষোভৰ বহিঃ প্ৰকাশ ঘটাবলৈ সাজু হৈছে কলেজ শিক্ষকসকল । চৰকাৰৰ পৰা যোগাত্মক সঁহাৰি নাপালে শিক্ষক দিৱসৰ পাচতে ধৰ্ণা, শ্ৰেণী বৰ্জনকে ধৰি কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।’’ তেওঁলোকে কয় ৷

লগতে পঢ়ক: লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

চৰত কৰ্মৰত শিক্ষকৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে - Teachers Transfer Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.