ETV Bharat / sports

জ’ ৰুটৰ পিছতে অনন্য অভিলেখ স্থাপন ভাৰতীয় ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ - YASHASVI JAISWAL 1000 RUNS

Yashasvi Jaiswal: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত পুনে টেষ্টত ভাৰতীয় ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ অনন্য কৃতিত্ব ৷

YASHASVI JAISWAL 1000 RUNS
যশস্বী জয়ছোৱাল (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 25, 2024, 3:04 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পুনেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত যশস্বী জয়ছোৱালৰ অনন্য কৃতিত্ব ৷ চলিত বৰ্ষত টেষ্ট ক্ৰিকেটত 1000 ৰাণ সম্পূৰ্ণ কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷ 2024 চনত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হয় জয়ছোৱাল ৷

বাওঁহতীয়া ক্ৰিকেটাৰগৰাকীয়ে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’ছিয়েশ্যন ষ্টেডিয়ামত চলি থকা টেষ্টৰ দ্বিতীয় দিনটোত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ইংলেণ্ডৰ জ’ ৰুট হৈছে একমাত্ৰ বেটছমেন, যিয়ে চলিত বছৰত টেষ্ট ক্ৰিকেটত 1000 ৰাণ সম্পূৰ্ণ কৰিছে । পাঁচটা শতক আৰু চাৰিটা অৰ্ধশতকৰ সৈতে 59.31 গড়ে 14 খন টেষ্টত 1305 ৰাণ সংগ্ৰহৰে জ’ ৰুট আছে তালিকাৰ শীৰ্ষস্থানত । মুলতান ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডৰ প্ৰথম টেষ্টত ৰুটৰ সৰ্বোচ্চ স্ক'ৰ আছিল 262 ।

YASHASVI JAISWAL 1000 RUNS
যশস্বী জয়ছোৱাল (IANS PHOTO)

জয়ছোৱালে চলিত বছৰৰ নৱমখন টেষ্ট খেলি আছে । ক্ৰিকেটাৰগৰাকীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন, ইংলেণ্ডৰ বিৰুদ্ধে 5 খন আৰু বাংলাদেশৰ বিৰুদ্ধে দুখন মেচত অংশগ্ৰহণ কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে জয়ছোৱালে 9 টা ইনিংছত সংগ্ৰহ কৰিছে 712 ৰাণ, য’ত আছে 3 টা অৰ্ধশতক আৰু দুটা দ্বি-শতক । তদুপৰি তেওঁ এই বছৰত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে ।

ইয়াৰোপৰি, ৰুটে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ চাৰিটা ইনিংছত অৰ্জন কৰিছে 3 টা অৰ্ধশতক । অৱশ্যে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাটোত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ক্ৰিকেটাৰগৰাকী ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ৰুটে তিনিটা ইনিংছত সংগ্ৰহ কৰে মাত্ৰ 13, 35 আৰু 30 ৰাণ ।

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচতো উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই টীম ইণ্ডিয়াই । দলটোৰ হৈ কোনো এগৰাকী বেটছমেনে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: উৎকৃষ্ট প্ৰদৰ্শন স্বত্বেও পুনে টেষ্টৰ পৰা বাদ পৰিল নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.