ETV Bharat / state

৩.৮ প্ৰাবল্যৰ মৃদু ভূমিকম্পই জোকাৰিলে ডিমা হাছাওক - EARTHQUAKE IN ASSAM

ডিমা হাছাওত শনিবাৰে এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভুত হয় ৷ এই ভূমিকম্পৰ প্ৰাবল্য ৩.৮ আছিল ৷

Mild quake hits Assam’s Dima Hasao district; no casualties reported
ডিমা হাছাও জিলাত মৃদু ভূমিকম্প (ANI)
author img

By ANI

Published : Nov 24, 2024, 7:15 AM IST

ডিমা হাচাও : এক মৃদু ভূমিকম্পই জোকাৰি গৈছে অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওক ৷ শনিবাৰে ডিমা হাছাও ৩.৮ প্ৰাবল্যৰ ভূমিকম্প হয় ৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য ।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১ বজাত এই ভূমিকম্পটো ডিমা হাছাও অঞ্চলৰ চাৰিওফালে ১০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰীভূত হৈছিল । সংবাদ সংস্থা ANI ৰ তথ্য মতে, বাতৰি যুগুত কৰা পৰলৈকে পাহাৰীয়া জিলাখনত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ৷

‘‘EQ of M: 3.8, On: 23/11/2024 23:05:02 IST, Lat: 25.18 N, Long: 92.80 E, Depth: 10 Km, Location: Dima Hasao, Assam." ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই X ৰ এটা পোষ্টত এইদৰে উল্লেখ কৰে ।

ভূমিকম্পৰ স্থানাংক ২৫.১৮ উত্তৰ অক্ষাংশ আৰু ৯২.৮০ পূব দ্ৰাঘিমাংশ হিচাপে লক্ষ্য কৰা হৈছিল । বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নিৰীক্ষণ অব্যাহত ৰাখিছে ৷ সম্ভৱত পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ৷

আনহাতে, ২২ নৱেম্বৰ, শুকুৰবাৰে পুৱা প্ৰায় ৪.৪২ বজাত এক মৃদু ভূমিকম্পই জোঁকাৰি গৈছিল মণিপুৰৰ বিষ্ণুপুৰ জিলা । ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬ আছিল বুলি জানিব পৰা গৈছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে (NCS) এই কথা অৱগত কৰে ।

নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে, পুৱা প্ৰায় ৪.৪২ বজাত কম্পনটো অনুভৱ কৰা হৈছিল আৰু ১০ কিলোমিটাৰ গভীৰতাত বিষ্ণুপুৰ অঞ্চলৰ চাৰিওফালে জোকাৰণি কেন্দ্ৰীভূত আছিল । এই ভূমিকম্পৰ জোকাৰণিৰ পিছতে মণিপুৰ লোকসকল বিশেষকৈ বিষ্ণুপুৰ জিলাৰ লোকসকল আতংকিত হৈ পৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক : মণিপুৰত ভূমিকম্পৰ জোকাৰণি

লগতে পঢ়ক : পুৱাতেই ৰাজ্যত ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.