ETV Bharat / state

ওপজা দিনত সশ্ৰদ্ধাৰে স্মৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক - Birth anniversary of Jyoti Prasad - BIRTH ANNIVERSARY OF JYOTI PRASAD

Birth anniversary of Jyoti Prasad : তেজপুৰত উদযাপন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২ সংখ্যক ওপজা দিন ৷ ৰূপকোঁৱৰৰ গীত-মাত-কবিতা আদিৰে মুখৰিত তেজপুৰ চহৰৰ বিভিন্ন স্থান ।

birth anniversary  of Jyoti Prasad Agarwala
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 3:00 PM IST

তেজপুৰ, ১৭ জুন : আলোক সন্ধানী, ৰূপান্তৰৰ শিল্পী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২১ সংখ্যক ওপজা দিন ৷ সোমবাৰৰ পুৱাৰে পৰা ৰূপকোঁৱৰৰ গীত-মাত-কবিতা আদিৰে মুখৰিত হৈ পৰে তেজপুৰ চহৰৰ বিভিন্ন স্থান ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ নৃত্যশালাৰ অধ্যক্ষা জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসৰ উপস্থিতিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ নৃত্যশালাৰ শিক্ষাৰ্থীসকলে জ্যোতি সংগীতত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ।

birth anniversary  of Jyoti Prasad Agarwala
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

আনহাতে এই অনুষ্ঠানৰ পিচতেই তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় ৰূপকোঁৱৰ গৰাকীৰ ১২১ সংখ্যক ওপজা দিনৰ গীতে-মাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত ৰূপকোঁৱৰৰ ভতিজা, শিল্পী অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰাৰ লগতে একেলগে থকা কলাগুৰুৰ আৱক্ষ মূৰ্তি আৰু নটসূৰ্যৰ আৱক্ষ মূৰ্তিতো বন্তি প্ৰজ্বলন কৰে ৷ আনহাতে বন্তি প্ৰজ্বলন কৰে পৃথ্বীৰাজ ৰাভা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাইয়ো ।

লগতে পঢ়ক : পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন

আনহাতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেজপুৰ সাহিত্য সভা ভৱনত সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰা আৰু নয়ন শইকীয়া সহিতে তেজপুৰ সাহিত্য সভাৰ সদস্যাসকলে সমবেতভাৱে পৰিৱেশন কৰে জ্যোতি সংগীত ।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰাণজিৎ হাজৰিকা, সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্ৰ চুতীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ উপস্থিতিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাৰ "চিন্তাৰ ৰেঙণি" শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে ।

ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ স্মৃতিচাৰণ কৰি হৰিবিলাস মুভিজৰ প্ৰযোজনাত তেজপুৰৰ বাণ থিয়েটাৰৰ সৈতে নটসূৰ্য্য ফণী শৰ্মাৰ কালজয়ী নাটক "কিয়" বোলছবি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে । অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা, কল্পনা কলিতা আৰু হিৰামণি লহকৰে জ্যোতি সংগীত পৰিৱেশন কৰাৰ লগতে সু-আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱাই জ্যোতি কবিতা আবৃত্তি কৰি জীপাল কৰি তোলে ।

লগতে পঢ়ক : Mahatma Gandhi: গান্ধীজীৰ স্মৃতি বিজড়িত তেজপুৰৰ ‘পকী’ ত আজিও সযতনে আছে বাপুৰ শয়নস্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.