ETV Bharat / state

383 খন গাঁও আজিও পানীৰ তলত ; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:09 AM IST

Updated : Jun 29, 2024, 10:28 AM IST

Flood in Assam: ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যৰ ভিতৰত কৰিমগঞ্জ জিলাত বানে জটিল ৰূপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও বানৰ কবলত ৰাজ্যৰ 5 খন জিলা ৷ বানপীড়িত অঞ্চলত নিয়োগ কৰা হৈছে উদ্ধাৰকাৰী দল ৷

Assam flood situation improves; 383 villages and 5 districts are still reeling under floods in assam
বৰ্তমানেও পানীৰ তলত 383 খন গাঁও; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা (ETV Bharat Assam)

গুৱাহাটী, ২৯ জুন: ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ এতিয়াও ৰাজ্যৰ 5 খন জিলা বানৰ কৱলত আছে । অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, অসমৰ 5 খন‌ জিলা কামৰূপ, কৰিমগঞ্জ, কাছাৰ, বৰপেটা আৰু ধেমাজি জিলা বৰ্তমানেও বানৰ কবলত ।

বানত মৃত্যু হোৱা লোকৰ সংখ্যা:

চলিত বানত শুকুৰবাৰে এজন লোকৰ মৃত্যু ঘটে । মৃত্যু হোৱা লোকজন বৰপেটা জিলাৰ । এতিয়ালৈকে ইয়াকে ধৰি বানত চলিত বছৰত মৃত্যু হোৱা লোকৰ সংখ্যা 32 জনলৈ বৃদ্ধি পাইছে । দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, অসমৰ 5 খন‌ জিলা ক্ৰমে কামৰূপ, কৰিমগঞ্জ, কাছাৰ, বৰপেটা আৰু ধেমাজি জিলাৰ মুঠ 383 খন গাঁও এতিয়াও বানত বুৰ গৈ আছে ।

কৰিমগঞ্জ জিলাত 128 খন আৰু কামৰূপ জিলাত সৰ্বাধিক 168 খন‌ গাঁও বৰ্তমানেও পানীৰ তলত । বৰপেটা জিলাত 9 খন,‌ কাছাৰ জিলাত 63 খন আৰু ধেমাজি জিলাত 15 খন‌ গাঁও বানত বুৰ গৈ আছে । বিভাগীয় তথ্য অনুসৰি, বানত এতিয়াও 1,07,385 জন লোক ক্ষতিগ্ৰস্ত হৈ আছে ।

কৰিমগঞ্জ জিলাত বানৰ জটিল ৰূপ:

উল্লেখ্য যে, বান যদিও কিছু হ্ৰাস পাইছে যদিও এতিয়াও ৰাজ্যত 122 টা শিবিৰত বানাক্ৰান্তসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । এই আশ্ৰয় শিৱিৰৰ অধিকাংশ কৰিমগঞ্জ জিলাত আছে । কৰিমগঞ্জ জিলাত 103 টা আশ্ৰয় শিবিৰত বানক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । বাকী 19 টা আশ্ৰয় শিবিৰ কাছাৰ জিলাত আছে ।

লগতে পঢ়ক: বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

লক্ষণীয় যে, বান যোৱাৰ পিছত ঠায়ে ঠায়ে‌ বিভিন্ন ‌সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা হৈছে ।‌ বহু ঠাইত বানত ক্ষতিগ্ৰস্ত বাট-পথ, দলং আদি বেয়া হৈ থকাৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী: অৰেঞ্জ এলাৰ্ট জাৰি

উত্তৰ-পূব অসম আৰু দাঁতিকাষৰীয়া অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পৰা 1.5 কিলোমিটাৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰভাৱ অব্যাহত থকাৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট । কেন্দ্ৰই ইতিমধ্যে ত্ৰিপুৰাত ৰেড এলাৰ্ট জাৰি কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে 4 জুলাইলৈ অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: বাঢ়নি পানীৰ কোবাল সোঁতত পৰিল 7 বছৰীয়া শিশু; SDRF ৰ অভিযান অব্যাহত - Boat accident in Barpeta

ইপিনে ৰেড এলাৰ্ট জাৰি কৰা ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে । আনপিনে, উত্তৰ-পূব অসম আৰু দাঁতিকাষৰীয়া অঞ্চলত ঘূৰ্ণী বতাহৰ প্ৰভাৱত 1 জুলাই পৰ্যন্ত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰপৰা মজলীয়া বৰষুণ হ'ব‌ বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনায় ।

লগতে পঢ়ক: বৰলীয়াৰ বানত বিপৰ্যস্ত উদিয়ানাবাসী, জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ নাই আহৰি - ASSAM FLOOD 2024

ইপিনে, গুৱাহাটীত শুকুৰবাৰে সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী আৰু শনিবাৰেও সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে । গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, 2 জুলাইলৈ গুৱাহাটীৰ বতৰ ডাৱৰীয়া হৈ থাকিব । 3 আৰু 4 জুলাইত গুৱাহাটী প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: আহাৰমহীয়া বানে প্ৰাণ ল’লে শিশুৰ - ASSAM FLOOD 2024

ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

Last Updated : Jun 29, 2024, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.