ETV Bharat / state

১২৬ টা য়ুথ ক্লাবলৈ ১৫ লাখকৈ টকা চৰকাৰৰ : ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ সীমা পুনৰনিৰ্ধাৰণ - Decision of Assam cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:30 PM IST

Decision of Assam cabinet: ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ আৰু ১৫ ছেপ্তেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব । জি এছ টিক লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হোৱা শংকা দূৰ কৰাৰ বাবে দুগৰাকী মন্ত্ৰীক দায়িত্ব । খেলৰ মান উন্নত কৰাৰ বাবে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত একোটাকৈ য়ুথ ক্লাৱৰ বাবে ব্যয় কৰা হ'ব ১৫ লাখকৈ টকা ।

Decision of Assam cabinet
কেবিনেটৰ সিদ্ধানৰ সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুন : লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত এইবাৰ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণ হ'ব সীমা । এই সন্দৰ্ভত বুধবাৰে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব । গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সংখ্যা পূৰ্বৰ দৰে একেই থাকিব যদিও কোনোবা সমষ্টিত সাল-সলনি হ'ব পাৰে ।

লগতে পঢ়ক: পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে

একোটা ব্লকত ১৭ টাকৈ গাঁও পঞ্চায়ত থাকে । প্ৰথমে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু তাৰ পিচত ব্লকৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ আৰু ১৫ ছেপ্তেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব ।

আনহাতে জি এছ টিক লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হোৱা শংকা দূৰ কৰাৰ বাবে আজিৰ কেবিনেটত উদ্যোগ গ্ৰহণ কৰা হয় । ইয়াৰ বাবে কেবিনেটে দুগৰাকী মন্ত্ৰীৰে এখন সমিতি গঠন কৰি দিছে । তিনিচুকীয়া, শিৱসাগৰ, যোৰহ‍াট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটীৰ বাবে মন্ত্ৰী অজন্তা নেওগ আৰু অশোক সিংহলক দ‍ায়িত্ব দিয়া হৈছে । দুয়োগৰাকী মন্ত্ৰীয়ে সংশ্লিষ্ট জিলাকেইখনৰ ব্যৱসায়ীসকলৰ লগত আলাপ-আলোচনাত মিলিত হৈ তেওঁলোকৰ শংকাৰ বুজ ল'ব । ১৫ দিনৰ ভিতৰত দুয়োগৰাকী মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈ চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক: ১ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত সম্পূর্ণ হৈ উঠিব মুখ্যমন্ত্রীৰ সচিবালয়

আনহাতে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত একোটাকৈ য়ুথ ক্লাবৰ বাবে ১৫ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় । খেল মহাৰণৰ পিচত ৰাজ্যৰ বিভিন্ন জিলাত খেলৰ সা-সঁজুলিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । খেলৰ মান উন্নত কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ একোটা য়ুথ ক্লাৱৰ আন্তঃগাঠনিৰ বাবে ৫ লাখ টকা আৰু খেলৰ সা-সঁজুলিৰ বাবদ ১০ লাখ টকা খৰচ কৰা হ'ব । ইয়াৰ বাবে জিলা আয়ুক্তৰ অধীনত সমিতি থাকিব । ১০ লাখ টকাৰ খেলৰ সা-সঁজুলি চৰকাৰে ক্ৰয় কৰি দিব ।

লগতে পঢ়ক: কেবিনেট সিদ্ধান্তৰ পাচতে প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.