ETV Bharat / state

মঙলদৈ প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনত নতুন সমিতি গঠন - Mangaldoi Press Club

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:39 AM IST

Mangaldoi Press Club session : বিভিন্ন কাৰ্যসূচীৰে মঙলদৈ প্ৰেছ ক্লাৱৰ অধিৱেশনৰ সামৰণি । অধিৱেশনৰ মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে নতুন প্ৰজন্মক পৰিবৰ্তনৰ সৈতে মিলিবলৈ জনায় আহ্বান ।

Mangaldoi Press Club session
মঙলদৈ প্ৰেছ ক্লাবৰ দশম দ্বি-বাৰ্ষিক অধিবেশন (ETV BHARAT ASSAM)

দৰং, ২৪ জুন : "সাংবাদিকসকলে সংবাদ সেৱাই নহয়, সামাজিক কামৰ সৈতেও জড়িত । মঙলদৈ প্ৰেছ ক্লাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ লগতে বানপানীৰ সময়ত দুৰ্গতসকলক সহায় কৰিছে ।" এই মন্তব্য় মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰাৰ ।

দেওবাৰে মঙলদৈ প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে ড৹ কমলাকান্ত বৰাই । তেওঁ কয় যে সাংবাদিকতা এক ৰাজহুৱা সেৱা । সাংবাদিকতা আৰু সংবাদ মাধ্যম ৰাইজৰ ওচৰতহে দ্বায়বদ্ধ । কিয়নো সাংবাদিকতাৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হৈছে ৰাইজৰ সেৱা ।

তেওঁ নতুন প্ৰজন্মই পৰিৱৰ্তনৰ সৈতে মিলিব লাগিব বুলি মন্তব্য় কৰি কয় যে ১৮০০ শতিকাত কাকত প্ৰচলন হৈছিল । সেইদৰে ১৯ শ শতিকাত ৰেডিঅ', টেলিভিছন আৰু আজি ইমাৰচন জাৰ্ণেলিজিম প্ৰচলন হৈছে ।

প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত আৰু উপ-সভাপতি মুকুট ৰাজ শৰ্মা আৰু সম্পাদক লক্ষীনন্দন কলিতাই আঁতধৰা সভাখনত নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি ৷ তেওঁ কয় যে সংবাদ আৰু সাংবাদিকতা বিষয়ত বক্তব্য আগবঢ়াই সমাজৰ আটাইতকৈ শোষিত আৰু বঞ্চিত শ্ৰেণীটোৱে সাংবাদিকসকল বুলি কয় । এই সাংবাদিকসকলৰ সামাজিক দ্বায়বদ্বতা আছে বুলি তেওঁ উল্লেখ কৰে ।

এই সভাখনত অধিৱেশন উপলক্ষে সাংবাদিক বাবুল মকচেদ আহমেদৰ সম্পাদনাত প্ৰকাশিত 'প্ৰৱহন' নামৰ স্মৰণিকাখন উন্মোচন কৰে বিশিষ্ট কবি ওমৰ ফাৰুকে । মুকলি সভাত মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজোতি দাস, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া, যুৱ ছাত্র পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ উন্নয়ন প্ৰাধিকাৰী প্ৰতাপ বৰদলৈ সাহিত্যিক বৰদা শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা - Felicitation Program in Golaghat

সভাত মঙলদৈ প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সদস্য লোকেশ্বৰ বৰুৱাৰ লগতে প্ৰেছ ক্লাবৰ সদস্যৰ সু-সন্তান স্নেহা হাজৰিকা, নেইনা বৰুৱাকো সম্বৰ্ধনা জনোৱা হয় । আনহাতে, সমাজলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান 'ইউনিটি দ্য ব্লাড ড'না'ৰ নামৰ অনুষ্ঠানটোৰ বিষয়ববীয়কো সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইপিনে,পুৱা অনুষ্ঠিত বিষয় বাছনি সভাখন ব্যৱসায়ী দিপক বুচ্চাই উদ্বোধন কৰে । সভাখনত ২০২৪-২৫ বৰ্ষৰ বাবে নতুন সমিতি এখনো গঠন কৰা হয় । সেই অনুসৰি জ্যেষ্ঠ সাংবাদিক হোমেন কাকতিক সভাপতি, লক্ষী নন্দন কলিতাক সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত কৰা হয় ।

সেইদৰে মুকুট ৰাজ শৰ্মা, আছাদ আলী আৰু লোকেশ্বৰ বৰুৱাক উপ-সভাপতি, মকছেদ আলী, দেৱব্ৰত গোস্বামী আৰু নৱজ্যোতি মহন্তক সহকাৰী সম্পাদক, গৌতম চহৰীয়া আৰু দ্বীপেন বৰুৱাক আলোচনী সম্পাদক, উজ্জ্বল জ্যোতি ডেকা আৰু পংকজ সৰকাৰক কাৰ্যালয় সম্পাদক, প্ৰাঞ্জল মহন্তক তথ্য সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে ।

লগতে পঢ়ক : নগাঁও প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন; জিতেন বৰকটকী সভাপতি আৰু নীলোৎপল বৰা সাধাৰণ সম্পাদক নিৰ্বাচিত - Nagaon Press Club new committee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.