ETV Bharat / state

বানৰ কবলত ১২ খন জিলাৰ তিনি লাখ লোক : মৃত্যুৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:47 AM IST

Assam Flood : বানত ককবকাইছে ৰাজ্যৰ বৰ্ন্যাত ৷ শেহতীয়া তথ্য অনুসৰি, ১২ খন জিলাৰ তিনি লাখ লোক এতিয়াও পানীৰ তলত আছে ৷ মৃতকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷

Assam Flood
বানৰ কবলত ১২ খন জিলাৰ তিনি লাখ লোক (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুন : বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱত এতিয়াও আছে ৰাজ্যৰ ১২ খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ সহস্ৰাধিক গাঁও । প্ৰথমটো বানৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ পূৰ্বেই দ্বিতীয়টো বানে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰৱল বৃষ্টিপাতৰ বাবে নৈ-উপনৈসমূহ উফন্দি উঠাত বিভিন্ন জিলা বানৰ কবলত পৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে এতিয়ালৈকে বানত ৰাজ্যৰ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে । শেহতীয়া তথ্য মতে বৰ্তমান সময়ত কপিলী নদী ধৰমতুলত আৰু কুচিয়াৰা নদী কৰিমগঞ্জত বিপদসীমাৰ ওপৰৰে বৈ আছে ।

বানত এইপৰ্যন্ত ২৯ গৰাকীৰ মৃত্যু :

কালৰূপী বানত এতিয়ালৈকে শিশুসহ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে । শেহতীয়াকৈ বানত দুজনৰ মৃত্যু হৈছে । ইয়াৰে এজন বৰপেটা জিলাৰ আৰু এজন বজালীৰ । বৰপেটাৰ সৰ্থেবাৰীত এটি শিশুৰ বানত মৃত্যু হৈছে । আনহাতে বজালীৰ সৰুপেটাত এজন লোকৰ বানত মৃত্যু হৈছে ।

Assam Flood
বানত ককবকাইছে ৰাজ্যৰ বৰ্ন্যাত (ETV Bharat Assam)

বানৰ কবলত ১২ খন জিলা :

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে বৰ্তমান সময়ত ৰাজ্যৰ ১২ খন জিলা বানৰ কবলত আছে । জিলাকেইখন হৈছে বৰপেটা, কামৰূপ, বজালী, গোৱালপাৰা, নগাঁও, হোজাই, ওদালগুৰি, কৰিমগঞ্জ, দৰং, নলবাৰী, কামৰূপ মহানগৰ আৰু কাছাৰ ।

লগতে পঢ়ক : বায়েকক বিদ্যালয়লৈ আগবঢ়াবলৈ গৈ নশ্বৰ দেহ ওভতিল 7 বছৰীয়া কাইছৰ - Boat Accident In Barpeta

এই জিলা কেইখনৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০২৭ খন গাঁও বৰ্তমান বানৰ কবলত আছে । ইয়াৰ ভিতৰত আছে কামৰূপ জিলাৰ সৰ্বাধিক ৩১৪ খন আৰু কৰিমগঞ্জ জিলাৰ ২৬২ খন গাঁও ।

বানত লাখ লাখ লোক ক্ষতিগ্ৰস্ত :

বান প্ৰভাৱিত ৰাজ্যৰ ১২ খন জিলাৰ ২,৬৩,৪৫২ গৰাকী লোক এতিয়াও বানৰ কবলত আছে । ইয়াৰ ভিতৰত ১,০৬,২৮৭ জন পুৰুষ, ৯২,৯৮১ গৰাকী মহিলা আৰু ৬৪,১৮৪ টি শিশু আছে । কৰিমগঞ্জ জিলাত সৰ্বাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

Assam Flood
বহু লোক এতিয়াও পানীৰ তলত আছে (ETV Bharat Assam)

জিলাখনৰ ১,৩৯,৯৮৯ গৰাকী লোক বানৰ দ্বাৰা বৰ্তমানেও প্ৰভাৱিত হৈ আছে । আনহাতে দৰং জিলাত ৫৬৮৬৩ গৰাকী, কাছাৰ জিলাৰ ৩০৩৪৩ গৰাকী, বৰপেটা জিলাৰ ১২৭৪৮ গৰাকী, নগাঁও জিলাৰ ৩৩৭৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

বানত ক্ষতিগ্ৰস্ত কৃষিভূমি :

কৃষি প্ৰধান ৰাজ্যখনত বানে শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । বৰ্তমান সময়ত ৩৯৯৫ হেক্টৰ কৃষিভূমি বানৰ কবলত আছে । কপালৰ ঘাম মাটিত পেলাই শস্যভূমিক শুৱনি কৰা কৃষকৰ সকলো কষ্টক নিমিষতে নোহোৱা কৰিছে এই বানে । বৰ্তমান সময়ত নগাঁও জিলাত বানে সৰ্বাধিক ক্ষতি কৰিছে ।

লগতে পঢ়ক : ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

জিলাখনৰ ১৫৩২ হেক্টৰ শস্যভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে কামৰূপত ১৪০৮ হেক্টৰ, দৰং জিলাত ৭৩৩ হেক্টৰ কৃষিভূমি বানৰ কবলত আছে ।

ক্ষতিগ্ৰস্ত পশুধন :

বৰ্তমান ভয়াৱহ বানত ১২ খন জিলাৰ ২২০৫৪৬ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত আছে ৯৬৭৫৭ টা ডাঙৰ প্ৰজাতিৰ আৰু ৭৫৯৯৪ টা সৰু প্ৰজাতিৰ পশুধন । সেইদৰে পলিট্ৰি ফাৰ্মিঙৰো বানত যথেষ্ট ক্ষতিসাধন হৈছে । অৱশ্যে এতিয়ালৈকে বানৰ পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ।

আশ্ৰয় শিবিৰৰ ব্যৱস্থা :

বৰ্তমান সময়ত বান প্ৰভাৱিত জিলাসমূহত ২২৮ টা আশ্ৰয় শিবিৰ আছে । ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত সৰ্বাধিক ১৩৪ টা শিবিৰ আছে । এই শিবিৰসমূহত আশ্ৰয় লৈ আছে ১৭৬৬১ গৰাকী লোকে । ইয়াৰ ভিতৰত ৬৬৯৪ জন পুৰুষ, ৫৭৩৭ গৰাকী মহিলা, ৫১৭৫ টি শিশু, ৪০ গৰাকী গৰ্ভৱতী মহিলা আৰু ১৫ গৰাকী বিশেষভাৱে সক্ষম লোক আছে ।

লগতে পঢ়ক : কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024

আনহাতে সাহায্য সামগ্ৰী বিতৰণ কৰা শিবিৰতো ৭৫৫৬২ গৰাকী লোকে আশ্ৰয় লৈ আছে ।

বানৰ ক্ষয়ক্ষতি :

দ্বিতীয়টো বানত প্ৰভাৱিত জিলা কেইখনৰ ৬৯ টা পথ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে কামৰূপ জিলাৰ ১৬ টা, বঙাইগাঁও জিলাৰ ১৬ টা, বৰপেটা জিলাৰ ১০ টা, দৰং জিলাৰ ৬ টা, গোৱালপাৰা জিলাৰ ৯ টা, নলবাৰী জিলাৰ ৮ টা আৰু ওদালগুৰি জিলাৰ ২ টা পথ ক্ষতিগ্ৰস্ত হৈছে । বানত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে ।

সাহায্য আৰু উদ্ধাৰ অভিযান :

বানপীড়িত ৰাইজক সহায় কৰাৰ উপৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে । উদ্ধাৰ অভিযানত এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা নিয়োজিত হৈ আছে ।

সেইদৰে নিয়োজিত হৈ আছে চিকিৎসা সেৱা প্ৰদানৰ দলো । নাৱেৰে ইতিমধ্যে বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হৈছে । বান প্ৰভাৱিত লোকৰ মাজত শেহতীয়াকৈ ১২৭৫ কুইণ্টল চাউল, ২৩৫ কুইণ্টল দাইল, ৭৪ কুইণ্টল নিমখ আৰু ৮৪১১ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে ।

সেইদৰে শিশুৰ বাবেও খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে । আনহাতে পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰা হৈছে । ইফালে বিভিন্ন ঠাইত বানাক্ৰান্ত ৰাইজে সাহায্য লাভ নকৰাৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.