ETV Bharat / state

এয়া যে উত্তৰ প্ৰজন্মক শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক অভিনৱ প্ৰয়াস - PICTURE OF RURAL LIFE

শিপাৰ সন্ধানত এজাক কণ কণ শিক্ষাৰ্থী । দাঙি ধৰিলে নিভাঁজ অসমীয়া চহা গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি ।

A school tries to introduce young students to the picture of rural life
উত্তৰ প্ৰজন্মক শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 8:37 PM IST

ধেমাজি: যি সময়ত আধুনিকতাৰ ধামখুমীয়াত অসমীয়া চহা গ্ৰাম্যজীৱনৰ ছবি ক্ৰমাৎ হেৰাই যোৱা উপক্ৰম হৈছে, আজিৰ প্ৰজন্মই চিনি নোপোৱা হৈছে অসমীয়া মানুহে ব্যৱহাৰ কৰি তাহানি দিনৰ আহিলা আৰু ব্যৱস্থাবোৰ । এই ব্যৱস্থাবোৰ দেখিবলৈ পোৱা গৈছে এখন বিদ্যালয়ৰ প্ৰাংগনত । এজাক কনমানিয়ে কাহানিও নকৰা আৰু নেদেখা কামৰ সৈতে নিজে কৰি আপ্লুত হৈ পৰিল । বিশেষকৈ তাহানি অসমীয়াৰ ঘৰে ঘৰে দুই তিনিগৰাকী মানুহ একেলগ হৈ ধান মৰা, গৰুৱে মৰণা মৰা পদ্ধতি, একেলগে গাঁৱৰ মহিলাই ধান চলা ব্যৱস্থা, জাকৈয়ে মাছ মৰা, গাঁৱৰ ৰাইজৰ গৰুপাল লোৱা ব্যৱস্থা, ক্ষুদ্ৰ খুচুৰা ব্যৱসায় আদি কৰা হ'ল প্ৰদৰ্শন ।

তদুপৰি অসমীয়া তিনি বিহুৰ পৰম্পৰা প্ৰদৰ্শন আৰু পালন কৰা বিষয়ে ধাৰণা দিয়া হয় । ধেমাজিত শংকৰদেৱ বিদ্যা নিকেতনৰ উদ্যেগত ছাত্ৰ-ছাত্ৰীসকলক গ্ৰাম্য সমাজৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আয়োজন কৰা হয় এই বিশাল শিশু মেলাখনি । ধেমাজি, মাছখোৱা, জামুগুৰি পাঁচআলি, চিচিবৰগাঁও, শ্ৰীপাণি আৰু মৰিঢলকে আদি কৰি কেবাখনো শংকৰদেৱ বিদ্যা নিকেতনৰ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই ব্যতিক্ৰমী শিশু মেলাখনিত ।

উত্তৰ প্ৰজন্মক শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস (ETV Bharat Assam)

এই সন্দৰ্ভত বিদ্যালয়খনৰ এজন শিক্ষকে কয়,"সাম্প্ৰতিক সময়ত আধুনিকতাৰ ধামখুমীয়াত পৰি হেৰাই গৈছে চহা গ্ৰাম্য জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিবোৰ । যাৰ বাবে কণ কণ শিক্ষাৰ্থীসকলেও চিনি নোপোৱা হৈছে অসমীয়া সংস্কৃতিৰ বাহক উৎসৱ আৰু বিভিন্ন ব্যৱস্থাবোৰ । সেয়ে বিদ্যালয়খনে এই পদক্ষেপ গ্ৰহন কৰিছোঁ ।" উল্লেখ্য যে আকৰ্ষণীয় নিভাঁজ অসমীয়া সংস্কৃতি আৰু গ্ৰাম্য জীৱনৰ ছৱিয়ে সকলোকে মুগ্ধ কৰে ।

লগতে পঢ়ক: চৌপাশৰ কংক্ৰিকটমুখী প্ৰতিযোগিতাৰ মাজত থিয় হৈ ৰৈছে এটা খেৰী ঘৰ

৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.