ETV Bharat / state

শ্ৰম আইন মোহাৰি 14 বছৰীয়া কিশোৰীক ৰাখিছিল বনকৰা হিচাপে : ৰহস্যজনক মৃত্যুৱেহে লগালে অথন্তৰ - MYSTERIOUS DEATH IN JORHAT

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 3:57 PM IST

Housemaid death in Jorhat : যোৰহাটত নিযুক্ত শিশু শ্ৰমিক ৷ এগৰাকী 14 বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু ৷ এই মৃত্যুক কেন্দ্ৰ কৰি উত্থাপিত বহু প্ৰশ্ন ৷ ইতিমধ্যে তদন্ত আৰম্ভ যোৰহাট আৰক্ষীৰ ৷ চাওক সবিশেষ খবৰ...

MYSTERIOUS DEATH IN JORHAT
যোৰহাটত নিযুক্ত শিশু শ্ৰমিক (ETV Bharat Assam)

যোৰহাট, 24 জুলাই: এগৰাকী 14 বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰিছে যোৰহাট ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ক্লাৱ ৰোডৰ সূৰুজ নগৰৰ দম্পতী বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত ৷

শ্ৰম আইন মোহাৰি 14 বছৰীয়া কিশোৰীক ৰাখিছিল বনকৰা হিচাপে (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, শিশু আৰু কিশোৰ শ্ৰম(প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন 1986 ক আওকাণ কৰি দম্পতীটোৱে মৰিয়নীৰ নিউ সোণোৱালৰ চাহ জনগোষ্ঠীৰ এগৰাকী 14 বছৰীয়া কিশোৰীক নিজ ঘৰত বনকৰা শ্ৰমিক হিচাপে দীৰ্ঘদিনৰে পৰা ৰাখি আহিছিল ৷ কিশোৰীগৰাকীয়ে দম্পতীটোৰ ঘৰত থাকি ভাল নোপোৱা বুলি বাৰে বাৰে অৱগত কৰি আহিছিল পৰিয়ালক ৷ তদুপৰি দম্পতীটোৰ ঘৰৰ পৰা নিজঘৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকক বাৰম্বাৰ কিশোৰীগৰাকীয়ে হেঁচা প্ৰয়োগ কৰি আহিছিল ৷

লগতে পঢ়ক: দুলীয়াজানত বনকৰা যুৱতীৰ ৰহস্যজনক আত্মহত্যা, আৰক্ষীৰ তদন্ত আৰম্ভ

বিগত সোমবাৰেও মাতৃলৈ ফোনযোগে অনুৰূপ অনুৰোধ জনাইছিল কিশোৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীৰ অনুৰোধমৰ্মে মাতৃয়ে একাংশ আত্মীয়ৰ সৈতে মঙলবাৰে উপস্থিত হয় ত্ৰিনয়ন বৰাৰ বাসগৃহত ৷ পিছে তাত উপস্থিত হৈ প্ৰত্যক্ষ কৰে এখন বিপৰীত ছবি ৷ কাৰণ পৰিয়ালবৰ্গই জানিব পাৰে যে, ইতিমধ্যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে ৷ যি কথা শুনি মূৰত সৰগ ভাগি পৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ ৷

ইতিমধ্যে এই সন্দৰ্ভত খবৰ দিয়া হয় যোৰহাট আৰক্ষীক ৷ আৰক্ষীয়ে সূৰুয নগৰস্থিত ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা বৰাৰ বাসগৃহত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷

লগতে পঢ়ক: লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা যুৱকৰ - suicide in police station

সমগ্ৰ বিষয়টোত জিলা আৰক্ষী অধীক্ষকে গোচৰ পঞ্জীয়ন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট আৰক্ষীক ৷ আৰক্ষীয়ে শ্ৰম আইন ভংগৰ অপৰাধত দম্পতীটোৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ৷ সদ্যহতে তদন্তৰ খাতিৰত আৰক্ষীয়ে গোচৰ নম্বৰৰ লগতে আন কোনো তথ্য সদৰী কৰা নাই সংবাদ মাধ্যমৰ আগত ৷

উল্লেখ্য যে, কিশোৰীগৰাকীৰ এই মৃত্যুৱে স্বাভাৱিকতে সৃষ্টি কৰিছে ৰহস্যৰ ৷ সোমবাৰে ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগ কৰা কিশোৰীগৰাকীৰ মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই মাতৃৰ লগতে কিশোৰীগৰাকীৰ আত্মীয়সকলে ৷ তদুপৰি ঘটনা সন্দৰ্ভত দোষীৰ উচিত শাস্তিৰ দাবী কৰি স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ আত্মহত্যা - suicide case in golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.