ETV Bharat / state

জ্যোতি তীৰ্থত ৰূপকোঁৱৰৰ জন্মজয়ন্তী উদযাপন - Rupkonwar Jyoti Prasad Agarwala - RUPKONWAR JYOTI PRASAD AGARWALA

Rupkonwar Jyoti Prasad Agarwala: ডিব্ৰুগড়ৰ তামোলবাৰীস্থিত জন্মগৃহ জ্যোতি তীৰ্থত সোমবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী উদযাপন কৰা হয় । চৰকাৰে শিল্পীগৰাকীৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ তেওঁৰ অনুৰাগীৰ ।

Rupkonwar Jyoti Prasad Agarwala
জ্যোতি তীৰ্থত ৰূপকোঁৱৰৰ জন্মজয়ন্তী উদযাপন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 4:36 PM IST

মৰাণ,১৭ জুন : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেওঁৰ জন্মস্থান ডিব্ৰুগড়ৰ তামোলবাৰীতো উদযাপন কৰা হৈছে । মাৰোৱাৰী সন্মিলন, ডিব্ৰুগড় লুইতপৰীয়া স্বৰ্ণ শাখা সাহিত্য সভা আৰু স্মাইল ডিব্ৰুগড়ে অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ অন‍্যতম মহীৰূহ জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন উদযাপন কৰে ।

জ্যোতি তীৰ্থত ৰূপকোঁৱৰৰ জন্মজয়ন্তী উদযাপন (ETV Bharat)

অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত লোকসকলে জ‍্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ জৰিয়তে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানটোত ৰূপকোঁৱৰৰ গীত আৰু কবিতাৰে জীপাল কৰি তোলে শিক্ষাৰ্থী আৰু উপস্থিত লোকসকলে । ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি জ‍্যোতি তীৰ্থ হিচাপে পৰিচিত জ‍্যেতিপ্ৰসাদ আগৰৱালাৰ তামোলবাৰীৰ বাসগৃহটো সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ৰাজ‍্য চৰকাৰৰ প্ৰতি আহ্বান জনাই বিশিষ্ট অনুবাদক তথা তামোলবাৰী চাহ বাগিচাৰ অন‍্যতম স্বত্বাধিকাৰী দেৱীপ্ৰসাদ বাগ্ৰদিয়াই ।

ৰূপকোঁৱৰৰ ওপজা দিনটোক চৰকাৰীভাৱে উপেক্ষা কৰা বিষয়টোত ক্ষোভ প্ৰকাশ কৰে অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা তথা সাংবাদিক যাদৱ গগৈয়ে । আনকি জিলা প্ৰশাসনৰ তৰফৰ পৰা মহান শিল্পীগৰাকীক তেওঁৰ জন্মস্থানত মৃত্যুতিথি বা জন্মদিনটোত কোনোদিনেই শ্ৰদ্ধা জনাবলৈকো সময় নাপাই বুলি তেওঁ আক্ষেপ কৰে । সাংবাদিকগৰাকীয়ে জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ‍্যমন্ত্ৰী হৈ থকা সময়তে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শাখা জ‍্যোতি তীৰ্থত স্থাপন কৰিব বুলি ঘোষণা কৰা হৈছিল । কিন্তু আজি পৰ্যন্ত এই ঘোষণা কাৰ্যকৰী নকৰাত ক্ষোভ প্ৰকাশ কৰে সাংবাদিকগৰাকীয়ে ।

ইফালে জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণৰো আশ্বাস প্ৰদান কৰিছিল সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । কিন্তু সেই ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে কেৱল তামোলবাৰী চাহ বাগিচাৰ অন‍্যতম স্বত্বাধিকাৰী দেৱীপ্ৰসাদ বাগ্ৰদিয়াৰ লগতে আন কেইজনমানৰ সহযোগিতাত আজি তামোলবাৰী চাহ বাগিচাত জ‍্যোতি তীৰ্থ সংৰক্ষিত হৈ আছে ।

জ‍্যোতি তীৰ্থত আজিও জীপাল হৈ আছে জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ সকলো স্মৃতি । উল্লেখ্য যে শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত । চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ লগতে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামীৰূপেও অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰি গৈছে ।

লগতে পঢ়ক :ওপজা দিনত সশ্ৰদ্ধাৰে স্মৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক - Birth anniversary of Jyoti Prasad

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.