তেজপুৰ, ২০ মাৰ্চ : ১৯৮৩ ৰ ২০ মাৰ্চ । এটা অভিশপ্ত দিন ৷ আজিৰ দিনটোতেই অসম আন্দোলনৰ অন্যতম সাহসী ছাত্ৰ নেতা ভূপেন ডেকাই মৃত্যুক আকোঁৱালি লৈছিল ৷ আজি এই শ্বহীদগৰাকীক সৰ্বত্ৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । সেই সময়ৰ ভূপেন ডেকাৰ সহপাঠী আব্দুল মুন্নাফৰ মুখেৰে শুনক আজিৰ এই বিশেষ প্ৰতিবেদন ।
কোন আছিল ভূপেন ডেকা ?
আজিৰ দিনটো খিলঞ্জীয়াৰ বাবে এটা ক’লা দিন । ইতিহাসৰ পাতত এটা তেজলগা দিন। তেতিয়া ৰাজ্যজুৰি বাংলাদেশী খেদাৰ হুংকাৰ । আকাশত জুইৰ দাবানল। সেই আন্দোলনৰ অন্যতম সাহসী ছাত্ৰ নেতা ভূপেন ডেকা যাৰ তেজত প্ৰতিক্ষণে প্ৰবাহিত আছিল অসম প্ৰেম । যাৰ উদ্দাত্ত কণ্ঠৰ আহ্বানত ওলাই আহিছিল সহস্ৰ প্ৰতিবাদী জনতা ।
অসমজুৰি নেতৃত্ব দিয়া ২৬ বছৰীয়া দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভূপেন ডেকাৰ বাবে কাল হৈছিল ২০ মার্চৰ দিনটো । নলবাৰীত জন্মগ্ৰহণ কৰি তেজপুৰৰ মোমায়েকৰ ঘৰত নিগাজীকৈ বাস কৰিছিল ভূপেন ডেকা । ৰাইজৰ বুকুৰ কুটুম ভূপেন ডেকা আৰু তেওঁৰ ৬ জনকৈ সতীৰ্থক ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল "লালটাপু" চৰত বাংলাদেশী লোকে নিৰ্মমভাৱে হানি খুচি হত্যা কৰিছিল ।
সেইদিনটোত ভূপেন ডেকাক কিছু স্থানীয় লোকে জনাইছিল যে, কিছু বাংলাদেশীয়ে লালটাপু আগ্ৰাসন কৰিছে ৷ এই কথা শুনিয়েই তেজপুৰৰ পৰা জামুগুৰিলৈ ঢাপলি মেলিছিল ডেকাসহ কেইবাগৰাকী সতীৰ্থই । জামুগুৰিৰ ৰাইজে তেওঁক চৰলৈ যাবলৈ বাধা দিছিল যদিও ভূপেন ডেকা মান্তি হোৱা নাছিল ৷ অৱশেষত ভূপেন ডেকাৰ লগত আৰু ৬ জন সতীৰ্থই লালটাপুলৈ বাট বুলিছিল ৷
কিন্তু দুৰ্ভাগ্যৱশতঃ তেওঁলোক যোৱাৰ খবৰ বাংলাদেশীয়ে আগতীয়াকৈ পাইছিল আৰু বাংলাদেশী লোকসকলে হাতত অস্ত্ৰ-শস্ত্র লৈ ডেকাসহ দলটোক হত্যা কৰিবলৈ জোপ লৈছিল ।
এই ঘটনা ঘটিছিল নেলী হত্যাকাণ্ডৰ প্ৰায় ১ মাহৰ পিচতেই । ভূপেন ডেকাৰ সহপাঠী আব্দুল মুন্নাফে জনোৱা অনুসৰি, "ভূপেন ডেকা আৰু সহপাঠী কেইজন গৈ তাত ভৰি দিয়াৰ পিচতেই অতৰ্কিতে জোপ লৈ থকা বাংলাদেশীয়ে তেওঁলোকক আক্ৰমণ কৰি হানি খুচি, ঘপিয়াই হত্যা কৰিছিল ৷ এতিয়াও আমি সেই সময়ৰ কাৰোবাক সুধিলে চকুপানী নিগৰাই উত্তৰ দিয়ে ৷ ভূপেনৰ নিচিনা আৰু কোনোদিন নোলাব যি সন্মুখত মৃত্যু দেখিও নিৰ্ভয়ে যুজঁ কৰি মৃত্যু আঁকোৱালি লৈছিল ।"
"ভূপেন ডেকাৰ মৃতদেহ আনি তেজপুৰ পাওঁতে লাখ লাখ মানুহে চকুপানী টুকিছিল ৷ পথৰ মাজত নাম কীৰ্তন কৰিছিল ৷ কিন্তু দুৰ্ভাগ্য আছিল বীৰজনৰ মৃতদেহ চাবলৈ অহা মানুহৰ ওপৰতো কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল । লাঠীচাৰ্জ, গুলীবৰ্ষণ কৰা হৈছিল । মোৰ হাতত সেই সময়ত তোলা আন্দোলনৰ ফটো আজিও সজীৱ হৈ আছে ।" মুন্নাফে কয় ৷
অসম আন্দোলন : অসম আন্দোলনক বিদেশী বিৰোধী আন্দোলন বুলিও কোৱা হয় ৷ (১৯৭৯–১৯৮৫) ভাৰত চৰকাৰৰ অবৈধ বিদেশীক ধৰা পেলোৱা, ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু বিতাড়িত কৰা দাবীৰে অসমত হোৱা এক জনবিদ্ৰোহ । সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনটোৱে ধাৰাবাহিকভাৱে অবৈধ নাগৰিকবিৰোধী অভিযান, ৰাজনৈতিক অস্থিৰতা আৰু ব্যাপক জাতিগত হিংসাৰ সংজ্ঞা নিৰ্ধাৰণ কৰে । ১৯৮৫ চনত অসম চুক্তিৰ জৰিয়তে এই আন্দোলনৰ অন্ত পৰে ।
জানিব পৰামতে, ১৯৬৩ চনৰ পৰাই বিদেশী নাগৰিকক নির্বাচনী তালিকাত অনুচিতভাৱে সংযোজন কৰা হৈছিল—আৰু যেতিয়া ১৯৭৯ চনত মঙলদৈত নামভর্তিৰ খচৰাত অনাগৰিকৰ সংখ্যা বেছি হোৱা দেখা গ’ল তেতিয়া আছুৱে সমগ্র অসমত সম্যকভাৱে সংশোধিত নির্বাচনী তালিকাৰ বাবে প্রচাৰ চলাবলৈ সিদ্ধান্ত লয় ৷ তাৰ পিচতে ১৯৮০ চনৰ লোকসভা নিৰ্বাচন বৰ্জন কৰে ।
ইয়াৰ পিচৰ ইন্দিৰা গান্ধী চৰকাৰে আন্দোলনৰ নেতাসকলৰ দাবী মানি ল’ব নোৱাৰিলে যিহেতু এই আন্দোলন অৰ্থনৈতিক অৱৰোধ, অত্যাচাৰ, হিংসাত্মক হত্যাকাণ্ড আৰু স্থায়ী জাতিগত সংঘাতলৈ পৰিৱৰ্তিত হৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী মন্ত্ৰালয়ৰ অধীনত এই চুক্তি সম্ভৱ হৈ উঠিছিল ৷
কিন্তু এই অসম চুক্তিয়ে নিৰ্বাচনী তালিকাত বিদেশী সমস্যা সমাধান কৰিব নোৱাৰিলে, মূলতঃ ১৯৮৩ চনৰ বিপৰ্যয়জনক নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে গৃহীত কৰা অবৈধ প্ৰব্ৰজনকাৰী (নিয়ন্ত্ৰণেৰে নিৰ্ধাৰণ) আইন, ১৯৮৩ৰ বাবে যিয়ে কাকো প্ৰমাণ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিছিল ৷
জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ জাতীয় শ্বহীদগৰাকীৰ অন্যতম বন্ধু, নাট্যকাৰ - পৰিচালক কৰুণা শইকীয়াই অতি দৃষ্টান্তমূলকভাৱে ২০ মাৰ্চৰ দিনটোত একপ্ৰকাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজৰ কষ্টোপাৰ্জিত ধনেৰে ধাৰাবাহিকভাৱে একোখনকৈ নাটক নিজে ৰচনা আৰু পৰিচালনাৰে 'নাট্যশ্ৰী' শীৰ্ষক নাট্যানুষ্ঠানটিৰ জৰিয়তে মঞ্চস্থ কৰি স্মৃতিচাৰণ কৰি আহিছে । এইবাৰো জাতীয় শ্বহীদ ভূপেন ডেকাৰ সোঁৱৰণত ৪১ সংখ্যক স্মৃতি দিৱস আৰু নাট মঞ্চস্থৰ লগতে 'নাট্যশ্ৰী'ৰ ৮৮ সংখ্যক নাট নিবেদনৰ বাবে আখৰাৰে সাজু হৈ পৰিছে ভূপেন ডেকাৰ বন্ধু কৰুণা শইকীয়াৰ লগতে 'নাট্যশ্ৰী'ৰ কুশলীসকল ৷
লগতে পঢ়ক: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃদ্ধি পাইছে বিদেশী যাত্ৰীৰ সংখ্যা