গুৱাহাটী : অসম জাতীয় বিদ্যালয়ৰ এটি কণমানি শিশুৰ কৃতিত্ব । লেখকৰ ৰূপত আত্মপ্ৰকাশ কৰিছে এটি কণমানি শিশুৱে । ‘‘সৃহানৰ পাঁচটা সাধু’’ নামেৰে শিশুসুলভতাৰে ৭ বছৰীয়া সৃহান দত্তই লিখিছে এখন সাধুৰ পুথি ।
সৃহান দত্ত হৈছে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ । সোমবাৰে অসম জাতীয় বিদ্যালয়ত আনুষ্ঠানিকভাৱে পুৱাৰ সমাৱেশত এই সাধুপুথিখন উন্মোচন কৰে বিদ্যালয়খন উপাধ্যক্ষ অপৰাজিতা বৰা, পংকজ দত্ত আৰু ৰবীন্দ্ৰ বৰ্মনসহ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলে ।
এই কাৰ্যসূচীত সৃহানৰ পিতৃ গল্পকাৰ-সাংবাদিক পংকজ কুমাৰ দত্ত আৰু মাতৃ কাব্যশ্ৰী মহন্তও উপস্থিত থাকে । পুত্ৰৰ শিশু মনৰ সৃষ্টিৰাজিক উৎসাহিত কৰাৰ মানসেৰে সৃহানৰ পাঁচটা সাধু প্ৰকাশ কৰিছে সৃহানৰ পিতৃ-মাতৃ পংকজ কুমাৰ দত্ত আৰু কাব্যশ্ৰী মহন্তই ৷
বিশিষ্ট গ্ৰন্থ সংকলক-সাংবাদিক শান্তনু কৌশিক বৰুৱাৰ তথ্য মতে, সৃহান বৰ্তমান অসমীয়া ভাষাৰ সৰ্বকনিষ্ঠ লেখক ৷ তথ্য মতে, ইয়াৰ পূৰ্বে ২০০২ চনত অসম জাতীয় বিদ্যালয়ৰ সেই সময়ৰ আঠ বছৰ বয়সৰ শিক্ষাৰ্থী ছাকিল ইনজাম হোছেইন আছিল অসমৰ সৰ্বকনিষ্ঠ লেখক । ছাকিলে ‘‘ঢৌ খেলা শৈশৱ’’ নামৰ এখন কবিতাৰ কিতাপ লিখিছিল ।
সৃহান দত্তই নিজা শিশুসুলভ অভিজ্ঞতাৰে লিখা সাধু পাঁচটা হ’ল - জিঞা আৰু জোনাকী পৰুৱা, কুকুৰ আৰু বান্দৰ, শিয়াল আৰু বাঘ, কাছৰ সাধু, মিকু আৰু পিকুৰ সাধু । সাধু পুথিখনত সৃহানে শব্দ-বাক্য গঠন আদি যিদৰে ব্যৱহাৰ কৰিছে, সেইদৰেই প্ৰকাশ কৰা হৈছে ৷ য’ত শিশু মনৰ কাল্পনিক জগতখন প্ৰতিফলিত হৈছে ৷ কিতাপখনৰ মুঠ পৃষ্ঠা ১৬, প্ৰচ্ছদ আৰু অলংকৰণ নৱ প্ৰতিম দাসৰ আৰু এই আই চিত্ৰ পলাক্ষী মহন্তৰ ৷