ETV Bharat / state

হোজাইত 44 লাখ টকাসহ তিনি নকল সোণ বিক্ৰেতাক আটক - Fake gold smuggler arrested

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 12:08 PM IST

Huge amount of Cash seized: নকল সোণৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ 44 লাখ টকা ৷ হোজাই আৰক্ষীৰ জিম্মাত 3 ধৃত ৷

3 accused arrested with large amount of cash by hojai police in hojai
হোজাইত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ : গ্ৰেপ্তাৰ 3 অভিযুক্ত (ETV Bharat Assam)

হোজাই, 13 আগষ্ট: একপ্ৰকাৰ যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে হোজাই জিলা । এইবাৰ জিলাখনত নকল সোণৰ বেহা চলাই আৰক্ষীৰ জালত পৰিল নকল সোণৰ ব্যৱসায়ী । হোজাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰৰ নিশা আৰক্ষীয়ে 44 লাখ 10 হাজাৰ 900 টকা উদ্ধাৰ কৰাৰ লগতে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3 অভিযুক্তক ।

এই অভিযান সন্দৰ্ভত মঙলবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই জানিবলৈ দি কয়, "এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই সন্দৰ্ভত আমি অৱগত হৈছিলো ৷ নিৰ্ভৰযোগ্য সূত্ৰযোগে হোজাই নতুন বজাৰৰ লক্ষণ সোণাৰী নামৰ এজন লোকক তিনিজনীয়া এটা নকল সোণৰ ব্যৱসায়ীৰ দলে নকল সোণ বিক্ৰী কৰিছিল বুলি জানিব পাৰিছিলো । ইয়াৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰি তিনিজনীয়া নকল সোণৰ ব্যৱসায়ৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ।"

নকল সোণ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ধৃত তিনিৰ ভিতৰত 2 অভিযুক্তৰ ঘৰ ত্ৰিপুৰাত ৷ ত্ৰিপুৰাৰ আগৰতলা শ্ৰীনগৰ থানাৰ অন্তৰ্গত সুমন দাস আৰু ৰঞ্জিত বনিক নকল সোণ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ লগতে আনজন অভিযুক্ত হোজাই থানাৰ অন্তৰ্গত শলমাৰীৰ বিপ্লৱ মজুমদাৰ বুলি জানিব পৰা গৈছে ।

সোমবাৰে নিশা হোজাই আৰক্ষীয়ে হোজাই গোবিন্দ পল্লীৰ ৰাহুল দেৱনাথৰ ভাৰাগৃহত এই অভিযান চলাইছিল আৰু উক্ত গৃহৰ পৰাই 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই নকল সোণৰ বিৰুদ্ধে এই অভিযান অনাগত দিনটো চলি থাকিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক: যুঁজিছিল অবৈধ বেহাৰ বিৰুদ্ধে: পিছে হাছিনাৰ ঘৰতে ওলাল নকল সোণৰ নাও - Fake Gold seized

নকল সোণৰ বিস্কুত আৰু জালনোটসহ বঙালমৰা আৰক্ষীৰ জালত পৰিল এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.