ETV Bharat / state

নলবাৰী মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - Nalbari College Establishment Day

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:48 PM IST

Establishment Day of Nalbari College : আশী বছৰীয়া হ'ল নলবাৰী মহাবিদ্যালয় । এই উপলক্ষে মহাবিদ্যালয়খনৰ অশীতিতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট গৱেষক ডঃ উপেন ৰাভা হাকাচামে ।

Establishment Day of Nalbari College
নলবাৰী কলেজৰ প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat Assam)

নলবাৰী, ৪ জুলাই : ৮০ বছৰত ভৰি দিলে নামনি অসম তথা অবিভক্ত কামৰূপ জিলা, বৰ্তমানৰ নলবাৰীৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ নলবাৰী মহাবিদ্যালয়ে । ১৯৪৫ চনৰ ৪ জুলাইত প্রতিষ্ঠা হোৱা নলবাৰী মহাবিদ্যালয় হৈছে জিলাখনৰ গৌৰৱ । আনহাতে, নলবাৰী মহাবিদ্যালয় হৈছে জিলাখনৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ।

নলবাৰী কলেজৰ প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

১৯৪৫ চনত প্ৰতিষ্ঠাকালৰে পৰা মানৱ সম্পদ সৃষ্টিত নলবাৰী মহাবিদ্যালয়ে যথেষ্ট অৰিহণা যোগাই আহিছে । প্ৰায় ১৬ একৰ ভূমিত বিস্তৃত এই মহাবিদ্যালয়খনত আছে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পর্যায়লৈকে শিক্ষা প্রদানৰ ব্যৱস্থা । কলা আৰু বিজ্ঞান শাখাৰ উচ্চ শিক্ষাৰ বাবে নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী মহাবিদ্যালয়ে আজি ৮০ বছৰত ভৰি দিলে ।

এক আটকধুনীয়া পৰিৱেশত নলবাৰী চহৰৰ জাপাৰকুছিত অৱস্থিত এই মহাবিদ্যালয়খনৰ সৈতে আছে বহুতৰে স্মৃতি । স্বাধীনতাৰ পূৰ্বেই বহু গণ্য-মান্য ব্যক্তিয়ে এইখন নলবাৰী কলেজতে অধ্যয়ন কৰি নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল । সময়ৰ গতিত মহাবিদ্যালয়খনে যথেষ্ট ন ৰূপ পালে যদিও আজিও এই মহাবিদ্যালয়খন বহুতৰে বাবে তেনেই চিনাকি, আপোন ।

এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত সেয়ে বহুতে আহি আপোন মহাবিদ্যালয়খনত উপস্থিত হয় আৰু মহাবিদ্যালয় চৌহদত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে, প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক বিশেষ বক্তৃতা অনুষ্ঠানৰ । 'অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা-সংস্কৃতি : সমন্বয় আৰু সমাহৰণ' শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি নিজৰ সাৰুৱা বক্তব্য ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট গৱেষক ডঃ উপেন ৰাভা হাকাচামে ।

নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত যুৱ সাহিত্য অকাডেমি বঁটাপ্ৰাপক নয়নজ্যোতি শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় । আনহাতে, স্মৃতি তৰ্পণ কৰে নলবাৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ভট্টাচাৰ্যই । প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন কৰে নলবাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ফটিক চন্দ্ৰ বৰ্মেন ।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট ব্যক্তি তথা নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপকসকলো উপস্থিত থাকে । নলবাৰী মহাবিদ্যালয়ৰ এই ঐতিহাসিক ক্ষণত উপস্থিত থকাৰ লগতে সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে ।

লগতে পঢ়ক :ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ আছুৰ - Assamese Language Movement
লগতে পঢ়ক :লখিমপুৰত ৭৫ সংখ্যক বন মহোৎসৱৰ আৰম্ভণি - 75th Van Mahotsav Celebration

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.