ETV Bharat / sports

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লেজেণ্ডছ : সাজু যুৱৰাজ সিং-শ্বাহিদ আফ্ৰিদি-ক্ৰিছ গেইলৰ দৰে এসময়ৰ তাৰকা - World Championship of Legends

World Championship of Legends : টি-২০ বিশ্বকাপৰ উত্তেজনা আৰু উন্মাদনা মাৰ নৌযাওঁতেই এইবাৰ আহি আছে আন এক ৰোমাঞ্চকৰ ক্ৰিকেট মহাৰণ । বুধবাৰৰ পৰা আৰম্ভ হ'ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লেজেণ্ডছ । এই চেম্পিয়নশ্বিপত দেখা যাব প্ৰতিখন দেশৰ কিংবদন্তী খেলুৱৈসকলৰ বল আৰু বেটৰ যুঁজ । পুনৰবাৰ ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিবলৈ পাব যুৱৰাজ সিং, শ্বাহিদ আফ্ৰিদি, ক্ৰিছ গেইলৰ দৰে এসময়ৰ তাৰকা ক্ৰিকেটাৰৰ বেটৰ যাদু ।

World Championship of Legends
ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লেজেণ্ডছৰ বাবে ভাৰতীয় দলৰ জাৰ্চী মুকলি (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:37 PM IST

স্পৰ্টছ ডেস্ক, ২ জুলাই : টি-২০ বিশ্বকাপৰ পিচত এইবাৰ এসময়ৰ তাৰকা ক্ৰিকেটাৰৰ মহাৰণ । য'ত ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিবলৈ পাব যুৱৰাজ সিং, সুৰেশ ৰাইনা, শ্বাহিদ আফ্ৰিদি, কেভিন পিটাৰছেন, ইউনুছ খান, ক্ৰিছ গেইলকে ধৰি ক্ৰিকেট বিশ্বৰ কেইবাগৰাকীও এসময়ৰ শীৰ্ষস্থানৰ তাৰকা ক্ৰিকেটাৰৰ বেট-বলৰ যুঁজ । কিয়নো বুধবাৰৰ পৰা আৰম্ভ হ'ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লেজেণ্ডছৰ প্ৰথম সংস্কৰণ । এই প্ৰতিযোগিতাখন ৩ জুলাইৰ পৰা ১৩ জুলাইলৈ ইংলেণ্ডৰ বাৰ্মিংহামৰ এজবাষ্টন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড এই ছয়টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব । প্ৰতিটো দলে এবাৰকৈ ইটোৱে সিটো দলৰ বিৰুদ্ধে খেলিব আৰু তাৰ পৰা শীৰ্ষ চাৰিটা দল ছেমি ফাইনেললৈ উন্নীত হ'ব । তাৰ পিচত ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব । ভাৰতৰ প্ৰথমখন মেচ ৩ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । এইখন হ'ব প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ । আনহাতে, ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ মেচখন ৬ জুলাইত অনুষ্ঠিত হ'ব । দলকেইটাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল হৈছে :

ভাৰত : যুৱৰাজ সিং, হৰভজন সিং, সুৰেশ ৰাইনা, ইৰফান পাঠান, ৰবীন উথাপ্পা, অম্বাতি ৰায়ডু, ইউছুফ পাঠান, গুৰকীৰত মান, ৰাহুল শৰ্মা, নমন ওঝা, ৰাহুল শুক্লা, আৰ পি সিং, বিনয় কুমাৰ, ধৱল কুলকাৰ্ণী, অনুৰীত সিং, পৱন নেগী ।

অষ্ট্ৰেলিয়া : ব্ৰেট লী, টিম পেইন, শ্বন মাৰ্শ, বেন কাটিং, বেন ডাংক, ডিৰ্ক নানেছ, ডেন ক্ৰিষ্টিয়ান, বেন লাফলিন, এৰন ফিঞ্চ, জন হেষ্টিং, ব্ৰেড হাড্ডিন, কালাম ফাৰ্গুচন, পিটাৰ চিডল, জেভিয়াৰ ডোহাৰ্টী, নাথান কুল্টাৰ-নাইল ।

দক্ষিণ আফ্ৰিকা : জেক কালিছ, ইমৰান তাহিৰ, হাৰ্চেল গিবছ, মাখায়া এনটিনি, ডেল ষ্টেইন, এছৱেল প্ৰিন্স, নীল মেকেঞ্জি, ৰিয়ান মেকলাৰেন, জাষ্টিন অনটং, ৰোৰী ক্লেইনডফ্লেট, জে পি ডুমিনি, ৰিচাৰ্ড লেভি, ডেন বিলাস, ভাৰ্নন ফিলেণ্ডাৰ, চাৰ্ল লেংগেভেল্ট ।

ৱেষ্ট ইণ্ডিজ : ক্ৰিছ গেইল, ডেৰেন ছেমি, চেমুৱেল বদ্ৰী, টিনো বেষ্ট, ৰায়াদ ৰিয়ান এমৰিট, জেচন মহম্মদ, নবীন ষ্টুৱাৰ্ট, এছলে নাৰ্ছ, ডোৱেন স্মিথ, চোলেমান বেন, চৌডউইক ৱাল্টন, জেৰোম টেইলৰ, ফিডেল এডৱাৰ্ডছ, কিৰ্ক এডৱাৰ্ডছ, জনাথন কাৰ্টাৰ ।

পাকিস্তান : শ্বাৰ্জিল খান, ওমৰ আকমল, ইউনুছ খান, ছোৱেব মালিক, মিছবাহ-উল-হক, শ্বাহিদ আফ্ৰিদি, আব্দুল ৰাজ্জাক, ৱাহাব ৰিয়াজ, ছোহেল তানভিৰ, ছোহেল খান, আব্দুল ৰেহমান, আমিৰ য়ামিন, তৌফিক ওমৰ, ছোহাইব মকছুদ, য়াছিৰ আৰাফাত, তনভিৰ আহমেদ ।

ইংলেণ্ড : কেভিন পিটাৰছেন, ৰবি বোপাৰা, ইয়ান বেল, সমিত পেটেল, ওৱাইছ শ্বাহ, মাষ্টাৰ্ড ফিলিপ, চাজিদ মাহমুদ, ক্ৰিছ শ্কোফিল্ড, আজমল শ্বাহজাদ, ৰিয়ান চাইডবটম, ওছমান আফজল, ষ্টুৱাৰ্ট মেকাৰ, কেভিন অ'ব্ৰাইন, ডাৰেন মেডি ।

ক্ৰিকেট অনুৰাগীসকলে ফেনকোড ম'বাইল এপ (এণ্ড্ৰইড, আইঅ'এছ) আৰু টিভি এপত সকলো মেচ উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক :বিদায়ী ভাষণত কি ক'লে ৰাহুল দ্ৰাবিড়ে ? - Rahul Dravid farewell speech

লগতে পঢ়ক :তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল - Indian team stuck in Barbados

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.