ETV Bharat / state

পুনৰ বিক্ৰী হ'ব ৰাজ্যৰ ১০ খন প্ৰখ্যাত চাহ বাগিচা - Assam tea - ASSAM TEA

AATSA reacted on tea garden sale : আকৌ বিক্ৰী হ'ব ৰাজ্যৰ নামজ্বলা ১০ খনকৈ চাহ বাগিচা । হাজাৰ হাজাৰ শ্ৰমিকক পণবন্দী কৰি হাত দাঙিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ য়ুল কোম্পানীয়ে । এণ্ড্ৰিউ য়ুল কোম্পানীৰ ১০ খনকৈ চাহ বাগিচা বিক্ৰীৰ বিৰোধিতা আটছাৰ । বাগিচা বিক্ৰী কৰিলে ২০২৬ চনত বাগিচাত প্ৰৱেশ নিষেধ বিজেপিৰ ।

AATSA Reacted on Tea Garden Sale
পুনৰ বিক্ৰী হ'ব ৰাজ্যৰ ১০ খন প্ৰখ্যাত চাহ বাগিচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 8:02 PM IST

মৰাণ, ২৮ আগষ্ট : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো অনিশ্চয়তাত চাহ শ্ৰমিকৰ ভবিষ্যৎ । চাহ বাগিচাৰ শ্ৰমিকৰ ভৱিষ্যৎ সুৰক্ষা দিয়াৰ কথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৈ অহাৰ সময়ত প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰিও জীৱন নিৰ্বাহৰ লগতে ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগা হৈছে ।

পুনৰ বিক্ৰী হ'ব ৰাজ্যৰ ১০ খন প্ৰখ্যাত চাহ বাগিচা (ETV Bharat Assam)

ইয়াৰ মাজতে চাহ কোম্পানীৰ শোষণৰ বলি হৈছে উজনিৰ কেইবাখনো চাহ বাগিচাৰ শ্ৰমিক । এণ্ড্ৰিউ য়ুল কোম্পানীয়ে উজনি অসমৰ কেইবাখনো চাহ বাগিচাত শ্ৰমিকক শোষণ, প্ৰৱঞ্চনা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কোম্পানীৰ চাহ বাগিচাৰ শ্ৰমিকসকলে নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি, ৰেচনৰ লগতে আন আন সা-সুবিধাসমূহ ৷ যাৰ বাবে জীৱন ধাৰণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে চাহ শ্ৰমিকসকল ।

ইয়াৰ বাবে বিগত কেইবা মাহৰ পৰা উজনি অসমৰ ডিব্ৰুগড়, চৰাইদেউত থকা কোম্পানীটোৰ চাহ বাগিচাসমূহত শ্ৰমিকসকলে নিজৰ অধিকাৰ বিচাৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । ভাৰত চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ য়ুল কোম্পানীৰ লোকচানৰ দোহাই দি শ্ৰমিকক দিয়া নাই মজুৰিৰ লগতে আন সুবিধা । আজিও বাগিচাসমূহৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে হাবাথুৰি খাই থকাৰ সময়ত হাজাৰ হাজাৰ শ্ৰমিকক পণবন্দী কৰি হাত দাঙিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ য়ুল কোম্পানীয়ে ।

এণ্ড্ৰিউ য়ুল কোম্পানীয়ে ১০ খনকৈ চাহ বাগিচা বিক্ৰীৰ বাবে আগবঢ়িছে । লোকচানৰ দোহাই দি আকৌ বিক্ৰী হ'ব ৰাজ্যৰ নামজ্বলা ১০ খনকৈ চাহ বাগিচা । এই বাগিচাসমূহ হৈছে খোৱাং চাহ বাগিচা, শ'লগুৰি চাহ বাগিচা, টিংখাং চাহ বাগিচা, ৰাজগড় চাহ বাগিচাকে আদি কৰি মুঠ ১০ খন বাগিচা ।

আনহাতে, চৰকাৰে ১০ খনকৈ চাহ বাগিচা বিক্ৰীৰ বাবে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰোধিতা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই । ৰাজহ সংগ্ৰহৰ স্বাৰ্থত ১০ খনকৈ চাহ বাগিচা বিক্ৰী কৰিব খোজা কাৰ্যক এক প্ৰকাৰে ধিক্কাৰ দিছে ছাত্ৰ সংগঠনটোৱে । খোৱাং চাহ বাগিচাত উপস্থিত হৈ সাংবাদিকৰ আগত দুই আটছা নেতাই স্পষ্ট কৰি দিছে যে চৰকাৰৰ এই সিন্ধান্তক কেতিয়াও মানি ল'ব নোৱাৰি ।

তেওঁলোকে কয়, "১০ খন চাহ বাগিচা চলাব নোৱৰা চৰকাৰে উন্নয়নৰ কথা কয় । চাহ শ্ৰমিকৰ জীৱন জীৱিকাৰ লগত চাহ বাগিচা জড়িত হৈ আছে । এই বাগিচা চৰকাৰে বিক্ৰী কৰিব খুজিছে । এয়া অসম্ভৱ কথা । বাগিচা বিক্ৰী কৰিলে ২০২৬ চনৰ নিৰ্বাচনত বিজেপিক বাগিচাত প্ৰৱেশ নিষেধ কৰা হ'ব ।"

উল্লেখ্য যে যদিহে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ য়ুল কোম্পানীৰ চাহ বাগিচাসমূহ বিক্ৰী কৰে, তেনে ক্ষেত্ৰত শ্ৰমিকসকলে পাবলগা পূৰ্বৰ মজুৰি, বকেয়া আদিহ কেনেকৈ শ্ৰমিকসকলে লাভ কৰিব তাৰ নিশ্চিতি প্ৰদান কৰিবলৈও সকলোৱে দাবী জনাইছে ।

লগতে পঢ়ক :নগাঁৱৰ মৎস্য ব্যৱসায়ীক চেলেঞ্জ উজনি অসমৰ ব্যৱসায়ীৰ - Fish Supply to Upper Assam
লগতে পঢ়ক :অনন্ত ধামলৈ যাত্ৰা সাংবাদিক ৰাতুল ডেকাৰ: ভগ্ন হৃদয়, অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ - ETV Bharat Reporter accident case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.