ETV Bharat / state

বানত প্ৰাণ হেৰুৱালে কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীয়ে - Assam Flood 2024

Flood in Kaziranga: বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । এতিয়াও বহু অঞ্চল পানীৰ তলত । এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় আৰু ১৪৪টা হৰিণকে ধৰি মুঠ ১৭৪টা জীৱ-জন্তুৰ মৃত্যু হয় । আহত হোৱা প্ৰায় ১১৬টা বন্যপ্ৰাণী চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 1:13 PM IST

174 wild animals, including 10 rhinos, died due to flood in Kaziranga
কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীৰ মৃত্যু (ETV Bharat Assam)

কাজিৰঙা,১৩ জুলাই: মৃত্যু উপত্যকালৈ পৰিণত হৈছে অসমৰ অন্যতম এক বিশ্ব ঐতিহ্যক্ষেত্ৰ । বানত বিধ্বস্ত এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । পানী শুকুৱাৰ পাচতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে । পিচে পানী শুকুৱাৰ পাচত উদ্ধাৰ হৈছে বহু বন্যপ্ৰাণীৰ মৃতদেহ । বৰ্তমানলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ ২৩৩ টা বন শিবিৰৰ ৩৯ টা শিবিৰ বানৰ কবলত পৰিছিল ।

বান কমাৰ লগে লগে ইতিমধ্যে শিবিৰলৈ উভতিছে বনকৰ্মীসকলো । বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহকো গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল । ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বন্যপ্ৰাণীৰ আশ্ৰয়স্থলসমূহৰো ক্ষতিসাধন হয় । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ মাজত এক সংকটৰ সৃষ্টি হৈছে । উদ্যানখনৰ বহুতো বন্যপ্ৰাণীয়ে উদ্যানখনৰ ভিতৰৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে আন বহু বন্যপ্ৰাণীয়ে খাদ্য আৰু সুৰক্ষাৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যান এৰি উদ্যানখনৰ চাৰিওফালৰ বিভিন্ন অঞ্চল আৰু দক্ষিণ কাৰ্বি পাহাৰত আশ্ৰয় গ্ৰহণ কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে জনোৱা অনুসৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বন-বিভাগ, বিভিন্ন ব্যক্তি তথা দল-সংগঠনে দিনে-নিশাই ব্যস্ত হৈ আছে । উদ্যানখনৰ দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত আহত হৈছে বহু বন্যপ্ৰাণী । বৰ্তমানলৈকে কাজিৰঙা বন বিভাগে দুটা ম'হৰ পোৱালী, দুটা গঁড়ৰ পোৱালী আৰু ১২২ টা হৰিণসহ ১৩৫ টা বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰ পিচত ইতিমধ্যে ১১৬ টা বন্যপ্ৰাণী মুকলি কৰি দিয়া হৈছে । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ইতিমধ্যে ১০ টা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে উদ্যানখনৰ ভিতৰত ১৪৪ টা হৰিণ আৰু বহু বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বানত ১৭৪ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে, যাৰ ভিতৰত আছে বাহনৰ খুন্দাত নিহত হোৱা, চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা আৰু বাঢ়নী পানীত ডুবি মৃত্যুমুখত পৰে । অৱশ্যে, কাজিৰঙাৰ মাজেৰে অহাযোৱা কৰা যান-বাহনৰ গতিবেগত কঠোৰতা অৱলম্বন কৰাৰ বাবে বিগত বছৰবোৰৰ তুলনাত এই বছৰ বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা নগণ্য হৈছে বুলি উল্লেখ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: কাজিৰঙাত বান কমিলেও এতিয়াও পানীৰ তলত ৭১ টা বন শিবিৰ - ASSAM FLOOD 2024

ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.