ETV Bharat / state

মাজুলীত চাৰিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন - Sankardev Death anniversary

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 3:58 PM IST

Death anniversary of Srimanta Sankardev: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি ৷ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী ৷ খোল-তাল, বৰগীত, নাম-প্ৰসংগৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ ৷ সৰ্বত্ৰে জগতগুৰুজনাক স্মৰণ ৷

Death anniversary of Srimanta Sankardev
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন (ETV Bharat Assam)

মাজুলী, 4 ছেপ্টেম্বৰ: অসমীয়া সমাজ জীৱনৰ খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৬ সংখ্যক তিৰোভাৱ তিথি । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ পৰিব । মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিছে ।

প্ৰথমদিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি মূলতিথি ইয়াৰ পাছত কাইলৈ ভাঙনী অনুষ্ঠান হ’ব । আজি পুৱাৰ পৰা পুৱাগীত, নাম-কীৰ্তন আদিৰ পাছত গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশন হ’ব ।

মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ আৰু চাৰি শতাধিক নামঘৰত আজি পালন কৰা হৈছে । আজিৰ গোটেই দিনটো মুখৰিত হৈ থাকিব নাম প্ৰসংগৰে । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী । ঐতিহাসিক কমলাবাৰী সত্ৰত শংকৰ গুৰুজনাৰ তিথি বিস্তৃত তথা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা হৈছে ।

চাৰিদিনীয়া কাৰ্যসূচী অনুসৰি চাউল ভোজনী, থাপনি, মূল কীৰ্তন আৰু ভাঙনী অনুষ্ঠিত হ’ব । কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন তথা অবিচ্ছিন্ন ৰীতিৰে পৰিবেশন ধন্য কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমণিকা । প্ৰতিবছৰৰ দৰে এই বৰ্ষতো ভাওনা পৰিবেশন হ’ব ।

ইফালে ঐতিহাসিক ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীলৈ শুভকামনা জনোৱাৰ লগতে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে এই তিথিভাগ আয়োজন কৰে তাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: সত্ৰনগৰীত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰােভাৱ তিথিত ঘোষাপাঠ - Mahapurush Srimanta Sankaradeva

শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান পাটেকীবড়ি সত্ৰৰ সত্ৰাধিকাৰৰ - Death anniversary of Sankardev

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.