স্পৰ্টছ ডেস্ক,২৬ ফেব্ৰুৱাৰী : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত দেওবাৰে ৱমেনছ প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) ২০২৪ৰ তৃতীয় খন খেল অনুষ্ঠিত হয় । খেলখনত গুজৰাট জায়েন্টছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটত জয়লাভ কৰে । মুম্বাই ইণ্ডিয়ানছৰ হৈ এমেলিয়া কেৰে ১৭ ৰাণত ৪ টা উইকেট আৰু বেটিঙেৰেও ৩১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগতে বলাৰ শ্ববনিম ইছমাইলৰ (৩-১৮) আকৰ্ষণীয় বলিঙৰ বাবে মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছক পৰাস্ত কৰিবলৈ সক্ষম হয় ।
টছত জয়ী হৈ প্ৰথমে বলিং কৰি মুম্বাই দলটোৱে প্ৰথম অভাৰতে সফলতা লাভ কৰে, শ্ববনিম ইছমাইলে অভিজ্ঞ বেদা কৃষ্ণমূৰ্তিক আৰম্ভণি অভাৰৰ চতুৰ্থ বলতে আউট কৰি পেভিলিয়নলৈ পঠিয়ায় । গুজৰাট জায়েন্টছ দলটোৱে এটাৰ পিচত এটা উইকেট হেৰুৱাই থাকিল । যাৰ বাবে ২০ অভাৰত মাত্ৰ ১২৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । গুজৰাটৰ হৈ তনুজা কানৱাৰে ২৮, কেথৰিন ব্ৰাইছে ২৫ নট আউট আৰু অধিনায়ক বেথ মুনিয়ে ২৪ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ বলাৰ কেৰে এশ্লে গাৰ্ডেনাৰৰ উইকেট লয় যিয়ে ১৯ ৰাণ সংগ্ৰহ কৰিছিল ।
ইফালে কম টাৰ্গেট সন্মুখত লৈ মুম্বাইৰ বেটছমেনসকলে খেলপথাৰত অৱতৰণ কৰে । ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অপৰাজিত ৪৬ আৰু কেৰৰ ২৫ বলৰ ৩১ ৰাণৰ সহযোগত মেচখনত বিজয়ী হয় । ইয়াৰ লগে লগে ৱমেনছ প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন মেচত জয়ী হৈ মুম্বাই দলটো সম্প্ৰতি শক্তিশালী স্থিতিত আছে ।
মুম্বাই ইণ্ডিয়ানছৰ বাবে এই খেলখন বেছি কঠিন নাছিল । অৱশ্যে, দলটো আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। অপেনাৰ য়াস্তিকা ভাটিয়া আৰু হেইলি মেথিউচ ২১ ৰাণতে আউট হৈছিল । ৮ অভাৰত দলটোৱে ৩ টা উইকেট হেৰুৱাই ৪৯ ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে হৰমনপ্ৰীত আৰু এমেলিয়া কেৰে চতুৰ্থ উইকেটৰ অংশীদাৰিত্বৰ বাবে ৬৬ ৰাণ সংগ্ৰহ কৰি দলটোক বিজয়ৰ দিশে লৈ যায় ।
লগতে পঢ়ক :মহিলা প্ৰিমিয়াৰ লীগত অভিলেখ শোভানা আশাৰ