ETV Bharat / state

মুছলেক আলীৰ মুক্তিপণ হিচাপে ২৫ লাখ দাবী; নামতোলাত ২৪ ঘণ্টীয়া পথ অৱৰোধ সংগঠনৰ - CHARAIDEO KIDNAPPED CASE

নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুক্তিৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ ব্যৱসায়ী তথা বিভিন্ন সংগঠনৰ ।

Charaideo kidnapped case
নামতোলাত ২৪ ঘণ্টীয়া পথ অৱৰোধ সংগঠনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 10:39 AM IST

মৰাণ : অসমৰ ব্যৱসায়ীক নগা দুৰ্বৃত্তই অপহৰণ কৰাক লৈ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত আছে । তাৰ মাজতে চৰাইদেউৰ নামতোলাত ব্যৱসায়ী সন্থাৰ সহযোগত পথ অৱৰোধৰ কাৰ্যসূচী বিভিন্ন সংগঠনৰ । নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনসমূহে ।

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, মুছলেক আলীক নগা দুৰ্বৃত্তই অপহৰণ কৰা কেইবাটাও দিন হ'ল যদিও অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰাই নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰে ব্যৱসায়ী তথা সংগঠনসমূহে । যাক লৈ অসম-নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা দেখা গৈছে । নামতোলাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ।

নামতোলাত ২৪ ঘণ্টীয়া পথ অৱৰোধ সংগঠনৰ (ETV Bharat)
  • ২৫ লাখ টকা মুক্তিপণ দাবী

ইয়াৰ মাজতে অপহৃত ব্যৱসায়ী মুছলেক আলীৰ আন এটা ভিডিঅ' প্ৰকাশ পাইছে । অপহৰণৰ পাছতে দুৰ্বৃত্তই ভিডিঅ' বাৰ্তাৰ জৰিয়তে জনাইছিল যে তেওঁলোকে ড্ৰাগছ ব্যৱসায় কৰি নগা সমাজ ধ্বংস কৰাৰ বাবে মুছলেক আলীক অপহৰণ কৰিছে । তাৰ পিছত পুনৰ আন এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি মুছলেক আলীৰ মুক্তিৰ বাবে ২৫ লাখ টকাৰ দাবী কৰিছে নগা দুৰ্বৃত্তই ।

মুছলেক আলীৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি ২৫ লাখ টকা দাবী কৰিছে অপহৰণকাৰীয়ে । ২৫ লাখ টকা দিলেহে অপহৃত তেওঁক মুকলি কৰি দিয়া হ'ব বুলিও জনাইছে । ঘৰ-মাটি বন্ধকত দি হ'লেও ২৫ লাখ যোগাৰ কৰি তেওঁক মোকোলাবলৈ ভিডিঅ'টোৰ জৰিয়তে পৰিয়ালক কাতৰ আহ্বান জনাইছে মুছলেক আলীয়ে ।

মুছলেক আলীৰ মুক্তিপণ হিচাপে ২৫ লাখ দাবী (ETV Bharat)
  • মুছলেক আলীক অপহৰণ

উল্লেখ্য যে অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰি আন্তঃৰাজ্যিক সমস্যা সমাধানৰ বাবে চেষ্টা কৰা সময়তে সীমান্তৰ চৰাইদেউৰ নামতোলাৰ পৰা সোমবাৰে সন্ধিয়া নগা দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল মুছলেক আলীক । মুছলেক আলীক ব্যৱসায়িক প্ৰতিষ্ঠানত বহি থকা সময়তে দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল ।

মুছলেক আলীৰ প্ৰতিষ্ঠানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । এই অপহৰণৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত । এই ঘটনাৰ পাছৰে পৰা অসম আৰক্ষীয়ে মুছলেক আলীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । কিন্তু এই অপহৰণত নাগালেণ্ডৰ কোন সংগঠন জড়িত সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই ।

লগতে পঢ়ক :অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.