ETV Bharat / state

উৎকট গৰম: বাগানত পাত তুলি থাকোতেই অচেতন ২৫ শ্ৰমিক - Heatwave in Assam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Heatwave at Moran Tea Garden : গৰমে দহিছে ৰাজ্য । এই গৰমত সাধাৰণ জনতাই চকুৰে সৰিয়হ ফুল দেখিছে । আনহাতে, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰমজীৱীসকল । ইয়াৰ মাজতে উৎকট গৰমত বাগানত পাত তুলি থাকোঁতেই অচেতন হৈ পৰিল ২৫ গৰাকী শ্ৰমিক । মৰাণৰ হিংৰিজান চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা ।

Heatwave at Moran Tea Garden
বাগানত পাত তুলি থাকোঁতেই অচেতন ২৫ শ্ৰমিক (ETV Bharat Assam)

মৰাণ, ২৩ ছেপ্টেম্বৰ : প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে দহিছে ৰাজ্যবাসীক । গৰমৰ প্ৰকোপত দিকবিদিক হেৰুৱাইছে ৰাজ্যবাসীয়ে । বিশেষকৈ শ্ৰমজীৱী লোকসকল ইয়াৰ অধিক ভুক্তভোগী হৈছে । ইয়াৰ মাজতে মৰাণৰ হিংৰিজান চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।

উৎকট গৰমত বাগানত পাত তুলি থাকোতেই সোমবাৰে অচেতন হৈ পৰে ২৫ গৰাকী শ্ৰমিক। এণ্ড্ৰু য়ুল কোম্পানীৰ অধীনৰ চাহ বাগিচাখনত গৰমৰ মাজতে পাত তুলি আছিল এই শ্ৰমিকসকলে । ৩৮ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত বাগিচাত পাত তুলি থাকোতে এই শ্ৰমিকসকল হঠাৎ অচেতন হৈ পৰে । এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে অচেতন হৈ পৰা শ্ৰমিকসকলক হিংৰিজান বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা আগবঢ়াই থকা হৈছে ।

ইফালে গৰমৰ মাত্ৰা অতি তীব্ৰ হোৱাৰ বাবেই এই ঘটনাৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে বাগিচাৰ চিকিৎসালয়খনৰ চিকিৎসকে । আনহাতে, শনিবাৰৰ দিনটোতো একেধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে বাগিচাখনত দুদিনমান পূৰ্বে এক উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । মিঞা শ্ৰমিক আনি বাগিচাৰ পাত তোলা কামত নিয়োজিত কৰাত বাগিচাখনত এই পৰিস্থিতিৰ সৃষ্টি হৈছিল । আনহাতে, মিঞা শ্ৰমিকসকলে বাগিচা এৰি যোৱাৰ পাছতেই বাগিচাৰ নিয়মীয়া শ্ৰমিকসকলে বাগানৰ কামত যোগদান কৰে ।

কিন্তু প্ৰখৰ ৰ'দ আৰু উৎকট গৰমত শ্ৰমিকসকলক কাম কৰিবলৈ দিয়াৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি বাগিচা পৰিচালকক জগৰীয়া কৰিছে আটছাকে ধৰি বিভিন্ন দল-সংগঠনে । লগতে শ্ৰমিকসকলক পৰ্যাপ্ত পানী নাইবা অ' আৰ এছ দিয়াৰ ব্যৱস্থা নকৰাৰো অভিযোগ তোলে ।

আনহাতে, চাহ বাগিচাৰ চিকিৎসালয়খনত ৰোগীসকলক চিকিৎসা কৰিবলৈ পৰ্যাপ্ত সুবিধা নাই বুলিও জানিবলৈ দিয়ে খোদ চিকিৎসকগৰাকীয়ে । যাৰ বাবে অন্য চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা ঔষধ আনি ৰোগীসকলক চিকিৎসা কৰিছে চিকিৎসকে ।

লগতে পঢ়ক :মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave
লগতে পঢ়ক :ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা: ৰাজ্যৰ কোনকেইখন চহৰ-নগৰে ৰচিলে অভিলেখ - Assam Weather report

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.