ETV Bharat / state

আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 9:08 PM IST

Cyber crime : আপোনাৰ উপাৰ্জন অনুসৰি বা সন্তানে কৰা কামৰ পৰা অৰ্জন কৰা ধনৰ তুলনাত অধিক বিলাসী জীৱন কটাই আছে নেকি ? কেতিয়াবা বাৰু সুধিছেনে এই বিলাসী জীৱন যাপনৰ বাবে তেওঁলোকে ক'ৰ পৰা ধন পায়, উপাৰ্জনৰ উৎস কি ? যদি এই দিশত এতিয়ালৈকে চকু দিয়া নাই তেন্তে সাৱধান হওক । কিয়নো আপোনাৰ নাকৰ তলতে থাকি আপোনাৰ সন্তানে এক ভয়ানক জাল তৰি ৰাখিব পাৰে । বিলাসী জীৱনৰ বাবে অপৰাধ প্ৰৱণতা এতিয়াৰ যুৱচামৰ বাবে হৈ পৰিছে এক সহজ পথ ।

Cyber Crime
আপোনাৰ সন্তানে কি কাম কৰে জানেনে (ETV Bharat Assam)

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : নিজৰ নামত বেংক একাউণ্ট খুলি আনক চলাবলৈ দিছে নেকি আপুনি ? বেংক একাউণ্ট আনক চলাবলৈ দিয়াৰ পূৰ্বে সাৱধান হওক । কিয়নো শেহতীয়াকৈ বেংক একাউণ্টৰ সৈতে চাইবাৰ অপৰাধী চক্ৰ জড়িত হৈ থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । এই ঘটনাৰ লগত জড়িত ৪ জনকৈ যুৱকক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই কথা মঙলবাৰে সংবাদমেলযোগে সদৰী কৰিছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল (ETV Bharat Assam)

সংবাদমেলত কি ক'লে আৰক্ষী আয়ুক্তই

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, "চাইবাৰ অপৰাধৰ লগত জড়িত হৈ বিলাসী জীৱন অতিবাহিত কৰা এই যুৱককেইজন হৈছে মহানগৰীৰ কম বয়সীয়া চাৰি যুৱক । তেওঁলোক হৈছে বাবলু দাস (২৯), অবিনাশ মাহাতো (২৩), অনভেশ চন্দ্ৰা (২২) আৰু চিন্ময় চক্ৰৱৰ্তী (২৭) । এই চাৰি চাইবাৰ অপৰাধীয়ে বিলাসী জীৱন যাপন কৰিছিল । বিগত দুটা বছৰত কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল । বিশেষকৈ ডুবাই ভ্ৰমণ কৰিছিল ।"

সাৱধান হওক অভিভাৱকসকল

আপোনাৰ উপাৰ্জন অনুসৰি বা সন্তানে কৰা কামৰ পৰা অৰ্জন কৰা ধনৰ তুলনাত অধিক বিলাসী জীৱন কটাই আছে নেকি ? কেতিয়াবা বাৰু সুধিছেনে এই বিলাসী জীৱন যাপনৰ বাবে তেওঁলোকে ক'ৰ পৰা ধন পায়, উপাৰ্জনৰ উৎস কি ? যদি এই দিশত এতিয়ালৈকে চকু দিয়া নাই তেন্তে সাৱধান হওক । কিয়নো মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য ।

তেওঁ কয়, "যুৱককেইজনে অভিভাৱকক অনলাইন ট্ৰেডিং কৰো বুলি চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত হৈ বিলাসী জীৱন যাপন কৰিছিল । হাতীগাঁৱত বিলাসী ফ্লেট ভাৰাত লৈ চাইবাৰ অপৰাধৰ কাম চলাই আহিছিল । চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে অভিযান চলাই হাতিগাঁৱৰ ফ্লেটৰ পৰা বিভিন্ন ব্যক্তিৰ নামত থকা ৪৪ খন বেংকৰ চেক বুক, ১২ খন বেংক পাছবুক, ১৭ খন ছীম কাৰ্ড, বিদেশী মুদ্ৰা, ৭ খন ফোন পে'ৰ স্কেনাৰ, ড্ৰাইভিং লাইচেন্স, ৬ টা মোবাইল ফোন, পাছপ'ৰ্ট, এখন এল্ট' বাহন জব্দ কৰিছে ।"

কেনেদৰে এই ঘটনা পোহৰলৈ আহিল

আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "মহানগৰীৰ উজানবজাৰৰ ৰহিত আলী নামৰ লোকজন আৰ্থিকভাৱে দুৰ্বল আৰু তেওঁক ধনৰ প্ৰয়োজন হৈছিল । তেতিয়াই তেওঁ বাবলু দাসৰ সংস্পৰ্শলৈ আহিছিল । তেতিয়া বাবলুৱে আলীক লৈ গৈ আলীৰ নামত পেন নম্বৰ, আধাৰ কাৰ্ড, ফটো দি ফেডাৰেল বেংকত এটা একাউণ্ট খোলে । একাউণ্ট খোলাৰ সময়ত প্ৰয়োজনীয় ফোন নম্বৰটো বাবলুৱে দিয়ে ।"

ইয়াৰ পিচত কি কৰিলে বাবলু দাসে

আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "একাউণ্ট খোলাৰ পিছত আলীক ২০ হাজাৰ টকা দি বেংকৰ পৰা দিয়া পাছবুক, চেক বুক আৰু এ টি এমৰ কিটটো বাবলুৱে লৈ যায় । তাৰ পিছত অভিযোগকাৰী ৰহিত আলীয়ে বেংক একাউণ্টটো কি কৰিছে সেই বিষয়ে নাজানে বুলি মহানগৰ আৰক্ষীক অভিযোগ দিয়াৰ পিছতে চাইবাৰ থানাত ২২/২৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ।"

যুৱককেইজন কেনেধৰণে চাইবাৰ অপৰাধৰ লগত জড়িত আছিল

এই সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয়, "আৰ্থিকভাৱে দুৰ্বল বা চাইবাৰ অপৰাধৰ বিষয়ে ভালদৰে নজনা ব্যক্তিক লক্ষ্য কৰি লৈ এই চক্ৰটোৱে ধনৰ লোভ দেখুৱাই ব্যক্তিজনৰ নামত বেংক একাউণ্ট খুলি দিছিল । বেংকৰ পৰা পোৱা এ টি এম, পাছবুক, চেক বুকৰ কিটটো এজেণ্টসকলে লৈ অনভেশ চন্দ্ৰাক জমা দিয়ে । অনভেশ চন্দ্ৰাই এই কিটবোৰ পোষ্টযোগে ৰাজ্য বা বহিঃৰাজ্যত বা বিদেশত বাহৰ পাতি থকা চাইবাৰ অপৰাধীসকললৈ পঠিয়াই দিয়ে । এটাকৈ একাউণ্টৰ বাবদ ৬০ হাজাৰ টকাকৈ লাভ কৰে অনভেশ চন্দ্ৰাই ।

চাইবাৰ অপৰাধীসকলক কিয় দৰকাৰ হয় এনে একাউণ্ট ? কেনেকৈ ব্যৱহাৰ কৰে এই বেংক একাউণ্টবোৰ

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনোৱা মতে, "চাইবাৰ অপৰাধীসকলে বিভিন্ন কৌশলেৰে সৰ্বসাধাৰণৰ পৰা লুটি নিয়া ধনবোৰ পূৰ্বতে ভুৱা বেংক একাউণ্টত ব্যৱহাৰ কৰিছিল । কিন্তু দিনে দিনে বৃদ্ধি হোৱা চাইবাৰ অপৰাধৰ বাবে বেংক কৰ্তৃপক্ষ সজাগ হোৱাত বেংকত ভুৱা একাউণ্ট খুলিব নোৱৰা হ'ল । তাৰ পিছতে এই কৌশল অৱলম্বন কৰিছে চাইবাৰ অপৰাধীয়ে । এইদৰে এজেণ্টৰ জৰিয়তে খোলা একাউণ্টবোৰত সৰ্বসাধাৰণৰ পৰা লুটি নিয়া ধন জমা কৰে । ধন লুটি নিয়াৰ পিছত ১০-১৫ মিনিটৰ ভিতৰত বিভিন্ন একাউণ্টত ধনখিনিৰ লেনদেন কৰে, যাতে অনুসন্ধানকাৰী সংস্থাই ধৰিব নোৱাৰে । এনে একাউণ্টক মিউল একাউণ্ট বুলি কোৱা হয় ।"

আনহাতে, এই চাইবাৰ চক্ৰটো ডুবাইৰ পৰা চলি থকা বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰী কৰে । লগতে এই বিষয়ত সৰ্বসাধাৰণক সজাগ হৈ থাকিবলৈও আহ্বান জনায় ।

এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই তেওঁ কয়, "যদি আপোনালোকে এনেধৰণে বেংক একাউণ্ট খুলি আনক ব্যৱহাৰ কৰিবলৈ দিছে, তেতিয়াহ'লে সেই একাউণ্ট অপৰাধমূলক কাৰ্যৰ লগত জড়িত হৈছে নাইবা জড়িত কৰা হ'ব পাৰে । এনে হ'লে বিপদত পৰিব পাৰে আপুনি । কিয়নো আৰক্ষীয়ে তদন্তত কোনো চাইবাৰ অপৰাধৰ ঘটনাত আপোনাৰ একাউণ্ট পালে প্ৰথমে আপুনি আইনৰ আওতালৈ আহিব ।"

সেয়ে এই দিশত অধিক সজাগ হ'বলৈ ৰাইজক আহ্বান জনায় গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud
লগতে পঢ়ক :স্বপ্ননীল দাসকাণ্ডত টুইষ্ট : দিছপুৰ থানাত কি অভিযোগ অৰ্ধ শতাধিক লোকৰ ? - online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.