ETV Bharat / state

চলি আছে অমৃতকাল; তথাপিও গাঁওবাসী বঞ্চিত সকলো সা-সুবিধা লাভৰ পৰা ! - Deprived of all facilities

Lakhimpur lok sabha constituency: অমৃতকালত কোনো উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ এখন গাঁৱৰ ৰাইজে ৷ বিদ্যুৎ, খোৱাপানী, যাতায়তকে ধৰি সকলো ধৰণৰ সমস্যাত ভুগিছে গাঁওবাসী । ৰাজ্যৰ উন্নয়নৰ বাস্তৱ চিত্রখন উদঙাই দেখুৱাইছে ৰাজ্যৰ এই গাঁওখনে । ক’ত আছে এইখন গাঁওখন...

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 3:18 PM IST

A village in lakhimpur deprived of all facilities
চলি আছে অমৃতকাল; তথাপিও গাঁওবাসী বঞ্চিত সকলো সা-সুবিধা লাভৰ পৰা (ETV Bharat Assam)

লখিমপুৰ, 23 জুন: ডাবল ইঞ্জিন চৰকাৰৰ দিনত ৰাজ্যত সৰ্বক্ষেত্ৰতে বিকাশ-উন্নয়ন হোৱা বুলি শাসকীয় চৰকাৰে দাবী কৰি আহিছে যদিও এইখন অসমতে আছে আজি পৰ্যন্ত বিদ্যুতৰ পোহৰ দেখা নোপোৱা এখন গাঁও । জানিব পৰা মতে, গাঁওখনত বিদ্যুতৰ খুঁটাও আছে, ট্ৰেন্সফৰ্মাৰো আছে । কিন্তু বিদ্যুৎ সংযোগহে নাই । লগতে, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । যাতায়াতৰ বিশেষ কোনো সুব্যৱস্থা নাই ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি যোৱা ত্ৰিশ বছৰ ধৰি একেদৰেই আছে গাঁওখনৰ অৱস্থা । গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দিনে-নিশাই কেৱল বিচনীখনকেই সাৰথি কৰিবলগীয়াত পৰিছে গাঁওবাসীয়ে । একেদৰে শিক্ষাৰ্থীসকলে নিশা টৰ্চৰ পোহৰতহে পঢ়িবলগীয়া হয় । উল্লেখ কৰা প্ৰয়োজন যে, 24 ঘণ্টাই গাঁৱে গাঁৱে বিদ্যুতৰ পোহৰ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও কাৰ্যতঃ প্ৰতিশ্ৰুতি অসাৰ হৈ ৰ’ল ।

লগতে পঢ়ক: আইতাগৰাকীৰ ভোটটোহে বহুমূলীয়া, জীৱনটো নহয় ! নেতাই কিয় কেৰাহীকেও নাচায় ? - Deprived from govt scheme

আনকি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পূৰ্বেও গাঁওবাসীক জনপ্ৰতিনিধিয়ে বিদ্যুৎ সংযোগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজি পৰ্যন্ত প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা পৰিলক্ষিত নহ’ল বুলি ক্ষোভেৰে জনায় ভুক্তভোগী ৰাইজে । বিদ্যুতৰ পোহৰ নেদেখা তথা অত্যাধুনিক সকলো সা-সুবিধাৰ পৰা বঞ্চিত এই গাঁওখন হ’ল লখিমপুৰ জিলাৰ গোবিনপুৰ । প্ৰায় 35 টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ ৰাইজে আজি পৰ্যন্ত সকলো উন্নয়নৰ পৰা বঞ্চিত হৈ আছে ।

লখিমপুৰ জিলাৰ ওখমাটি পঞ্চায়তৰ অন্তৰ্গত এই গোবিনপুৰ গাঁওখন ।

উল্লেখযোগ্য যে 2023 চনত গাঁওখনত বিদ্যুতৰ খুঁটা স্থাপন কৰি আকৌ সকলো সামগ্ৰী ঘূৰাই লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । এতিয়া প্ৰশ্ন হয় যে বিদ্যুতৰ খুঁটা স্থাপন কৰাৰ পিচতো বিদ্যুৎ সেৱাৰ সংযোগ কিয় কৰা নহ’ল । আনহাতে বিদ্যুৎ সৰবৰাহ নৌহওঁতেই বিদ্যুতৰ বিল অহাৰো অভিযোগ তোলে ৰাইজে । কাৰ ভুলৰ বাবে, কাৰ হেমাহিৰ বাবে গাঁওবাসী সকলো উন্নয়ন, সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া হৈছে সেয়া গাওঁবাসীৰ বাবে এক সাঁথৰ হৈ পৰিছে ৷

লগতে পঢ়ক: পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাৱটি আইতাৰ জীৱন সংগ্ৰাম - Helpless Old Woman

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.