জোনাই, 11 জুন: পৃথিৱীৰ প্ৰাচীনতম বাদ্য হৈছে বাঁহী ৷ বাঁহীৰ সুৰে মনত প্ৰশান্তি বিলায় ৷ শিশুকালত শ্ৰীকৃষ্ণয়ো বাঁহী বজাই মন মুহিছিল ৰাধাসহিতে গোপ-গোপীৰ ৷ মহাভাৰতত ইয়াৰ সাৱলীল বৰ্ণনা আমি পাওঁ ৷ কেৱল সেয়াইনে ! বিভিন্ন সংগীতত বাঁহীৰ ব্যৱহাৰ দেখা যায় ৷ আমি আজি ক’বলৈ লৈছোঁ এজন ব্যতিক্ৰমী বাঁহী বাদকৰ কথা ৷ তেওঁৰ নাম দিলীপ গোৱালা ৷ বহুতেই বাঁহীত সুৰৰ লহৰ তোলে যদিও দিলীপ গোৱালাৰ কথা কিছু সুকীয়া ৷
দিলীপ গোৱালাৰ বাঁহী বজোৱাৰ শৈলী তবধ মানিবলগীয়া । কিয়নো কেৱল মুখেৰে নহয়, নাকেৰেও বাঁহী বজাই দিলীপ গোৱালাই ৷ তেওঁৰ ঘৰ ঢকুৱাখনাৰ মাতমৰা জানজিত ৷ সৰুতেই ঢকুৱাখনাৰ মাতমৰাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম'হ চৰাওঁতে নাকেৰে বাঁহী বজাবলৈ শিকিছিল তেওঁ ৷ নাক আৰু মুখেৰে বাঁহী বজোৱাৰ উপৰিও টোকাৰী, হাৰমণিয়াম আদিও সুন্দৰভাৱে বজাব পাৰে দিলীপ গোৱালাই ৷
লগতে পঢ়ক: তবলাত নিখুঁত পৰশ দিবলৈ জ্যোতি ভাৰতীত উপস্থিত এজন বিশেষ কাৰিকৰ - Jyoti Bharati
এটা সময়ত মিচিং সমাজৰ জনপ্ৰিয় ঐনিতম দকচিৰিখ্যাত শিল্পী তথা সদ্যঘোষিত সংগীত নাটক বঁটাপ্ৰাপক তৰাৱতী মিলি বৰিৰ সৈতেও বাঁহী সংগত কৰিছিল এইগৰাকী চহা শিল্পীয়ে ৷ কিন্তু সকলোৰে অলক্ষিতেই ৰৈ গৈছিল তেওঁৰ প্ৰতিভাসমূহ ৷ কেবাবিধো বাদ্য বজাব জানিলেও বৰ্তমান মাথোঁ বাঁহীটোহে আছেগৈ দিলীপ গোৱালাৰ হাতত ৷ কৰ্মসূত্ৰে জোনাইলৈ অহাৰ পূৰ্বে হাৰমনিয়াম আৰু টোকাৰীখন ঢকুৱাখনাৰ মাতমৰাতে এজন বন্ধুক উপহাৰ হিচাপে দি আহিল তেওঁ ৷
দিলীপ গোৱালাই বিভিন্ন পৰম্পৰাগত গীত মিচিং, অসমীয়া, হিন্দী গীত আদিৰ সুৰ বাঁহীত বজাই লাভ কৰিছে জনপ্ৰিয়তা ৷ চাহ বাগানত দিন হাজিৰা কৰি দিলীপ গোৱালাই পোহপাল দিছে পৰিয়লটিক ৷ চাহ বাগানৰ কাম-কাজত ব্যস্ত থকা দিলীপ গোৱালাই বহু কষ্টৰ মাজতো সময় উলিয়াই বাঁহীত সুৰৰ ৰাগিনী তোলে । কষ্টকৰ জীৱনযুদ্ধৰ মাজতো বাঁহীটো তেওঁ এৰি দিয়া নাই ৷ কষ্টকৰ জীৱনযুদ্ধত বাঁহীটোৱেই তেওঁক ক্ষণিকৰ বাবে হ’লেও দি যায় মানসিক প্ৰশান্তি ৷