ETV Bharat / state

ADRE ৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ - ADRE Question Paper Leak

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 9:26 PM IST

ADRE 2024 Paper Leak: ADRE ৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ তোলপাৰ ৰাজ্য । মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পিচতে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকৰ সন্ধানত তীব্ৰতৰ আৰক্ষীৰ অভিযান । বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ জনকৈ লোকক, আৰু বহু জালত পৰাৰ সম্ভাৱনা ।

8 arrested in connection with ADRE question paper leak
ADRE ৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ (ETV Bharat Assam)

জোনাই, ১৭ ছেপ্টেম্বৰ: উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগক লৈ অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে । প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচতে আৰক্ষীয়ে এই কাৰ্যৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে ৮ জনকৈ লোকক । ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে এই ৮ জনকৈ লোকক । গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ এজন কেন্দ্ৰটোৰ দায়িত্ববাহী বিষয়া, পৰ্যবেক্ষক দুজন, নীৰিক্ষক তিনিজন, মূল অভিযুক্ত মংগল সিং বসুমতাৰী আৰু পৰীক্ষাৰ্থী দীজেন বড়ো ।

ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "ইতিমধ্যে আমি ৮ জন মানুহক আটক কৰিছিলোঁ আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জ আছে আৰু এছ অ' দুজন আছে, ইনভিজিলেটৰ তিনিজন আছে । এই ঘটনাটো মংগল সিং বসুমতাৰীয়ে কৰিছিল আৰু তেওঁৰ খুলশালীয়েকজনো এইবাৰ উক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । তেখেতে খুলশালীয়েকক এই প্ৰশ্ন কাকত দিছিল । গোটেই ঘটনাটো পৰীক্ষা শেষ হোৱাৰ পিচত হৈছিল । ২ বাজি ১৭ মিনিটত এই ঘটনাটো সংঘটিত কৰিছিল । ইয়াৰ লগত আৰু কোন কোন জড়িত আছে আমি অনুসন্ধান কৰি আছোঁ ।"

উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ১৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা । মুঠ ৩১২৭ টা পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থী । কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছিল এক অনাকাংক্ষিত খবৰ, ভাইৰেল হ’ল পৰীক্ষাৰ প্ৰশ্নকাকত । ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত ব্যৱহৃত প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ বাতৰি বিয়পি পৰাৰ পিচতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ।

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছিল," সামাজিক মাধ্যমত ADRE ৰ প্ৰশ্নকাকত আপলোডৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ধৰা পৰিছে যে যিখন ব্যৱহৃত প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈছে, সেইখন আছিল ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত ব্যৱহৃত ৷ ধেমাজি আৰক্ষীয়ে অনুসন্ধানত পোহৰলৈ আনিছে যে এই প্ৰশ্নকাকতৰ ফটো তুলিছিল মংগল সিং বসুমতাৰী নামৰ এজন ব্যক্তিয়ে ৷ ছেবাৰ দ্বাৰা পৰীক্ষাকেন্দ্ৰটোত ফটোগ্ৰাফাৰ হিচাপে নিয়োগ কৰা হৈছিল ব্যক্তিজনক ৷"

এক্সযোগে জি পি সিঙে আৰু কয়, "ফটোগ্ৰাফী কৰা হৈছিল 1.30 বজাত পৰীক্ষা শেষ হোৱাৰ ঠিক পিচত ৷ তেওঁক ইতিমধ্যে আটক কৰা হৈছে আৰু তেওঁ স্বীকাৰ কৰিছে যে পৰীক্ষা অন্ত পৰাৰ পিচত তেওঁ এই ফটো তুলিছিল ৷ অধিক তদন্তৰ বাবে তেওঁৰ ম’বাইল ফোন জব্দ কৰা হৈছে ৷ প্ৰশ্নকাকতৰ ফটো তোলাৰ পিচত তেওঁ সেই ফটো কেবাগৰাকীও ব্যক্তি বিশেষলৈ প্ৰেৰণ কৰিছিল ৷ অধিক ব্যৱস্থা গ্ৰহণৰ বাবে সেই ব্যক্তি কেইজনৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ৷ পৰীক্ষা প্ৰক্ৰিয়াক বিঘ্নিত কৰাৰ বাবে চলোৱা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ।"

লগতে পঢ়ক: দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত; চিমেন চাপৰিৰ এজনক আটক - ADRE Question Paper Leak

শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ভাইৰেল ADREৰ প্ৰশ্নকাকত; আৰক্ষীৰ জালত মহিলাসহ ১০ গৰাকী লোক - ADRE question Paper leak

ফেচবুকৰ প্ৰফাইলে প্ৰফাইলে এখন প্ৰশ্নকাকত, ADREৰ প্ৰশ্নকাকত বুলি অভিযোগ - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.