ETV Bharat / state

১৫ ছেপ্টেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন : ৰণজিৎ কুমাৰ দাস - PM Awas Yojana Gramin

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 7:55 PM IST

PMAYG 2 Scheme : ১৫ ছেপ্টেম্বৰত অসমৰ ১,৭১,৫৯৩ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব PMAY-G 2.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন । বুধবাৰে এই কথা সদৰী কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

PMAYG 2 Scheme
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : দেশৰ গ্ৰাম্য উন্নয়নৰ বৃদ্ধি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সমগ্ৰ ভাৰতত অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে PMAY-G 2.0 । অহা ১৫ ছেপ্টেম্বৰত এই আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই আঁচনিৰ অধীনত অসমে লাভ কৰিব ১,৭১,৫৯৩ টা নতুন PMAY-G ঘৰৰ অনুমোদন আৰু প্ৰথম কিস্তিৰ ধন ।

১৫ ছেপ্টেম্বৰত লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন (ETV Bharat Assam)

এই সম্পৰ্কে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই সন্দৰ্ভত তেওঁ কয়, "নতুন গৃহ অনুমোদন কৰাৰ সমান্তৰালকৈ ১৫ তাৰিখে দেশৰ লগতে ৰাজ্যৰ ১,০৩,৫৭৫ টা সম্পূৰ্ণ হোৱা PMAY- G ঘৰৰ গৃহ প্ৰৱেশ হ'ব । গৃহ প্ৰৱেশৰ এই অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব । ইতিমধ্যে ৰাজ্যত ২১,২২,৭৭২ টা ঘৰৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰে ১৯,১৭,৪৪১টা ঘৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

তেওঁ লগতে কয়, "জনজাতীয় অধ্যুষিত অঞ্চলত এইবাৰ PMAY-G-ৰ ঘৰ অধিক পাইছে । পূৰ্বতে নাপাবলগীয়া বহু লোকেও পাই আছিল PMAY-G-ৰ ঘৰ । সেয়েহে আজিৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত বিধায়কসকলক PMAY-G-ৰ বাবে অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ সংবাদমেলযোগে আহ্বান জনালোঁ । ইতিমধ্যে বিধায়কসকললৈ তালিকা পঠাবৰ বাবে বিষয়াক নিৰ্দেশ দিয়া হৈছে ।'

বিভাগীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, "পূৰ্বতে গাড়ী থকা লোকে নাপাইছিল PMAY-G-ৰ ঘৰ । কিন্তু এইবাৰ গাড়ী থাকিলেও কেঁচাঘৰ থাকিলে PMAY-G-ৰ ঘৰ পাব । আগন্তুক দিনত কাৰো কেঁচাঘৰ নাথাকিব । একেটা দিনতে PMAY 24 নামৰ এটা এপো মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । যাৰ জৰিয়তে PMAY-G-ৰ সকলো কাম-কাজ চোৱা চিতা কৰা হ'ব ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ২০১৬ চনৰ পৰা অসমে PMAY-G-ৰ অধীনত ২২,২৩,৪৩৫ টা পকীঘৰ লাভৰ লক্ষ্য ৰাখিছিল । ইতিমধ্যে ইয়াৰে ভিতৰত অসমে ২১,২২,৭৭২ টা ঘৰৰ অনুমোদন লাভ কৰিছে । ইয়াৰে ভিতৰত ১৯,১৭,৪৪১ টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে মাত্ৰ তিনি বছৰৰ ভিতৰত ১৫,১৩,১৩৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে বুলিও সংবাদমেলত তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender
লগতে পঢ়ক :অধ্যক্ষৰ লগতে বিধানসভাৰ মৰ্যাদাও মুখ্যমন্ত্রীয়ে হানি কৰাৰ চেষ্টা কৰিছিল: বিৰোধী দলপতি - OPPOSITION LEADER DEBABRATA SAIKIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.