ETV Bharat / state

পুনৰ অসম আৰক্ষীয়ে আটক কৰিলে ১৪ বাংলাদেশী অনুপ্রৱেশকাৰী - Bangladeshi nationals apprehended

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

India Bangladesh border : ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ চেষ্টা ৷ মঙলবাৰে নিশা পুনৰ অসমত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ১৪ জন বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰে ৷ এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

BANGLADESHI NATIONALS APPREHENDED
বাংলাদেশী অনুপ্রৱেশকাৰীক আটক (X@himantabiswa)

গুৱাহাটী, ২ অক্টোবৰ: পুনৰ অসম আৰক্ষীয়ে আটক কৰিলে বাংলাদেশী অনুপ্ৰৱেশকাৰী । বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে সীমান্তত নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে । মঙলবাৰৰ নিশাও বাংলাদেশীৰ অনুপ্রৱেশ ৰোধত অসম আৰক্ষীয়ে আন এক সফলতা লাভ কৰে । নিশা অসম আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত অভিযান চলাই দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা ১৪ জনকৈ বাংলাদেশী অনুপ্রৱেশকাৰীক আটক কৰে ।

লক্ষণীয় বিষয় যে তেওঁলোকৰ ভিতৰত ৯ জনৰে হাতত ভাৰতীয় আধাৰ কার্ড পোৱা গৈছিল । আৰক্ষীয়ে আটক কৰা অনুপ্রৱেশকাৰীকেইটা হৈছে ক্ৰমে আৰিফুল ইছলাম, মনিৰ হুছেইন, মোফাজল হুছেইন, আব্যাদুল্লাহ হাছান, মিজানুৰ ৰহমান, আশ্রাফুল ইছলাম, মাণিক মিঞা, নৱী হুছেইন, ৱালিউল উল্লাহ, হজৰত আলী, ছফিকুল ইছলাম, ইলান্দ ফুৰকান আলী, মমিনুল হক আৰু আনোৱাৰ হুছেইন ।

লগতে পঢ়ক: সীমান্তৰ পৰা শিশুসহ ১৭ বাংলাদেশীক ওভতাই পঠিয়ালে অসম আৰক্ষীয়ে

এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । অসম আৰক্ষীৰ এই সফলতাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্রীয়ে কয়, "অসম আৰক্ষীৰ নিৰন্তৰ প্রচেষ্টাৰ শলাগ লৈ আপোনালোকক জনাবলৈ বিচাৰো যে বাংলাদেশত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছৰে পৰা আমি কঠোৰ সতৰ্কতা বর্তাই ৰখাৰ ফলশ্রুতিত এই সময়ছোৱালৈকে ১০৮গৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছে ।"

উল্লেখ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত ৪,০৯৬ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে । ইয়াৰ ভিতৰত অসমত আছে ২৬৩ কিলোমিটাৰ । তদুপৰি ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ, মিজোৰামত ৩১৮ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু পশ্চিমবংগত ২,২১৭ কিলোমিটাৰ সীমা আছে । আনহাতে অসমত থকা বাংলাদেশ সীমান্তৰ ভিতৰত ১৪৩.৯ কিলোমিটাৰ অঞ্চল ভূমি আৰু ১১৯.১ কিলোমিটাৰ নদীয়ে আৱৰি আছে । লক্ষণীয় বিষয় যে অসমে দশক দশক ধৰি বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাৰে যুঁজ দি আহিছে ।

লগতে পঢ়ক: সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত, ৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi nationals apprehended

সীমান্ত পাৰ হৈ কেনেদৰে ভাৰতত অনুপ্ৰৱেশ কৰে বাংলাদেশীয়ে ? - Infiltration to India

সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত বাংলাদেশীৰ, শুকুৰবাৰেও জালত পৰিল দুগৰাকী - Bangladeshi intruders

জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi detained

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.