ETV Bharat / state

বন্দুকধাৰী বিজেপি কৰ্মীৰ গুলীত আহত এজন: প্ৰায়েই পিষ্টল লৈ সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ বিজেপি সদস্য বাবাৰ বিৰুদ্ধে - Firing at Rangia

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 11:37 AM IST

BJP Worker Firing allegation: ৰঙিয়াত মাজনিশা বিজেপি কৰ্মীৰ বিৰুদ্ধে গুলীচালনাৰে ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ । এই ঘটনাত গুলীবিদ্ধ হয় এজন । তেওঁক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । পিষ্টল আৰু সজীৱ গুলীসহ ধৃত বিজেপি কৰ্মী জ্যোতিপ্ৰকাশ শৰ্মা ।

BJP Worker Firing at Rangia
ৰঙিয়াত বিজেপি কৰ্মীৰ পিষ্টলৰ গুলীত আহত এজন (ETV Bharat Assam)

ৰঙিয়া, ১৩ ছেপ্টেম্বৰ : ৰঙিয়া নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বৃহস্পতিবাৰে মাজনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাই আতংকিত কৰি তুলিছে ৰঙিয়াবাসীক । ৰঙিয়াৰ দিপ্তী নগৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । ঘটনাটোত গুলীবিদ্ধ হয় এজন লোক । তেওঁৰ ভৰিত আঘাত কৰে পিষ্টলৰ গুলীয়ে ।

অভিযোগ মতে, জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবা নামৰ বিজেপি কৰ্মীজনে 0.32 পিষ্টলেৰে গুলীয়াই আহত কৰে এজন যুৱকক । সামান্য কথাতে জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবাই নিজৰ পিষ্টলৰ দুই জাঁই গুলীৰে মৃদুল বণিয়া নামৰ যুৱকজনক প্ৰাণনাশৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ।

ইফালে এই গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে । মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষীয়ে পিষ্টলসহ জ্যোতিপ্ৰকাশ শৰ্মাক আটক কৰে ।

জানিব পৰা মতে, গুলীবিদ্ধ যুৱকজনৰ সৈতে কোনো কথাক লৈ বাক-বিতণ্ডা হৈছিল জ্যোতিপ্ৰকাশৰ । তাৰ পাচতেই উদণ্ড স্বভাৱৰ বিশ্ব হিন্দু মহাসংঘৰ কামৰূপ জিলাৰ সভাপতি জ‍্যোতিপ্ৰকাশ শৰ্মাই পিষ্টলেৰে গুলী চলায় যুৱকজনক উদ্দেশ্যি । মৃদুল বণিয়াৰ ভৰিত সোমায় বাবাৰ পিষ্টলৰ এটা গুলী ।

উল্লেখ্য যে পূৰ্বেও বহুবাৰ নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ আছে এইজন জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবাৰ বিৰুদ্ধে । ৰাজহুৱা স্থানত নিজৰ পিষ্টলেৰে য'তে-ত'তে গুলী ফুটাই ফুৰাৰ অভিযোগ আছে জ্যোতিপ্ৰকাশ শৰ্মাৰ বিৰুদ্ধে ।

ইফালে গুৰুতৰভাৱে আহত মৃদুল বণিয়াক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

মৃদুল বণিয়াৰ ভাতৃয়ে কয়, "বাঁও ভৰিত গুলী লাগিছে । তেওঁৰ এইটো উদণ্ড স্বভাৱ চলিয়ে থাকে । কেতিয়াবা আমি ৰাতি শুব নোৱাৰো, ঘৰৰ সন্মুখত আহি ফায়াৰ কৰি থাকে । ২০২২ চনত দুৰ্গা পূজাৰ নাম চলি আছিল, তাত গৈ ফায়াৰ কৰিছে । ৰাতি আহিব ফায়াৰ কৰিব । আমাৰ ল'ৰা-ছোৱালী ঘৰত শুই থাকে, এনেকুৱা ভয় লাগে যেন আমাৰ ঘৰত গুলী আহি সোমাব নেকি । এইটো দৈনন্দিন ঘটনা হৈ গৈছে । ৰাতি কোনোবা ওলালে পিষ্টল দেখুৱাই ভয় দেখুৱায় । আমি ইয়াত থাকিব নোৱৰা অৱস্থা হৈছে । প্ৰশাসনে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, আইনে বিহিত ব্যৱস্থা ল'ব লাগে ।"

লগতে পঢ়ক :সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction
লগতে পঢ়ক :সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.